পোন-প্ৰথমে পবিত্ৰ লৃগাং লৃঃলেনৰ দিনা ভূমিষ্ঠ হোৱা "জাৰচাং" আলোচনীখনৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাৰ শুভাকাংক্ষী সকলোকে যাচিছোঁ অলেখ শুভকামনা। যিকোনো জাতি-জনগোষ্ঠীৰ জাতিসত্বাৰ মূল উপাদান হৈছে ভাষা-সাহিত্য সংস্কৃতি। সাহিত্য-সংস্কৃতিৰ মাজেদিহে এটা জাতি, এখন সমাজ জীৱন্ত হৈ থাকে। এইক্ষেত্ৰত আমাৰ কৰণীয় হ'ব বিভিন্ন দৃষ্টিৰে সাহিত্য-সংস্কৃতিৰ ঐতিহ্য অন্বেষণ কৰা, জনগোষ্ঠীটো প্ৰতিষ্ঠাৰ চেষ্টা কৰা। সেই উদ্দেশ্য আগত ৰাখিয়েই নিত্য-নতুন ন ন সৃষ্টিৰে উপচি পৰা মিচিং সমাজ-সংস্কৃতিক প্ৰতিষ্ঠা কৰিবলৈ, উপস্থাপন কৰিবলৈ গুণগত লিখনিসমূহক প্ৰচাৰ-প্ৰকাশ আৰু সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তাত পোনপ্ৰথমবাৰৰ বাবে "জাৰচাং" আলোচনীখন প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আমি কিমানদূৰ সফল হ'ব পাৰিছো সেইয়া নিৰ্ণয় কৰিব অনাগত সময়ত আপোনালোকৰ পৰা পোৱা সঁহাৰি আৰু প্ৰেৰণাই। বৰ্তমান সময়ত মিচিং ই-আলোচনীৰ সংখ্যা তেনেই সীমিত আৰু বিভিন্ন সময়ত প্ৰকাশ পোৱা কেইবাখনো ই-আলোচনীও বিভিন্ন কাৰণবশত বন্ধ হৈ গৈছে। সঁচাকৈয়ে আলোচনী এখন চলাই নিবলৈ অসম্ভৱ নহ'লেও কিন্তু যথেষ্ট কষ্টকৰ বুলিব পাৰি। এয়া আমাৰ ব্যক্তিগত অভিজ্ঞতায়ো দাবী কৰিছে। তথাপি বিভিন্ন কষ্ট-পৰিশ্ৰমৰ মাজেদি হ'লেও আলোচনীখনক সাকাৰ ৰূপ দিয়াত সহায় কৰা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, গৱেষক দাদা, মোৰ বন্ধুবৰ সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। লগতে প্ৰতিযোগিতা আৰু ব্যৱসায়িক যুগটোত ই-আলোচনী এখন জীয়াই ৰাখিবলৈ প্ৰয়োজন নিঃস্বাৰ্থ সেৱা আৰু নিষ্ঠাৰ। ইয়াৰ সমান্তৰালকৈ প্ৰয়োজন হ'ব লেখক-লেখিকা সকলৰ সহানুভূতি আৰু সঁহাৰি। এই আপাহতে এই আলোচনীখনলৈ লেখা দি আমাক কৃতাৰ্থ কৰা সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰছোঁ। "জাৰচাং"ৰ এই প্ৰথম খোজত যদি কিবা আসোঁৱাহ তথা ভুল-ত্ৰুতি ৰৈ গৈছে তেন্তে আপোনালোকলৈ অনুৰোধ যাতে ভুল-ত্ৰুতিসমূহ আমাক আঙুলিয়াই অৱগত কৰি দিয়ে যেন।
আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য ।
আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……..।