জনজাতি সমাজৰ
অন্ধবিশ্বাস আৰু ডাইনী প্ৰথা
দয়ানন্দ দলে
দয়ানন্দ দলে
জনজাতি সমাজৰ অন্ধবিশ্বাস বিশেষকৈ ডাইনী প্রথা সম্পর্কে এই প্রবন্ধটোত আলোচনা কৰিবলৈ ওলাইছো। বর্তমান জনজাতি সমাজত শান্তি, শৃংখলা, সুখ সম্পদৰ অভাৱ আৰু অন্ধবিশ্বাসহে বিশেষভাৱে আগবাঢ়িব ধৰিছে। সমাজৰ বৰ্তমান পৰিস্থিতি আৰু নানা সমস্যাৱলীৰ সূত্ৰ বিচাৰি পোৱা যায়নেকি তাৰেই যথোপযুক্ত চেষ্টা কৰা হৈছে।
জনজাতি সমাজৰ অন্ধবিশ্বাস আৰু ডাইনী প্রথা সম্পর্কে আলোচনা কৰিবলৈ হলে প্রথমে বিবেচনা কৰিব লাগিব সমাজ কি ? প্রকৃততে অন্ধবিশ্বাসনো কি ? ডাইনী নো কি? এই বিষয়ে অনুধাৱন কৰিবলৈ হ'লে তলত উল্লেখ কৰাৰ নাৰে কৰিব পাৰি।
সৃষ্টিৰ শ্ৰেষ্ঠ জীৱ মানুহেই। এই সৃষ্টিত মানুহেই একছত্রীভাৱে প্রভাৱ বিস্তাৰ কৰি আহিছে। মানুহৰ সমাজ অতি আপোন, অতি মৰম আৰু অতি চেনেহৰ। সমাজক বাদ দি মানুহ জীয়াই থাকিব নোৱাৰে। সমাজক বাদ দিলে মানুহৰ জীৱন অচল হৈ পৰে। এই 'সমাজ' শব্দৰ ধাতুগত অর্থ হৈছে সম+অজ ধাতু। সম মানে সম্যকভারে, অজ মানে গামন কৰা বা যোৱা অর্থাৎ সম্যকভারে যোরা। সমাজ হৈছে- "Inter interested body of people who are held together by Ideal Centric love and mutual activ service." Sri - Sri Thakur
ব্যক্তি লৈয়ে সমষ্টি, সমষ্টি লৈয়ে সমাজ, সমাজ লৈয়ে জাতি, জাতি লৈয়ে দেশ, দেশ লৈয়ে ৰাষ্ট্র। ব্যক্তিৰ দ্বাৰা সমাজ গড়া যায়। কিন্তু সমাজ দ্বাৰা ব্যক্তি গড়া নাযায়। ব্যক্তিৰ উন্নতি অধোন্নতিৰ ওপৰত সমাজৰ উন্নতি আধোন্নতি। ব্যক্তি সুন্দৰ হলেহে সুন্দৰ সমাজ আৰু জাতি গঢ়ি উঠিব। মানুহে গঢ়িছে সমাজ, সৃষ্টি কৰিছে জাতি সমাজত ভাল মানুহ থাকিলে সমাজৰেই মঙ্গল আৰু সমাজত বেয়া মানুহ থাকিলে সমাজৰেই ক্ষতি। ব্যক্তি আৰু সমাজ উভয়ে উভয়ৰ ওপৰত নিৰ্ভবশীল। এখন সুস্থ সবল সমাজ গঢ়ি তোলাত প্রত্যেক ব্যক্তিৰেই এটা মহান দায়িত্ব আৰু কৰ্তব্য আছে।
অন্ধবিশ্বাস-
