টাবুৰাম টাইদ অসমৰ বিদ্বৎ সমাজৰ এক পৰিচিত নাম। মিচিং ভাষা-সাহিত্য-সমাজ-সংস্কৃতি নিৰ্মাণ কৰোঁতাসকলৰ ভিতৰত এগৰাকী অগ্রণী ব্যক্তি। তেওঁ একাধাৰে ভাষাতত্ত্ববিদ, পণ্ডিত তথা গৱেষক, বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী, কবি, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, প্রবন্ধকাৰ, সুপ্রশাসক, সুসংগঠক, সুবক্তা, আৰু সমাজ সেবক হিচাপে নিজক প্রতিষ্ঠা কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অসংখ্য বৰঙণি যোগাইছিল। যাৰ বাবে অসমীয়া তথা মিচিং সমাজত টাবুৰাম টাইদৰ এক সুকীয়া স্থান আছে। সেয়ে টাবুৰাম টাইদক কেৱল মিচিং সমাজৰেই নহয়, বৃহত্তৰ অসমীয়া সমাজ জীৱনৰো এগৰাকী পুৰোধা ব্যক্তি বুলি ক'ব পাৰি। ঘৃণাসুঁতিৰ দৰে ঠাইৰ পৰা লণ্ডনলৈ গৈ শিক্ষাজীৱন সামৰা টাইদে নিজৰ দক্ষতা আৰু শৈক্ষিক পৰিপুষ্টতাৰে প্রথমে স্কুলত শিক্ষকতা কৰি পৰৱৰ্তী সময়ত কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ হিচাপে কাৰ্যনিৰ্বাস কৰি ইংৰাজী বিষয়ত স্নাতকোত্তৰ টাইদে পোন্ধৰ বছৰকাল কাল আগশাৰী শিক্ষানুষ্ঠান কটন কলেজত অধ্যাপক হিচাপে (প্রথমে প্রবক্তা) শিক্ষকতা কৰিছিল। পৰৱৰ্তীকালত টাইদে শিক্ষকতা এৰি বিভিন্ন প্রসাশনিক কার্যত নিজকে আত্মনিয়োগ কৰিছিল। স্কুলৰ পৰিদৰ্শকৰ পৰা আৰম্ভকৰি ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক, অসম উচ্চ শিক্ষাৰ সঞ্চালক, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ সঞ্চালক, ৰাজ্যিক বাচনি পৰিষদৰ সঞ্চালক আদি উচ্চ স্তৰৰ প্রসাশনিক দায়িত্বৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য, ৰাজ্যিক শিক্ষা আয়োগ, নেচনেল বুক ট্রাষ্ট, সাহিত্য অকাদেমীৰ আদিৰ সদস্য আৰু মিচিং সাহিত্য সভাৰ (মিচং আগৌম কেবাং) সভাপতি আদিৰ দৰে গুৰুত্বপূর্ণ পদবীৰ দায়িত্ব পালন কৰিছিল।
কুৰি শতিকাৰ সত্তৰৰ দশকটো মিচিং সমাজৰ কাৰণে নৱজাৰণৰ দশক বুলি ক'ব পাৰি। কাৰণ এই দশকটোটেই মিচিংসকলক প্রতিনিদ্ধিত্ব কৰা বিভিন্ন সংগঠনৰ জন্ম হৈছিল। এই সংগঠনসমূহ ক্রমে- ১৯৭১ চনত সদৌ মিচিং ছাত্রসন্থা, ১৯৭২ চনত মিচিং সাহিত্য সভা, ১৯৮০ চনত মিচিং সাংস্কৃতিক সংঘৰ দৰে সংঘৰ জন্ম হৈছিল। ১৯৪২ চনত মিচিং বানী কীবাং গঠন হোৱাৰ পিছত প্রায় ৪৮ বছৰ কাল ধৰি কোনো মিচিং জাতীয় সংগঠন গঢ় লৈ উঠা নাছিল। অৱশ্যে আঞ্চলিক ভিত্তিত দুই এটা ছাত্র-সংগেঠন জন্ম লাভ কৰিছিল। কিন্তু সেইবোৰে প্ৰসাৰ লাভ কৰিব নোৱাৰিলে। মাজবাটতে মৰহি গ'ল। এনে অৱস্থাত ৪৮ বছৰ সুদীর্ঘ বিৰতিৰ পিছত ১৯৭১ চনত TMPK আৰু ১৯৭২ চনত মিচিং আগীম কীবাঙ গঠনৰ যোগেদি মিচিং নৱজাগৰণৰ সূচনা হৈছিল। ১৯৭২ চনত মিচিং আগীম কীবাঙ গঠনৰ লগে লগে মিচিং সমাজখনত জাতীয়তাবোধ আৰু জাতীয় চেতনাই সবল ৰূপ পৰিগ্ৰহণ কৰিব ধৰে। ভাষা প্ৰেম আৰু ভাষা চেতনাই নতুন গতি আৰু গভীৰতা লাভ কৰে। মিচিং জাতিৰ এই নৱজাগৰণৰ সন্ধিক্ষণতেই মিচি ভাষা সাহিত্যৰ জাতীয় সংগঠন মিচিং আগীম কীবাঙৰ সভাপতি পদত অধিষ্ঠিত হয় ভাষাবিদ টাবুৰাম টাইদ। সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল নাহেন্দ্র পাদুন। এই দুয়োগৰাকী ব্যক্তিয়ে মিচিং ভাষা-সাহিত্যৰ মঞ্চখনক সন্মুখৰ পৰা নেতৃত্ব দি আগবঢ়াই নিয়ে। ভাষা-সাহিত্যৰ সংগঠন হিচাপে আগীম কীবাঙৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য আছিল মিচিং ভাষাৰ লিপি নির্ধাৰণ কৰাটো। প্রায় আঠ বছৰ কালজোৰা অধ্যয়ন, গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ আৰু বাদানুবাদৰ অন্তত সংশোধিত ৰোমান লিপিকেই মিচিং ভাষাৰ লিপি হিচাপে গ্রহণ কৰা হয়। ১৯৮০ চনত খেৰকটামুখত অনুষ্ঠিত মিচিং আগম কীবাঙৰ চতুৰ্থ অধিৱেশনত ইয়াক আনুষ্ঠানিকভাবে গ্রহণ কৰা হয়। সেই ৰোমান লিপি সাম্প্রতিক সময়লৈকে অব্যাহত আছে। সেই সময়তে কীবাঙ তথা শিক্ষিত মিচিংসকলে অনুভৱ কৰিলে যে ভাষা এটা প্ৰচাৰ তথা বিকাশ লাভ কৰিবলৈ হ'লে ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাৰ লগতে চৰকাৰী পৃষ্ঠপোষকতা নিতান্তই প্রয়োজনীয়। এই গুৰুত্বতা উপলব্ধি কৰি মিচিং ৰাইজ আৰু আগম কীবাঙে মিচিং ভাষাক প্রাথমিক বিদ্যালয়ত ভাষা বিষয় হিচাপে পঢ়োৱাৰ আৰু শিক্ষক নিযুক্তিৰ দাবী উত্থাপন কৰে। মিচিং ৰাইজ আৰু আগীম কৌবাঙৰ দাবীক সন্মান জনাই অসম চৰকাৰে ১৯৮৫ মিচিং ভাষাক স্বীকৃতি প্রদান কৰে। কিন্তু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত আগম কীবাং আৰু জাতীয় সংগঠনলসমূহে একগোট হৈ সংগ্ৰাম আৰম্ভ কৰে। এই সংগ্রামৰো দাবী মানি ১৯৮৬ চনত মিচিং ভাষা শিক্ষকৰ নিযুক্তিৰ আৰম্ভ কৰে। মিচিং ভাষাক লিখিত ৰূপ দি বিকাশৰ পথেদি আগবঢ়াই নিয়াৰ যি প্রবল আশা-আকাংক্ষা মিচিং ৰাইজে পুহি ৰাখিছিল তাক মিচিং আগীম কীবাঙে বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত সাফল্য লাভ কৰিছিল। সেয়ে আগীম কীবাঙৰ প্ৰতি মিচিং ৰাজিৰ আস্থা বাঢ়িছিল। উল্লেখ্য প্রায় আঠ বছৰ কাল একেধাৰে আগীম কীবাঙৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ থাকি কীবাঙক সুযোগ্য নেতৃত্ব