ভাষা হৈছে এটা জাতিৰ অস্তিত্ব বা পৰিচয়ৰ মাপকাঠি। ভাষা নাথাকিলে এটা জাতিৰ অস্তিত্ব নোহোৱাৰ দৰেই। অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী । মিচিং সকলৰ ভাষা চীন তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত । মিচিং সকলৰ ভাষা বৰ অতি মধুৰ। মিচিং ভাষাৰ নিজা লিপি নাই। তাহানিতে মিচিং ভাষাৰ নিজা লিপি আছিল বুলি জনা যায় কিন্তু কিছু লোকৰ কথামতে মিচিং লিপি সমূহ এক প্ৰজাতিৰ জন্তুৰ ছালত লিখা আছিল। যিসকলে এই লিপিসমূহ ৰাখিছিল তেওঁলোকে এদিন চিকাৰ কৰি একো নোপোৱাত পেঠৰ ভোক মাৰিবলৈ এই জন্তুৰ ছালত লিখা লিপি সমূহকে খাই পেলাইছিল বুলি মিচিং জনবিশ্বাসত পোৱা যায়। তথাপিও মিচিং ভাষা কথিত মাধ্যমেৰে চলি আহি বৰ্তমান পৰ্যন্ত জীয়াই আছে। মিচিং ভাষাক আৰু অধিক চহকী কৰাৰ উদ্দেশ্যে মিচিং ৰাইজে ১৯৭২ চনত মিচিং আগম কৌবাং অৰ্থাৎ 'মিচিং সাহিত্য সভা' গঠন কৰিছিল। মিচিং আগম কৌবাঙৰ প্ৰথম সভাপতি আৰু সম্পাদক আছিল আগম মিগাংদ্বয় 'টাবুৰাম টাইদ আৰু ড° নাহেন্দ্ৰ পাদুন। মিচিং আগম কৌবাঙে বহলানি আলোচনা বিলোচনাৰ অন্ততঃ ৰোমান লিপিৰ মিচিং লেখা আৰম্ভ কৰিছিল আৰু পিছত ৰোমান লিপি ব্যবহাৰ কৰে যদিও নিজাববীয়াকৈ উপযোগীকৈ সংশোধন কৰিহে ব্যৱহাৰ কৰে। তলত চমুকৈ মিচিং লিপি বা বৰ্ণৰ বিষয়ে আলোচনা কৰা হ'ল -
মিচিং ভাষাৰ ধ্বনি (Gombéng) দুই প্ৰকাৰৰ
(১) Gomug abíg(স্বৰ বৰ্ণ) (২) Mukténg abíg(ব্যঞ্জনবৰ্ণ)।
মিচিং ভাষাত লিখিবলৈ ব্যৱহাৰ কৰা মুঠ Gomug abíng স্বৰবৰ্ণ ১৪ টা । ইয়াৰো আকৌ দুটা ভাগ -
(১) Mukténg(হস্ৰ স্বৰ) A E I O U É Í
উচ্ছাৰণ - এ ই আই অ ইউ ঔ অৃঃ
(২) Mugyan (দীৰ্ঘ স্বৰ) A: E: I: O: U: É: í:
উচ্ছাৰণ - এঃ ইঃ আইঃ অঃ ইউঃ ঔঃ অৃঃ
মিচিং ভাষাত Mukténg abíg (ব্যঞ্জনবৰ্ণ) মুঠ ১৭ টা
সেই কেইটা হ'ল - B, D, G, H, J, K, L, M, N, P, R, S, T, W, V, Ng, Ny
Mukténg abíg বোৰৰ উচ্ছাৰণ প্ৰায় ইংৰাজীৰ দৰে একেই কিন্তু কেবল Ngটো ঙ আৰু Ny টো ঞʼৰ দৰে উচ্চাৰণ হয়।