শব্দৰ অভিধানি অর্থ হৈছে কনাৰ দৰে, অৰ্থাৎ বিবেচনা নকৰাকৈ কৰা বিশ্বাস। কোনো যুক্তিসিদ্ধ আৰু বৈজ্ঞানিক ভিত্তি নথকা বিশ্বাস। বিবেচনা শূন্য, জ্ঞানান্ধ। অন্ধবিশ্বাসে ধর্মকো অধর্ম বোলে। ডাইনী শব্দৰ অৰ্থ হৈছে পিশাচ, বদমাচ লোক-A very wicked person. ভূতৰ স্বভাৱ লগা তিৰোতা, মায়াবিনী। 'জনজাতি-ট্রাইবেল- মানে হীন নহয়। ট্রাইব ইংৰাজী শব্দ। ট্রাইব মানে-জাতি বা শ্ৰেণী। পিচপৰা জাতিসমূহ বা শ্রেণীসমূহক একেলগ কৰি বিশেষণ কৰিলে ট্রাইবেল হয়। জনৰ পৰা জাতি। গতিকে এটা জাতিৰ প্ৰত্যেক জনৰ প্ৰথমে জাতীয় চেতনা থাকিব লাগিব। চেতনা অবিহনে জাতিৰ উন্নতি আশা কৰা মিছা। ইয়াৰ পাছত প্রয়োজন সামাজিক সচেতনতা। সামাজিক সচেতনতা নাথাকিলে সমাজ ব্যৱস্থাও ঠিক পথত যাব নোৱাৰে। এই বিশ্লেণৰ পৰা দেখা যায় যে তুলনামূলকভাৱে জনজাতি সমাজ পিছ পৰি আছে।
বর্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞান মানে বিশেষ জ্ঞান। বিজ্ঞান হৈছে বাস্তৱ জ্ঞান। বিজ্ঞান মানে নাজানি নাজানি জীয়াই থকাতকৈ জানি জানি জীয়াই থকাকে বিজ্ঞান বোলা হয়। বিজ্ঞানৰ প্ৰগতিয়ে বহুতো নজনা কথাৰ ৰহস্যৰ ভেদ ভাঙি বহুতো অসম্ভৱক সন্তম্ভৱ কৰি তুলিছে। এনে বিজ্ঞানৰ চৰম বিকাশৰ যুগত জনজাতি সমাজত অন্ধবিশ্বাস আৰু ডাইনী প্রথাই সমাজখনক অক্টোপাচৰ দৰে আগুৰিব ধৰিছে। বর্তমান জনজাতি সমাজৰ অন্ধবিশ্বাস আৰু ডাইনী প্রথা এটা বৰ স্পৰ্শকাতৰ বিষয়। অন্ধবিশ্বাস সমাজৰ বৰ বিহ। It is opium of the people.
অন্ধবিশ্বাসৰ ফলত সমাজৰ বহু লোক মৃত্যুক সাৱতিব লগা হৈছে। ই জাতিৰ বাবে অতি লজ্জাজনক কথা। সমাজৰ অন্ধবিশ্বাস আৰু ডাইনী প্ৰথাৰ নামত হোৱা ব্যভিচাৰ আৰু অত্যাচাৰৰ অভিজ্ঞতায়ো কিছুলোকৰ মনত এক বিৰাগ আৰু অনীহাৰ ভাৱো সৃষ্টি নকৰাকৈ থকা নাই। এই কুসংস্কাৰ অন্ধবিশ্বাস আৰু ডাইনী প্রথাই সমাজখনক আগবঢ়াত বাধা সৃষ্টি কৰিছে। আমাৰ সমাজ একেবাৰে পচি গৈছে। অন্ধবিশ্বাসে সমাজৰ বান্ধ ভাঙি দিছে। ব্যক্তিজীৱনৰ পৰা আৰম্ভ কৰি সমাজ যেন এক অচলা অৱস্থাৰ সৃষ্টি হৈছে আৰু উপস্থিত হৈছে মহা সংকটকাল। মানুহ আজি নানা সমস্যাত জৰ্জৰিত, বিধ্বস্ত, ক্ষত-বিক্ষত আৰু বিভ্রান্তিৰ চৰম পৰিণতিত ভুগিছে। সমাজৰ বুকুত দেখা দিছে মতভেদ, দলাদলি, বিশৃংখল, অনাচাৰ, ব্যভিচাৰ, অত্যাচাৰ, অশান্তি আৰু উৎপীড়ন। গণজীৱনত আজি দেখা দিছে সুখৰ পৰিৱৰ্তে এক চুৰান্ত আতংক।
