মিচিং সমাজত অৗপব, আপং বনোৱা পদ্ধতি আৰু ইয়াৰ ব্যৱহাৰ
থমাছ পেগু
থমাছ পেগু
অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি ৰূপে পৰিচিত মিচিংসকল হ’ল অন্যতম জনজাতীয় জনগোষ্ঠী। কৃষিজীৱী মিচিংসকল সাধাৰণতে নদ-নদীৰ পাৰে পাৰে আৰু হাবি জংগলৰ কাষত বসবাস কৰি ভাল পায়। সেয়েহে কৃষি কাৰ্য্যক মুখ্য হিচাপে লৈ প্ৰাকৃতিক পৰিৱেশৰ লগত সহ অবস্থান কৰি থুৰতে পোৱা সামগ্ৰীৰে বিভিন্ন খাদ্য অভ্যাসৰ সতে কেনেকৈ খালে কিদৰে সুস্বাদু যুক্ত কৰি ৰান্ধি ভিতৰুৱা অঞ্চলত দীৰ্ঘস্থায়ী কৰি মহঙা দিনত খাব পাৰি তাৰে প্ৰচেষ্টা অব্যাহত কৰি আহিছে। ৰঙীন কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ মিচিংসকল মাজত প্ৰচলিত পৰম্পৰাগত খাদ্যসমূহত স্বকীয় বৈশিষ্ট্য দেখা যায়।
মিচিং জনজীৱনত আপং এক এৰাব নোৱাৰা পৰম্পৰা। ঘৰুৱাই হওঁক বা ৰাজহুৱাই হওঁক বিভিন্ন সকাম-নিকাম, পূজা-পার্বণ, বিহু-উৎসৱ আদিত মিচিংসকলে আপঙক বহলভাৱে ব্যৱহাৰ কৰি আহিছে। আপঙৰ ব্যৱহাৰ মিচিং সমাজত কেতিয়াৰ পৰা হ'ল বা কেনেকৈ মিচিং জন-জীৱনৰ এক অবিচ্ছেদ্য পৰম্পৰা হৈ পৰিল তাক থোৰতে কৈ থব পৰা নাযায়। তথাপি ধাৰণাৰ ভেটিত মিচিংসকলে পৰিবৰ্তনৰ খোজত আদিম জীৱনৰ পিছত শস্য খেতি কৰি, সমাজপাতি জীয়াই থকাৰ জ্ঞান আয়ত্ব কৰাৰ সময়ৰ পৰাই আপঙৰ ব্যৱহাৰ হৈ আহিছে বুলি কব পৰাৰ থল আছে।
মিচিং সমাজত দুবিধ আপঙৰ ব্যৱহাৰ হয়। আপং প্রস্তুত কৰিবলৈ বিভিন্ন সামগ্ৰীৰ লগতে "অৗপব" এক মুখ্য সামগ্রী। অৗপব অবিহনে আপং প্রস্তুত কৰিব নোৱাৰে। সেয়েহে আপং বনাবলৈ অৗপব প্রস্তুত কৰি লবলগীয়া হয়। কেইবাটাও সামগ্ৰীৰ সংমিশ্ৰণৰ দ্বাৰাহে 'অৗপব' প্রস্তুত কৰা হয়। অৗপবত ব্যৱহাৰ হোৱা সামগ্ৰীৰ তালিকা তলত উল্লেখ কৰা হল-
১। বততান মানিমুনি (ডাঙৰ মানিমুনি)
২। আত্জাঃন মানিমুনি (সৰু মানিমুনি)
৩। ইনজাৰি (এবিধ ঔষধি উদ্ভিদ)
৪। গাপাতুপলৃং (পথৰুৱা বন)
৫। কুৰতুক্-কাৰতাক্ (লতা জাতীয় এবিধ বন)
৫। ভীম ৰাজ (ভীমৰাজ)
৬। মৃৰচি (জলকীয়া)
