আবুতানি পূব পুৰুষ হিচাবে চিনাকি আনি গোষ্ঠীৰ নিজস্ব কায়দাৰে বিভিন্ন পূজা পাৰ্বণ কৰা নিয়ম পোৱা যায় । সামাজিক ভিত্তিত সাম্প্ৰদায়িক ভিত্তিত আৰু পৰিয়াল ভিত্তিত বিভিন্ন উৎসৱ পাৰ্বন যেনেকৈ পূজা পোৱা যায় তেনেকৈ পূজা পাৰ্বণ কৰা হয় । ধৰ্মীয় সম্প্ৰদায় হিচাবে বিশ্লেষণ কৰি চোৱা হয় তেনে মিচিং সমাজ প্ৰকৃতিবাদী। প্ৰকৃতিবাদী মিচিং সমাজ বতমান সংস্কাৰমুখী চিন্তা দশনেৰে সম্প্ৰতি সময়ৰ লগত খোজ মিলাই ধৰ্মীয় সম্প্ৰদায়ত দীক্ষিত হৈছে যদিও প্ৰকৃতিবাদী প্ৰকৃত স্বৰূপ ত্যাগ কৰিব পৰা নাই। আধুনিক সংস্কাৰত হিন্দু ৰীতি নীতিৰে শৰণ ভজন লোৱা হৈছে আন কিছুমান খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছে ।দীক্ষা লোৱা নীতি নিয়ম কৰিলেও পূব পুৰুষ সকলৰ পৰা বাগৰি অহা যেনে উৎসৱ যেনে কৃষি ভিত্তি আলি লৃগাং মাংগলিক ৰীতিৰে উৎযাপন কৰা পোৱা যায় ।কৃষিকৰ্মৰ শস্য শ্যামলা কৰিবলৈ দবুৰ পুজা কৰে । কোনোবা গাওঁৰ বা পৰিয়ালৰ অপায় অমঙ্গল দূৰ কৰিবলৈ দবুৰ পূজা কৰা হয়। আধুনিকতাৰ বন্ধনে পৰম্পৰাৰ বিচ্ছেদ আনিব পৰা নাই।.গাওঁৰ মংগলৰ বাবে কৰা পূজা যিমান আছে পৰিয়াল কেন্দ্ৰীক সকামো কৰা দেখা যায়। পৰিয়াল কেন্দ্ৰীক বাবে সকামত সবাতোকৈ চচিত আৰু ব্যয় বহুল হল গিয়াতি সকাম।
গিয়াতি সকাম কৰাৰ তাৎপয হল পূব পুৰুষ সকল শূন্যত ভ্ৰমি থাকে অদৃশ্যমান হয়।লোকবিশ্বাস মতে ভূমি পাচ ভাগত আছে ট্ৰয়ু আমং (দেৱ ভূমি) য়িপং আমং (অল্প ভূমি) তায়ং আমং (স্বগ বা উচ্চ ভূমি) আঞিং আমং(অলৌকিক ভূমি) দেক আমং (বসবাস স্থল ভূমি) বিচৰণ কৰি থাকে । বিচৰণ স্থলৰ পৰা অধীৰ অপেক্ষাত ৰৈ চাই আজু নাতিসকল ভোক ভাত দিলে পেটৰ ভোক মিৰিব বুলি আশা কৰে। পূব পুৰুষ মৃত আত্মাক ভোক পুৰণ কৰিবলৈ পৰিয়ালৰ লোক সকল পুজা আগবঢ়াই । তাকে কোৱা হয় দবুৰ ওৰম । দবুৰ ওৰম পাতোতে পৰিয়ালৰ সদস্যৰ মাজত আবদ্ধ হয় । পূব পুৰুষ সকলো তায়ং আমং স্বগ ভূমি সুউচ্চ ভূমিত বিভিন্ন সমাজ পাতি থাকে বুলি বিশ্বাস কৰে। অদৃশ্য সমাজক তুষ্ট কৰি নিদিলে বিমুখ হয় বুলি পৰিয়ালৰ সকলো দিশৰ পৰা সম্পৰ্ক থকা পাও। গিয়াতি সমাজ নিয়ন্ত্ৰণ কৰা হয় ।সেই বাবে কোৱা হয় দবুদ বোৰতা গিয়াতি সকাম। অথাৎ পূব পুৰুষ পাচ খন ভূমি সমাজ পাতি খাই আছে। পূব পুৰুষক সোৱৰণ কৰা অনুষ্ঠান।