বর্তমান গোটেই সমাজৰ আকাশে-বতাহে অন্ধবিশ্বাস আৰু ডাইনী প্রথাই আর্ত মানুহৰ মাজত হাহাকাৰ আৰু কান্দোনৰ ধ্বনি প্রতিধ্বনি হৈছে। ঘৰে ঘৰে আজি অশান্তিৰ জুই জ্বলি মানুহক পুৰি জৰ্জৰিত কৰি পেলাইছে। বাতৰি কাকত, টি.ভি. ৰেডিঅ' আদিৰ মাধ্যমেদি প্রতিদিনে অপ্রীতিকৰ ঘটনা, কিমান মাৰপিট, খুন আদিৰ খবৰ ওলাইছে। হিংসা- প্রতিহিংসাৰ বিষত সমাজ বিষাক্ত হৈ পৰিছে। অন্ধবিশ্বাসে আমাৰ সমাজত এক বৈষম্যৰ ভয়াৱহ ৰূপে দেখা দিছে। সমাজৰ পৰিৱেশ বিষাক্ত হৈছে আৰু ফলস্বৰূপে সমাজত স্নেহ শ্রদ্ধাহীন, বিশৃংখল পৰিস্থিতি সৃষ্টি হৈছে। আজিৰ অন্ধবিশ্বাসৰ পাৰিপার্শ্বিকতাই গাওঁবাসীৰ জীৱন, জাতীয় জীৱনক বিছিন্ন কৰি তুলিছে। মানুহৰ মাজত ভাতৃবোধ, ঐক্য, সংহতি নষ্ট হৈছে। সমাজ তিলতিলকৈ অন্ধবিশ্বাসৰ জুইত দগ্ধ হৈ এচামে মৃত্যুক সারটি লব লগা হৈছে। ইয়াৰ বাবে আমি সকলোরেই দায়ী। জনজাতীয় সমাজত বিশ্বাস আৰু ডাইনী প্রথাত মানুহৰ মূল্যবোধ চৰম বিপর্যয়। অন্ধবিশ্বাসৰ টনা আজোৰাত মানুহ আজি বিভ্রান্ত আৰু দিশাহাৰা হৈছে।
আজি দ্রুতগতিত জনজাতিসকলৰ সমাজৰ পিচত অন্ধবিশ্বাসৰ সমস্যা সৃষ্টি হৈছে। অন্ধবিশ্বাসেৰে ভূত-পিশাচৰ পূজা চলিছে। যাৰ ফলত কিছু গাওঁ ধ্বংসৰ পথত আগুৱাই চলিছে। এই অন্ধবিশ্বাস আৰু ডাইনী প্ৰথাৰ বিভীষিকা দেখি সমাজৰ সমাজবাদী লোকৰ চিতাম্বিত হৈ পৰিছে। সমাজ খন বচাবলৈ সঠিক পথ দিব লাগিব। আজি বিবর্তমান গতিশীল জগতত জনজাতীয় সমাজখন অদৃশ্য ৰাজ্যত প্রবৃত্তি আৰু ব্যতিক্রম চলনত গৈ গৈ কি কৰিবলৈ, কলৈ গৈছে, কি হবলৈ গৈছে আৰু কি পাব একো ঠাৱৰ কৰিব নোৱাৰাকৈ জীৱনটো অসম্পূর্ণ অৱস্থাত অদৃশ্যৰ হাতত এৰি দিব লাগিব।
আদিম যুগত মানুহে জন্তুলৈ ভয় কৰিছিল আৰু নিৰাপদে থাকিবলৈ সমাজ পাতি লৈছিল। কিন্তু আজিৰ যুগত মানুহে মানুহলৈ বেছি ভয় কৰিবলগীয়া হৈছে। আজিৰ যুগত মানুহেই মানুহৰ প্ৰধান শত্ৰু। সমাজ দিনক দিনে বিশৃংখল গতিত যাব ধৰিছে। পূৰ্বৰ সেই সমাজ ব্যৱস্থা ছিন্ন-বিচ্ছিন্ন হৈ যাব ধৰিছে। মানুহ আজি অস্থিৰ। প্ৰবৃত্তিৰ পথত চয়তানৰ ৰাজত্ব আৰু নিবৃত্তিৰ পথত ঈশ্বৰ প্রাপ্তি। বেশনধাৰী দলৰ ষড়ষন্ত্ৰৰ কবলত পৰি এক শ্রেণী মানুহ আজি বিপদগ্রন্থ। ধৰ্মৰ নামত চলিছে অন্যায়-ত্যাচাৰ। চয়ন্ত ভগৱান, কৃষ্ণ, নাৰায়ণ, ব্রহ্মা, লক্ষ্মী আদিৰ ছত্ৰছায়াত সৰ্বসাধাৰণ ৰাইজ নিচিন্তমনে