৭। পাককম পাকবম (নেফাফু)
৮। বঃলাং আন্ন (কঁঠালৰ পাত)
৯। য়োমৰাং জালুক (বন জালুক)
১০। পিপলি
১১। ৰামতুলসী (ৰাম তুলসী)
১২। লঃৰাম (পানী এগেৰা)
১৩। যমলাকুটি (যামলাখুটি)
১৪। পাঃতাং (এবিধ চাপৰ জোপোহা গছ)
১৫। ৰামনাম্ (এবিধ উদ্ভিদ)
১৬। কম্বং (এবিধ উদ্ভিদ)
১৭। তাবাদ অতচুৰ (কুঁহিয়াৰৰ কুঁহিপাত)
১৮। জালুক............ ইত্যাদি।
উপৰোল্লেখিত এই সকলোবোৰ বনৌষধিৰে নিজস্ব গুণা গুণ আছে। সেয়ে ইয়াক 'কুচেৰে' অর্থাৎ 'ঔষধ' আখ্যা দিয়া হৈছে। প্রত্যেক বিধ বনৌষধিৰে সমপৰিমাণ লৈ ধুই পখালি ৰ'দত সম্পূৰ্ণ শুকুৱাই ওৰালত খুন্দে। পিঠাগুৰিৰ লগত মিহলাই হাতৰ মুঠিত হাঁহ কণীৰ আকাৰত লাডু বনাই ধোৱা চাঙত চালনিত পাতলকৈ খেৰ পাৰি তিনি দিনলৈ ৰাখে। তিনি দিনৰ মূৰত বাহিৰলৈ অৰ্থাৎ ৰ'দলৈ উলিয়াই আনে। এইদৰে ৰ'দত কেইবাদিনো শুকুৱাই শুকান মাটি কলহৰ ভিতৰত ভৰাই আকৌ ধোৱা চাঙতে ৰাখি দিয়ে। এনেদৰে কেইবাদিনো শুকুৱাৰ পিছত যেতিয়া সম্পূৰ্ণভাৱে শুকাই টান হৈ যায় তেতিয়া অৗপব ব্যৱহাৰৰ উপযোগী হৈ পৰে
সাংস্কৃতিকভাৱে সমৃদ্ধ মিচিংসকল পৰম্পৰাগত পানীয় হৈছে 'আপং'। আপং চাউল আৰু বিভিন্ন বনৰীয়া গছ-লতিকাৰ পাতেৰে তৈয়াৰী "অৗপব"ৰ দ্বাৰা প্ৰস্তুত কৰা এক নিচাজাতীয় পানীয়। মিচিংসকলে 'আপং' দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন উৎসৱ-পাৰ্বণ, ধৰ্মীয় কাম কাজ আৰু দেৱতা অপদেৱতাৰ নৈবেদ্য ৰূপেও ব্যৱহাৰ কৰি আহিছে। মিচিং সমাজত প্ৰচলিত আপং দুইবিধ-
(ক) নগিন বা নগজিন আপং আৰু
(খ) পঃৰ আপং।
নগিন বা নগজিন আপং :
এইবিধ আপংৰ ৰং সাধাৰণতে বগা হোৱাৰ কাৰণে ইয়াক অসমীয়াত বগা মদ বুলিও কোৱা হয়। আচলতে এইবিধ আপংৰ ৰঙটো আপং প্রস্তুতৰ বাবে ব্যৱহাৰ কৰা চাউলখিনিৰ ওপৰত নিৰ্ভৰ কৰে। নগিন বা নগজিন আপং প্রস্তুতৰ বাবে যিকোনো ধৰণৰ চাউল ব্যৱহাৰ কৰা হয়। নগিন বা নগজিন আপং প্রস্তুতৰ বাবে চাউল আৰু "অৗপব"ৰ প্ৰয়োজন। প্রথমতে চাউলখিনি সিজোৱা হয় অর্থাৎ ভাত হিচাপে ৰন্ধা হয়। কিছুসময় পিছত ভাতখিনি এখন ডলাত উলিয়াই ঠাণ্ডা