মিচিং জনগোষ্ঠী উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা জনগোষ্ঠীসকলৰ ভিতৰত অন্যতম জনগোষ্ঠী । অসমৰ জনজাতীয় ভাষাসমূহ বৃহৎ চীন-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। এই ভাষা পৰিয়ালটো দুটা ভাগত বিভক্ত— তিব্বত-বৰ্মী আৰু থাইচীন শাখা । মংগোলীয় গোষ্ঠীৰ তিব্বতবর্মী মূল শাখাৰ অন্তৰ্গত স্বকীয় সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ । মিচিংসকল সংখ্যাৰ ফালৰ পৰা অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী । ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলক ভৈয়ামৰ জনজাতি হিচাপে 'মিৰি' নামেৰে চিহ্নিত কৰিছে । পূর্বতে মিচিংসকল 'মিৰি' বুলিহে পৰিচিত আছিল। মিচিং ভাষাত 'মি' মানে মানুহ, 'য়াচিং' মানে বগা বা ভাল। সেই বিচাৰত মিচিং মানে হ'ল 'ভাল বা বগা মানুহ' ।
মিচিংসকলৰ লোকখাদ্য বা পৰম্পৰাগত খাদ্য সম্ভাৰ অতি চহকী আৰু বৈচিত্র্যপূর্ণ। অতি প্রাচীন কালৰে পৰা পৰ্বত-পাহাৰ, নদ-নদী আদিৰ হাবিময় প্রাকৃতিক পৰিৱেশত বসবাস কৰা কৃষিজীৱী আৰু চিকাৰজীৱী মিচিংসকল প্রধানকৈ আমিষভোজী ।উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা মিচিং জনজাতিৰ খাদ্য সম্ভাৰ মূলত স্থানীয়ভাৱে উপলব্ধ উপাদান আৰু পৰম্পৰাগত খাদ্য প্ৰণালীৰ ওপৰত নিৰ্ভৰশীল । তেওঁলোকৰ খাদ্য অভ্যাস প্ৰাকৃতিক, পুষ্টিকৰ, আৰু সহজ প্ৰস্তুত প্ৰণালীৰ ওপৰত আধাৰিত । তেওঁলোকৰ খাদ্য প্ৰণালীত বহুবোৰ লোক-ঔষধি খাদ্য পোৱা যায় ।
মিচিংসকলৰ পৰম্পৰাগত খাদ্যৰ ভিতৰত পানীয় অন্যতম । সেই বিশেষ পানীয় বিধ হৈছে আপং । ই একপ্ৰকাৰ নিচাজাতীয় আৰু ঔষধি গুণযুক্ত পানীয় দ্রব্য। আপঙৰ উপৰি মিচিংসকলৰ বহুতো পৰম্পৰাগত খাদ্য পোৱা যায় । তেওঁলোকৰ খাদ্যসম্ভাৰত বহুধৰণৰ বনৰীয়া গছ-গছনিৰ পাত ব্যৱহাৰ হয়। তেনে কিছুমান শাক-পাচলি হৈছে- কুকঃপিয়াং (ডিমৰু প্ৰজাতিৰে আকাৰত ডিমৰুতকৈ ডাঙৰ এবিধ গছ), য়ৰীদ (টিকনি বৰুৱা), তাকঃকীৰ (উৰিয়াম), দীৰমি, পাঃদাম, ৰীঃকম, অকলবিৰিগ, চৰমন অয়িং, বুংকি ৰীপুগ (ভেদাইলতা), অগীন অয়িং, পীআগ চীচাং, নীকুং (নলটেঙা), তাজীক (ডিমৰু পাত), অকাং (ঢেঁকীয়া), পাঃচুম, বুংকুং, গুৰ্বান, মীবনী কঃতুং, চিংগালি (শিমলু পাতৰ দৰে পাতযুক্ত এবিধ গছ), তাঃকুক (ডিমৰুৰ প্ৰজাতিৰ এবিধ গছৰ পাত), পাক্কম (নেফাফু), অমবে (মেচাকি), পাঃতাং অয়িং (মাটিকাঁদুৰি), গেঞাগ (খুতৰা), তাপেঃতানে (জিলমিল), আগয়ুব (টেঙেচি), মাচৰ অয়িং, মাচাং (মালকাঠি), চিঃমাং (বোৱাল), চম্পা (ঔ-টেঙা), আলি (কাঠ আলু), কুম্বাং অয়িং, লুঃনু, লীঃতি অয়িং, য়েপ্তাব, য়ীকতুম, অতি অয়িং, জেয়িং (বেতগাজ), ৰুকজি (বিহলঙনি), আদি। ইয়াৰ ওপৰি বিভিন্ন বনৰীয়া শাক পাত যেনে- তাজীক (ডিমক পাত), কণ বিলাহী, অম্বে (মেচাকি পাত), কেৰেলা পাত, য়ৰীদ, চেংমৰা, নগাপাণ, তাপিয়াং, নীকুং, দীৰমি, অক্ৰবিলুং, গুব্বান, তাবুং নীচুৰ, আদি সংগ্ৰহ কৰি পাতত দি মাছ-মাংস নিদিয়াকৈয়ো তেওঁলোকে পৰিৱেশন কৰে। এনে বনৰীয়া শাকবোৰৰ তেনে কোনো নির্দিষ্ট ব্যঞ্জন নাই।