বসবাস কৰিব পৰা নাই। আজি সুন্দৰ সমাজ ব্যৱস্থাৰ বুকুত আঘাত আহি পৰিছে। সমাজত দুজনৰ অবাধ ৰাজত্ব চলিছে আৰু ক্রমে ক্রমে গৈ গোটেই সমাজ খনকে ৰাহুৱে প্ৰাস কৰাৰ নিচিনাকৈ গ্ৰাস কৰি পেলাইছে। অন্ধবিশ্বাসৰ মায়াজালৰ পিঞ্জৰাত আৱদ্ধ হৈ কিছুলোক দিশাহাৰা হৈছে। বর্তমান সময়ত সমাজত এই অন্ধবিশ্বাসৰ চৰিত্ৰটোৱে স্পষ্ট হৈ পৰিছে। ভগৱানৰূপী স্বাৰ্থপৰ আৰু অসৎ চৰিত্ৰৰ লোকসকলে কিছুলোকৰ সৰলতাৰ সুযোগ লৈ ক্রমে ক্রমে অন্ধবিশ্বাস আৰু ডাইনী প্ৰথাৰ আধিপত্য বিস্তাৰ কৰিছে। আজি আমি নিজকে শিক্ষিত বুলি কবলৈ ওলাইছো যদিও আমাৰ সমাজ জীৱনত অশিক্ষিতৰ কৰ্ম-কাগুহে বেছি বৃদ্ধি পাব ধৰিছে। বৈজ্ঞানিক দৃষ্টিভংগীৰে সবল হোৱাৰ বিপৰীতে তন্ত্র মন্ত্ৰ আদিৰ দৰে ভিত্তিহীন ধাৰণাবোৰেহে আমাৰ সমাজত গা কৰি উঠিছে। ডাইনীৰ সন্দেহত অত্যাচাৰ, নহত্যাৰ নিচিনা ঘটনা চলিব ধৰিছে। ইয়াৰ মূল কাৰণ হ'ল-অন্ধবিশ্বাস। বিভিন্ন ধৰণৰ ধাৰণাবোৰে আকৌ জন্ম দিছে অন্ধবিশ্বাসৰ। এনেকুৱা কিছুমান ধাৰণাই কিছুলোকৰ মনবোৰক অতিকৈ দুর্বল কৰি দিয়ে। যাৰ ফলত তন্ত্র-মন্ত্ৰৰ দৰে ভিত্তিহীন ধাৰণাত হৈ পৰে অন্ধবিশ্বাসী। কোনোবা এজন তান্ত্রিক, বেজ, বাবা, দেওধনী আদিয়ে কোৱা কথাবোৰক বিশ্বাস কৰিবলৈ লয়। তেওঁলোকৰ কথাবোৰ বেদৰ বাণী হ'ব নোৱাৰে। অন্ধবিশ্বাসৰ কোনো ভিত্তি নাই। অন্ধবিশ্বাসৰ ফলত সমাজত ব্যাপক হাৰত অঘটন হব ধৰিছে। গতিকে বর্তমানে এই ভয়াবহ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ প্রয়োজন সমাজ ভাতৃত্বৰ। এই সমাজ ভাতৃত্বৰ পৰা সূচনা হ'ব জাতিৰ শান্তি। মানুহেই জীরশ্রেষ্ঠ। বর্তমান সময়ত ধৰ্মৰ পথৰ পৰা আতৰি অহা বাবেই নানা দুর্নীতি ভ্রষ্টাচাৰত লিপ্ত হোৱা দেখা গৈছে। জাতিৰ, সমাজৰ মেৰুগুম্বৰূপ যুৱ সমাজৰ নৈতিক স্খলন তথা অধপতনৰ কথা সকলোরে নিতৌ দেখি শুনি আছে। শাস্ত্ৰৰ বাক্য নেওচা দি দিনক দিনে এক অন্ধকাৰ ভৱিষ্যতলৈ ঘুর-সমাজ গতি কৰিছে। ইয়াৰ ফলস্বৰূপে আমাৰ ভৱিষ্যত সমাজলৈ কি যে এক ভয়াবহ অৱস্থা আহি পৰিব ভাবিলেও অন্তৰ কঁপি উঠে। সমাজক কল্যাণকামী নেতাসকলে যদি প্ৰকৃততে সমাজৰ বুকুত শাস্তি স্থাপন কৰিব খোজে তেতিয়া হ'লে তেওঁলোকে ধর্মীয় চলনত চলিব লাগিব। সমাজৰ অন্ধবিশ্বাস আৰু