মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য ‘নামচিং’
দেৱজ্যোতি মৰাং
দেৱজ্যোতি মৰাং
মিচিং জনগোষ্ঠী হৈছে অসম আৰু অৰুণাচলত বসবাস কৰা চীন তিব্বতীয় ভাষা পৰিয়ালৰ টানি জাতিৰ জনগোষ্ঠী। মিচিংসকল সংখ্যাৰ ফালৰ পৰা অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী। সাধাৰণতে নৈৰ পাৰত চাংঘৰত বাস কৰা বাবে মিচিংসকলৰ জীৱন-ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওত:প্ৰোতভাৱে জড়িত। অসমৰ বিভিন্ন কৃষ্টি- সংস্কৃতিৰ পথাৰত মিচিংসকলৰ খাদ্য-সংস্কৃতিৰ অৱদান অন্যতম। মিচিংসকলৰ মাজত বহুধৰণৰ পৰম্পৰাগত খাদ্যৰ প্ৰচলন লক্ষ্য কৰা যায়। তেওঁলোকৰ পৰম্পৰাগত খাদ্য অতি চহকী হোৱাৰ লগতে তেওঁলোকৰ নিজা সংস্কৃতিক বৈশিষ্ট্য বহন কৰি আহিছে।
অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ যেনেদৰে কিছুমান খাদ্য সম্ভাৰ ঠিক সেইদৰে মিচিং সকলৰো এনে কিছুমান খাদ্য সম্ভাৰ আছে যিবোৰে জাতিটোৰ এক সুকীয়া পৰিচয় বহন কৰি আহিছে। মিচিঙৰ জনপ্রিয় খাদ্য সম্ভাৰৰ ভিতৰৰ অন্যতম হ'ল নামচিং। নামচিং হ'ল মিচিং সমাজত বহুল ভাৱে প্ৰচলিত এবিধ সুস্বাদু খাদ্য। অনামিচিং সমাজতো এইধৰণৰ খাদ্য প্ৰচলিত যদিও ইয়াৰ প্ৰস্তুত প্ৰণালী আৰু স্বাদ কিছু ভিন্ন। অৱশ্যে কিছুমান অনামিচিং জনগোষ্ঠীৰ মাজতো তেনে ধৰণৰ সুস্বাদু যুক্ত খাদ্য সংৰক্ষণ কৰি খাদ্য বিধক ঠাই বিশেষে বেলেগ বেলেগ নামেৰে নামাঙ্কিত কৰা দেখা যায়। যেনে শুকতি, গুন্দুৰুক, শিদল, সুতকি মাছ আদি জাতি জনজাতি বিশেষকে নামাকৰণ হৈছে। অসমৰ বাহিৰেও উত্তৰ-পূৰ্বাঞ্চলৰ আন আন পাহাৰীয়া জনগোষ্ঠীৰ মাজতো নামচিঙৰ প্ৰচলন হোৱা দেখা যায়। ইয়াৰে ভিতৰৰ অন্যতম মণিপুৰী সকল। তেওঁলোকে নামচিঙক ‘ইৰোম্বা’ বুলি কয়।
প্রস্তুত প্রণালীঃ- নামচিং প্ৰধানকৈ সৰু সৰু মাছ যেনে – পুঠিমাছ, গৰৈ, চেঙেলি, শিঙৰা, শিঙি, ডৰিকনা, খলিহনা, বাটো আদি সৰু সৰু মাছৰ পৰা বা সংমিশ্ৰনৰ পৰা আৰু ডাঙৰ মাছৰ ভিতৰত কুঢ়ি, ৰৌ, বৰালি আদি মাছৰ পৰা প্ৰস্তুত কৰা এবিধ শুকান খাদ্য সম্ভাৰ। পোন প্রথমে নামচিং প্ৰস্তুত কৰিবৰ বাবে মাছখিনি ভালকৈ চাফ-চিকুণ কৰি জুই বা ৰ'দত শুকাবলৈ দিয়া হয়। (ৰ'দতকৈ জুইত শুকোৱা মাছৰ নামচিং বেছি সুস্বাদু হয়।) যেতিয়া মাছখিনি সম্পূর্ণকৈ শুকাই তেতিয়া কচু ঠাৰি বা পাত, সিজু গছৰ পাত, ভীম কলৰ পছলা, মানধনিয়া আদিৰ লগত খুবলিত ভালকৈ খুন্দি ছাটনিৰ দৰে এক মিশ্ৰণ প্ৰস্তুত কৰা হয়। এই মিশ্রণখিনি বাঁহৰ চুঙা বা মাটিৰ সৰু টেকেলীত ভৰাই মুখত কল পাতেৰে বা শুকান ধানখেৰেৰে সোপা দি ৰখা হয় যাতে মাখিয়ে কণী পাৰিব নোৱাৰে। তাৰ পাছত সেই চুঙা বা টেকেলীটো ধোঁৱাচাঙ (পৌৰাব)ত তুলি ৰখা হয়। (ভালদৰে ৰাখিব নোৱাৰিলে কেতিয়াবা মাখিয়ে কণী পাৰিলে পোক হোৱাও দেখা যায়।) এইদৰে ৰাখি থোৱা মিশ্ৰণটো সাধাৰণতে দুই-তিনি সপ্তাহৰ পাছতহে খোৱাৰ উপযোগি হৈ উঠে। ভালদৰে ৰাখিব পাৰিলে বহুত দিনলৈ খোৱাৰ উপযোগি হৈ থাকে। ই এটা সুস্বাদু খাদ্য যদিও ইয়াৰ স্বাদ মাছ আৰু মিশ্রিত বস্তু অনুসৰি বেলেগ বেলেগ হয়।
খোৱাৰ ধৰণ :- আজি কালি কিছুমান মানুহে নামচিং কেৰাহীত তেল, নহৰু আদি দি ভাজি বা পগাই খাই যদিও নামচিং সাধাৰণতে পাতত দিহে খোৱা হয়। পাতত দিয়া নামচিং বিভিন্ন খাদ্য দ্ৰব্যৰ লগত মিহলাই লৈ জুতি লগাই খাব পাৰি। সাধাৰণতে পাতত দিয়া নামচিং পুৰা খাদ্য বস্তুৰ লগত পিটিকা কৰি খাবলৈ বেছি সুবিধাজনক আৰু সুস্বাদু হয়। সময় সাপেক্ষ ইয়াক চুঙাৰ পৰা প্ৰয়োজন অনুসৰি উলিয়াই তেল, নিমখ, পিয়াজ, জলকীয়া,আদা, নহৰু মচলা, ধনীয়া পাত, পিয়াজ পাত, নহৰু পাত আদিৰে ভাজি, পাততদি ভাতৰ সতে জুতি লগাকৈ খাব পাৰি।ৰুচি অনুসৰি কেতিয়াবা বিলাহী দি অলপ থপ থপিয়াকৈয়ো ভাজিও খাব পাৰি। আচলতে কলপাত, তৰাপাত বা হালধিপাতত বান্ধি জুইৰ এঙাৰ বা গৰম ফুটছাইৰ মাজত সেক দি গৰমে গৰমে কেঁচা জলকীয়া, নিমখ, ধনিয়াৰ আদিৰ লগত মিহলাই খালে ইয়াৰ সোৱাদ দুগুণ বাঢ়ে। ইয়াৰোপৰি আলু পিটিকা, কচু পাতত দি পিটিকা নাইবা বিভিন্ন পিটিকাৰ লগত অলপ সানি লৈও খোৱা হয়। কলপাত, তৰাপাত, হালধিৰ পাতত টোপোলা বান্ধি অলপ পানী দি সিজাইয়ো খাব পাৰি। যি প্ৰকাৰে ৰান্ধি খোৱা নহওঁক লগত কিন্তু পিয়াজ, কেঁচা জলকীয়া, নিমখ আদিৰ দ্বাৰা অধিক সুস্বাদযুক্ত হৈ পৰে। শুকান মাছৰ পৰা তৈয়াৰ বাবে গন্ধযুক্ত হোৱা হেতুকে এই জনপ্ৰিয় খাদ্য সম্ভাৰ বিধৰ নাম নামচিং।
নামচিঙৰ উপকাৰিতা :- নামচিং অতি মুখৰোচক সুস্বাদু খাদ্য সম্ভাৰ হোৱাৰ উপৰিও ইয়াক বিভিন্ন ৰোগ নিৰাময়ক হিচাপে বিবেচিত কৰা হয়। মিচিং সমাজত মেলেৰিয়া ৰোগৰ প্ৰতিষেধক হিচাপে সুফলদায়ক বুলিও গন্য কৰে।
মিচিং জনজাতীয় সমাজত নামচিংৰ সমাদৰ বহু বেছি । কৃষিজীৱী মিচিং সকলে খেতিৰ দিনত পথাৰত ভাত খাবলৈ নামচিং নহলে যেন পেটলৈ ভাতেই নাযায়। নামচিঙৰ জুতিৰে পথাৰত ভাত খোৱাৰ সোৱাদত সোণত সুৱগা চৰায়।