মিচিংসকলে বিভিন্নধৰণৰ খাদ্যসম্ভাৰত বনৰীয়া গছ-লতিকাৰ পাত, শাক-পাচলিবোৰ আদি খোৱাৰ লগতে সেইসমূহ তেওঁলোকে লোক-ঔষধ হিচাপেও ব্যৱহাৰ কৰি আহিছে । তাৰ ভিতৰত কিছুমান উল্লেখ কৰা হৈছে -
পাক্কম (নেফাফু) : উচ্চ বক্তচাপত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
গেঃয়াগ (খুতৰা শাক) : খুতৰা শাকৰ শিপা নিউমুনিয়া ৰোগত আৰু খুতৰা শাক মূত্রাঘাত ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
নগাপান : যিকোনো চর্মবোগত ব্যৱহাৰ কৰা হয়।
জিজা লপাং : গাৰ বিষ, নিউমুনিয়া আদি ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
অম্বে (মেচাকি পাত) : পেটৰ বোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
য়ৰীদ (টিকনি বৰুৱা) : কর্কট, জণ্ডিজ, পেটৰ বোগ আদিত ব্যৱহাৰ কৰা হয়।
ৰুকজি (বিহলঙনি) : গাৰ বিষ কমাবলৈ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
পিপলি : গাৰ বিষ, অতিসাৰ, প্লীহা, বায়ুৰোগ, ভগন্দৰ, যকৃত, হেঁকেতি, এন্দুৰীয়া, একাঙ্গী, দাঁত বিষ
পচতীয়া : দুষ্ট বর্ণ, বেচু আদি ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
পাতাক অয়িং(টুবুকীলতা) : কৃমি, গ্রহণী, প্রসব বেদনা, মূত্রকৃচ্ছ আদি ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
মাৰচাং (মালকাঠী) : গাৰ বিষৰ ৰোগ হিচাপে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
মছদৰি (মুছন্দৰি) : পেটৰ ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
মিচিংসকলৰ পৰম্পৰাগত জীৱনশৈলীত লোক-ঔষধ উল্লেখিত নামমাত্ৰহে । ইয়াৰ ওপৰি বহুতো লোক-ঔষধ মিচিং সমাজত পোৱা যায় । উল্লেখিত যে ডাঃ জৱাহৰজ্যোতি কুলিয়ে তেখেতৰ "মিচিং সংস্কৃতি" শীর্ষক গ্রন্থত উল্লেখ কৰা অনুসৰি নামচিং খালে মেলেৰীয়া ৰোগ প্ৰতিৰোধ হয় বুলি মিচিংসকলৰ মাজত কথিত আছে। এই কথাৰ বৈজ্ঞানিক ভিত্তিও নুই কৰিব নোৱাৰি। কিয়নো তেওঁলোকে পূৰ্বতে পাহাৰত বসতি কৰিছিল। পাহাৰীয়া ঠাইত সাধাৰণতে মেলেৰীয়াৰ প্রকোপ বেছি। এতিয়াও পাহাৰত বাস কৰা লোকসকলে শুকান মাছ ব্যৱহাৰ কৰাটো মনকৰিবলগীয়া। ইয়াৰ উপৰি নামচিঙত প্ৰ'টিন, খাদ্যপ্রাণ তথা কেলছিয়াম আদি পদাৰ্থবোৰ ঘনীভূত ৰূপত পোৱা যায় ।
লোক-ঔষধ সমূহে মিচিং সকলৰ জনজাতীয় জীৱনশৈলীত বিশেষ তাৎপৰ্য বহন কৰে । তেওঁলোকৰ এই লোক-ঔষধবোৰে বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে আৰু আৰোগ্য লাভ কৰাৰো প্ৰমাণ পোৱা দেখা যায় । শিক্ষাৰ সম্প্ৰসাৰণৰ লগে লগে বৈজ্ঞানিক দৃষ্টিভংগীৰে লোক-ঔষধসমূহ পৰ্যবেক্ষণ কৰি তাৰ বৈজ্ঞানিক মান, গুণাগুণ, গুৰুত্ব অধ্যয়নৰ যথেষ্ট অৱকাশ আছে। উল্লেখযোগ্য যে বৈজ্ঞানিক ভিত্তিও মিচিংসকলৰ পৰম্পৰাগত জীৱনশৈলীত লোক-ঔষধসমূহক নুই কৰিব নোৱাৰে ।
সহায়ক গ্ৰন্থপঞ্জী:
তামুলী, যোগেন,অমূল্য কুমাৰ হাজৰিকা (সম্পা.) : অসমৰ লোক-ঔষধ আৰু লোক-খাদ্য, বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰকাশন কোষ প্ৰথম প্ৰকাশ-২৯ জুন,২০১৭
দাস, অংশুমান : অসমৰ জনগোষ্ঠীয় লোকখাদ্য, আঁক-বাঁক, প্ৰথম প্ৰকাশ- ছেপ্তেম্বৰ ২০১২