গিয়াতি সকামৰ পদ্ধতি এনেধৰনৰ প্ৰতি পাচ বছৰ মূৰত কৰা হয়। সকাম পাতিবলৈ সামথ্য নাথাকিলেও বা প্ৰতিপত্তিশালী যদিও পাচ সম্পুৰ্ণ নোহোৱাকৈ পাতিব নোৱাৰে । গিয়াতি সকাম পাতিবলৈ পঃৰ আপং প্ৰস্তুত কৰিব লগা হয় । পঃৰ আপং টোপোলাতো বান্ধিবলৈ পাহাৰীয়া কৌপাক ব্যৱহাৰ কৰা হয়। অসুবিধা পৰিলে কল পাত বা ডিমৰু পাত ব্যৱহাৰ কৰা হয়। পঃৰ আপং চাকিবলৈ পঃবৰ বনোৱা হয়। পঃবৰ বনাবলৈ পৰিয়ালৰ নিখুত ব্যক্তি এজন বাহ ডাল কাটিব লাগে। পৰিয়াল বা ঘৰৰ মানুহ অগুচি পৰিলে সহধমিনী গভ বা মৃতকৰ দদগাং পাতিব লগা থাকিলে পিতৃ মাতৃ যুৰীয়া নাথাকিলে তেনে ব্যক্তিৱে পঃৰ আপং বনাব বাবে বাহ কাটিব নোৱাৰে আৰু আপং বনাব নোৱাৰে। পঃবৰ বনোৱা পদ্ধতি হ'ল এক কুইণ্টল চাউলৰ পঃৰ আপং তাৰ জোখৰে তাচুক বনোৱা হয। ঘৰৰ পাছফালৰ চাংত প:ৰ আপং বনোৱা হয় । ঘৰৰ মূল চাংৰ পৃথক কৰি তলৰ পৰা মুঠ চাৰিডাল পঃৰ সজা হয় ।
সকামৰ বাবে মতা কলা ৰঙৰ গাহৰি এটা প্ৰয়োজন হয়। পৰম্পৰা অনুসৰি গাহৰি এটা আগবান কৰি পোহা হয় । আগ দাত দুটা শিং গজিলে সকাম ব্যৱহাৰ কৰা হয় । পোৱালি গাহৰি ৱ্যৱহাৰ কৰা নহয়। সকামৰ পুৱাই সাধু ভকত উপস্থিত হোৱাৰ সময়ত চাংঘৰত উঠাৰ সময়ত ঘৰৰ বোৱাৰী সাধুৰ পাৱে ধোৱাই দিয়া হয় । সাধুৰ পাৱে ধোৱাই সাধুৰ আসন গ্ৰহণ কৰি গাহৰি ধৰিবলৈ আজ্ঞা দিয়া হয় । সাধুৰ আজ্ঞা অনুসৰি সাধুৰ সতীৰ্থ ভকত এজন দায়িত্ব পালন কৰে । গাহৰি চাংঘৰত উঠাই জখলাৰ পোনে পোনে পূব দিশলৈ মূৰ উৰাল মাৰি দুডাল বান্ধি চেপেনা বনাই ডিঙিত চেপন দি বধ কৰা হয় । গাহৰি বধ কৰাৰ আগতে পৰিয়ালৰ মূল ব্যক্তি বা নুমলীয়া পুত্ৰৰ হাতেদি লোটাত পানী লৈ গাহৰিক ঢালিবলৈ দিয়া হয় । নেজৰ পৰা মাথা লৈ তিনিবাৰ। তেনেকৈ কৌপাতত চাউল লৈ নেজৰ পৰা মাথা লৈ তিনিবাৰ ছটিয়াব লাগে ।
ভকত পদ্ধতি মিচিংসমাজত দুটা পস্হাত কৰা হয়। এটা কেৱলীয়া কাল সংহতি নীতিৰে আনটো প্ৰকৃতিবাদী মেদি। যি কেৱলীয়াৰ নাম প্ৰসঙ্গ নাথাকে। গিয়াতি সকামলৈ নিমন্ত্ৰণ কৰা নিয়ম আছে কোনো ব্যক্তিৰ পিতৃ মাতৃৰ দদগাং নাপাতিলে সকামলৈ নিমন্ত্ৰণ কৰা নহয়। অগুচি ঘৰৰ লোক সকামত প্ৰৱেশ কৰিব নিদিয়ে ।গিয়াতি সকামত ইষ্ট দেৱতা নাথাকে মৃত পূৰ্ব পুৰুষ লোক সন্তুষ্টি কৰিবলৈ গিয়াতি কুটুম নিমন্ত্ৰণ কৰি কৰা সকাম। পৰম্পৰা মতে চাংঘৰৰ ওপৰত ভোজন কৰা হয় । ঘৰৰ চাং তললৈ কোনো ভোজন সামগ্ৰী নিব নোৱাৰে। মাংস কেৱল বনপাতৰ পৰা বনোৱা হয় ।