কৰি লৈ ভাতখিনিৰ লগত প্রয়োজন অনুসৰি "অৗপব" গুৰি কৰি সানি দিয়া হয়। তাৰপিছত ধোঁৱাচাঙত শুকোৱাই থোৱা মাটিৰ কলহত ভৰাই "পৗৰাব" বা জুহালৰ এঠাইত থৈ দিয়া হয়। এনেদৰে ভাতৰ লগত 'অৗপব' সানি থোৱা ভাতখিনিক আৰুগ বুলি কোৱা হয়। অতিথি শুশ্রূষা, কৰ্মৰ অৱসাদ আতৰোৱা আৰু বিবাহ, উৎসৱ, সকাম-নিকাম আদিত ইয়াক ব্যৱহাৰ কৰা হয়।
পঃৰ আপং :
মিচিংসকলৰ মাজত প্রচলিত আন এক পৰম্পৰাগত পানীয় খাদ্য হৈছে পঃৰ আপং। ধানখেৰ আৰু তুঁহগুৰি পুৰি এই ছাইৰে এইবিধ আপং প্রস্তুত কৰা হয় কাৰণে ইয়াক অসমীয়াত ছাইমদ বুলি কোৱা হয়। ইয়াৰ ৰং সাধাৰণতে ছাইবৰণৰ। পঃৰ আপং প্রস্তুতৰ বাবে শুকান ধানখেৰ, তুঁহগুৰি, যিকোনো চাউল আৰু "অৗপব"ৰ প্ৰয়োজন। প্রথমতে প্রয়োজন অনুসাৰে ধানখেৰ অলপ গোটাই ঘৰৰ চোতালত নুৰিয়াই ৰখা হয়। তাৰপিছত তাৰ ওপৰত প্রয়োজন অনুযায়ী ধানৰ তুঁহগুৰি দি জ্বলাই দিয়া হয়। পুৰি যোৱা অংশখিনিৰ পৰা ছাই সংগ্ৰহ কৰি ঠাণ্ডা কৰি থোৱা হয়। তাৰপিছত নগিন আপংৰ দৰে সিজাই লোৱা ভাতখিনি এখন ডলাত মেলি লৈ চেঁচা হোৱাৰ পিছত ছাইখিনিৰ লগত ভালদৰে মিহলোৱা হয়। তাৰপিছত "অৗপব"ৰ গুৰি সানি শুকান মাটিৰ কলহত নগিন আপংৰ দৰেই ধোঁৱাচাংৰ এঠাইত ৰখা হয়। এনেদৰে ৰখা ছাই, ভাত আৰু "অৗপব" মিশ্রিত ভাতখিনিক পঃঞগ বুলি কোৱা হয়। পঃৰ আপং বা ছাই মদৰ প্রচলন অসমত বসবাস কৰা কোনো জনগোষ্ঠীৰ মাজত দেখা পোৱা নাযায়। এইবিধ ব্যতিক্রমী আৰু জনপ্রিয় পানীয় অসমৰ কেৱল মিচিং জনগোষ্ঠীৰ মাজতহে প্রচলন আছে। অৱশ্যে অৰুণাচল প্রদেশৰ দুই-এটা জনগোষ্ঠীৰ মাজত ছাইমদৰ প্রচলন দেখা যায়। মিচিংসকলৰ সকলো ধৰণৰ সামাজিক, সাংস্কৃতিক আৰু ধর্মীয় কাৰ্যত ব্যৱহাৰ কৰা পঃৰ আপং বা ছাইমদ তেওঁলোকৰ সমাজ জীৱনৰে এক অবিচ্ছেদ্য অংগ বুলিব পাৰি। আলি-আয়ে-লৃগাং, দবুৰ পূজা, পঃৰাগ, বিভিন্ন সকাম আদিৰ অপৰিহাৰ্য অংগ হ'ল এইবিধ পানীয় একেদৰে মিচিংসকলে পালন কৰা ৰঙালী বিহু, ভোগালী বিহু আৰু কাতি বিহুতো পঃৰ আপং প্রচুৰ পৰিমাণে ব্যৱহাৰ কৰে। একেদৰে আলহী-অতিথি