ডাইনী প্ৰথা দূৰ কৰি শান্তি স্থাপন কৰিব লাগিব। সমাজত শান্তি স্থাপন কৰিব বিচাৰিলে মানর ধর্মই একমাত্র পথ। যাক আশ্ৰয় কৰি চলিলে অন্ধবিশ্বাসৰ শংকা নাথাকে। ইয়াৰ অন্যথাই নিতৌ নতুন আইন বলবৎ কৰি কেৱল ভাষণৰ দ্বাৰাই সমাজলৈ শান্তি-শৃঙ্খলা আহিব নোৱাৰে। বিজ্ঞানৰ চৰম উন্নতিৰ দিনটো আজি জনজাতি সমাজ অন্ধবিশ্বাস আৰু ডাইনী প্ৰথাৰ বিষাক্ত পৰিৱেশৰ চাপত পৰি আছে। আজি জনজাতি সমাজ বিশৃংখল গতিত যাব ধৰিছে। পূৰ্ব্বৰ সেই সমাজ ব্যৱস্থা ছিন্ন-ভিন্ন হ'ব ধৰিছে। সমাজৰ যিকোনো ঠাইত ঘুণে ধৰিলে গোটেই সমাজখনেই বিপদত পৰিব পাৰে৷ জনজাতি সমাজৰ এই অন্ধবিশ্বাস আৰু ডাইনী প্ৰথাৰ ভয়াবহ অৱস্থাৰ পৰা সমাজ আৰু জাতিক উদাৰ কৰিবলৈ চিন্তাশীল ব্যক্তি তথা জাতীয় সংগঠনসমূহৰ দায়িত্ব আৰু কৰ্তব্য। বর্তমান সমস্যাসঙ্কুল অন্ধবিশ্বাস আৰু ডাইনী হত্যাই গোটেই সমাজখনক কলুষিত কৰিছে। জনজাতি সমাজত এই অন্ধবিশ্বাসৰ বিপৰীতে বিশেষ কোনো বাৱস্থা লোৱা হোৱা নাই। অৱশ্যে বিশেষকৈ ঘটনা হোৱা অঞ্চলত কোনো সচেতন সংগঠন, শিক্ষিত ব্যক্তিয়ে অন্ধবিশ্বাসৰ ফলত হোৱা ডাইনী হত্যাৰ প্ৰতিবাদ কৰা দেখা যায়। আজিৰ নপুৰুষ যুৱচামেই ভৱিষ্যতৰ পৰিচালক, সমাজ আৰু জাতিৰ সংগঠক। আমাৰ সমাজৰ অন্ধবিশ্বাস আৰু ডাইনী হত্যা আঁতৰ কৰিব লাগিব সমাজৰ শিক্ষিতচাম আৰু সংগঠনসমূহে। জনজাতি সমাজৰ অন্ধবিশ্বাস আৰু ডাইনী প্ৰথাৰ বিত্তিহীন মানসিকতা নাইকীয়া কৰাৰ সময় আহি পৰিছে। সচেতন নাগৰিক, শিক্ষিতলোক, বুদ্ধিজীবী সকল, বিভিন্ন জাতীয় সংগঠন আৰু যুৱচামে নিজা কায্যপন্থা লব লাগিব। আমাৰ সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰাই সমাজত প্রকৃত বিশ্বাস, সংস্কাৰমুখী চিন্তা আৰু ভাবৰ ঠাই দিব লাগিব। আদর্শক সন্মুখত ৰাখি প্রতি প্রত্যেকে আজি আগবাঢ়ি আহিব লাগিব জ্ঞানত, ধর্মত, শিক্ষাত আৰু সংস্কৃতিত। তেতিয়াহে সার্থক হ'ব জনজাতিসকলৰ প্ৰগতি, সার্থক হব জনজাতিসকলৰ উন্নতি, সার্থক হ'ব জনজাতিৰ সকলো অভিযান। ধন্য হ'ব আমাৰ সমাজ আৰু জাতি। আমাৰ অনুৰোধ এই অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু ডাইনী প্ৰথা সমূহ সমাজৰ পৰা নিকাশ হব লাগে তেতিয়াহে আমাৰ সমাজখন এক নতুন সূৰুষৰ সৃষ্টি হ'ব।