আহিলেও ছাইমদ যঁচাটো মিচিংসকলৰ সামাজিক পৰম্পৰা। ছাই মদেৰে আলহী আপ্যায়ন কৰিব নোৱাৰাটো মিচিং সমাজত লজ্জাৰ বিষয় হিচাপে পৰিগণিত হয়। মিচিংসকলৰ দদগাং (দহা-কাজ), ওৰম আপিন (শ্রাদ্ধ), দবুৰ পূজা (ইন্দ্র পূজা), ৰকপং উয়ু (শিব পূজা) আদিত পঃৰ আপংৰ পয়োভৰ মনকৰিবলগীয়া। মিচিংসকলে বগা মদ বা নগিন আপং ব্যৱহাৰ কৰে যদিও তেওঁলোকৰ মাজত পঃৰ আপং বহু বেছি জনপ্রিয় আৰু সকলো ক্ষেত্রতে এই পঃৰ আপংৰ ব্যৱহাৰহে অধিক দেখা যায়।
পঃৰ আপঙৰ ব্যৱহাৰ :
পঃৰ আপং বা ছাইমদ মিচিংসকলৰ জনপ্রিয় পানীয় আৰু সকলো সামাজিক অনুষ্ঠানতে পঃৰ আপঙৰ ব্যৱহাৰ হয়। পূজা-পাতল, সামাজিক উৎসৱ-পাৰ্বন সকলোতে পঃৰ আপং নহ'লেই নহয়। সন্তান প্ৰসৱৰ পাছত প্রসূতিগৰাকীৰ গালৈ স্বাভাৱিক শক্তি আহিবৰ বাবেও পঃৰ আপং চাকি প্ৰথম ৰসখিনি খাবলৈ দিয়া হয়। তদুপৰি মিচিং সমাজত ছোৱালী পলাই গ'লে কইনাৰ পিতৃ-মাতৃ আৰু সমাজক ছাইমদ খুৱাই ক্ষমা খুজিব লাগে। বছৰেকীয়া ন-ভাত খোৱা সকামতো পঃৰ আপং নহ'লেই নহয়। মিচিংসকলৰ দেওধাই-'মিবু'ৱে ব্যৱহাৰ কৰা তৰোৱাল বা 'য়কচা' পঃৰ আপঙেৰে ধুৱা হয়। এনেদৰে পঃৰ আপঙেৰে ধুলেহে মিবুৱে ঐশ্বৰিক শক্তি লাভ কৰে বুলি জনবিশ্বাস প্রচলিত। পঃৰ আপং বা ছাইমদ মিচিং সমাজত 'দেৱতাৰ সোম ৰস' বুলি শ্রদ্ধা কৰা হয়।
অসমত বসবাস কৰা সকলোবোৰ জনগোষ্ঠীৰ মাজতে অতীতৰ পৰাই পৰম্পৰাগতভাৱে পানীয় বা মদৰ প্ৰচলন হৈ আহিছে। দৈনন্দিন জীৱনৰ পানীয় হিচাপে ব্যৱহৃত মদ জনগোষ্ঠীয় লোক খাদ্যৰ অপৰিহাৰ্য অংগস্বৰূপ। মিচিং জনগোষ্ঠীৰ পঃৰ আপং ইয়াৰ ব্যতিক্রম নহয়। বগা মদ বা নগিন আপঙতকৈ পঃৰ আপং বা ছাইমদ মিচিংসকলৰ অতি প্রিয় আৰু সেইবাবে সকলো ক্ষেত্রত ইয়াৰ প্ৰচলনহে অধিক দেখা যায়। বর্তমান সময়ত অনুষ্ঠিত হোৱা থলুৱা খাদ্য মহোৎসৱবোৰতো ইয়াৰ সমাদৰ বৃদ্ধি পোৱা দেখা গৈছে। পুষ্টিমূল্য থকা শক্তিবৰ্দ্ধক এই পানীয়বিধৰ বৰ্তমান সময়ত বাণিজ্যিকৰণৰ জৰিয়তে মিচিং জনগোষ্ঠীৰ আর্থিক দিশটো টনকিয়াল কৰিব পৰাৰ সম্ভাৱনীতাও নথকা নহয়।