প্রদান কৰাৰ পাছত টাবু টাইদে ১৯৮০ চনত সভাপতি পদৰ পৰা অব্যাহতি লয়। নীতিগতভাবে পদৰ পৰা অব্যাহতি ল'লেও কার্যক্ষেত্রত আগম কীবাঙৰ সাংগঠনিক দিশ, ভাষা-সাহিত্য চর্চা, শিক্ষানুষ্ঠানত মিচিং ভাষা প্রয়োগৰ ক্ষেত্ৰত টাবু টাহদে আগীম কীবাঙক দিকদর্শন দি গৈছিল। মিচিং সমাজত টাবুৰাম টাইদদ সম্পর্কে আলোচনা কৰিবলৈ গৈ মিচিং আগীম কীবাং আৰু মিচিং ভাষা সম্পর্কীয় কথা প্রসংগলৈ টানি অনা হৈছে। কাৰণ টাবু টাইদৰ মিচিং জাতীয়তাবাদী চিন্তা-চেতনাৰ উন্মেষ আৰু উত্তৰণ মিচিং আগীম কীবাঙক বাদ দি আলোচনা ৰিব পৰা নাযায়। মিচিং আগীম কেবাঙেই হৈছে প্রধান সামাজিক মঞ্চ য'ত টাবু টাইদদৰ কৰ্মৰাজি সম্পাদিত হৈছে আৰু পৰিস্ফুত হৈছে।
বিট্রিছ প্রশাসক খ্রীষ্টান মিছনেৰীসকলে বিভিন্ন প্রবন্ধ, ব্যাকৰণিক টোকা, শব্দৰ তালিকা প্রস্তুত কৰি সাহিত্য চর্চাৰ প্রাথমিক বুনিয়াদ নির্মাণ কৰাৰ বহু বছৰৰ পিছত ভাষা-সাহিত্য চর্চাত আত্মনিয়োগ কৰা ব্যক্তিসকলৰ ভিতৰত টাবুৰাম টাইদ আছিল অন্যতম। জে হাবার্ট লৰেইনে A dictionary of the Abor Miri Language (১৯১০) নামৰ অভিধানখন আৰু ১৯১৫ চনত সোণাৰাম পাঞাং কটকীৰ (শোণাৰাম মিৰি মহৰি নামত) লিখা মিৰি দুয়ান (মিৰি দোৱান) নামৰ পুথিখন ৰচনা কৰি মিচিং (মিৰি) জনগোষ্ঠীটোৰ ভাষা আৰু ব্যাকৰণ চৰ্চাৰ যি সোণসেৰীয়া যাত্ৰা আৰম্ভ কৰিছিল তাক লক্ষ্যক্ষেত্ৰত উপনীত কৰাত মূখ্য ভূমিকা গ্রহণ কৰিছিল টাবু টাইদে। ১৯৩৫ চনত A dictionary of the Mising Languag আৰু ২০১০ চনত Gompir Kumsung নামৰ দুখন অভিধান ৰচনা কৰি টাবু টাইদে মিচিং ভাষাৰ বিকাশ, বিস্তৃতি আৰু সমৃদ্ধিত যি অৰিহণা যোগাবলৈ সক্ষম হৈছে সেয়া জনগোষ্ঠীটোৰ ভাষিক নৱজাগৰণৰ যাত্রাপথত মূল পাথেয়। দুখন অভিধানৰ উপৰিও টাইদে মিচিং ভাষাৰ উত্তৰণৰ হেতু মিচিং ব্যাকৰণ পুথি মিচিং ভাষা বানান পদ্বতি (১৯৮৩), An Introduction Mising Phonology and Grammar (2016), Mising Gomlap potin (2017) আদিৰ দৰে গ্ৰন্থৰ লগতে মিচিং ভাষা সম্পর্কীয় বিভিন্ন গবেষণা পত্র প্রকাশ কৰিছিল। যিবোৰ গৱেষণা পত্ৰ আমেৰিকাৰ কেলিফোর্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা প্রকাশিত, Linguistics of the Tibeto-Burman Areatত প্রকাশ পাইছিল। তদুপৰি মিচিং ভাষা সম্বন্ধীয় প্রবন্ধ 'মিচিং ভাষাত লিপ্যন্তৰ', 'মিচিং ভাষা-সাহিত্য', 'স্বাধীনতাৰ আগত মিচিং ভাষা চর্চাঃ এক বিহঙ্গম দৃষ্টি', 'মিচিং ভাষা শিক্ষা' (এককি নিবন্ধত প্রকাশিত) আদিৰ গুৰুত্ব উল্লেখনীয়। সেয়ে মিচিং ভাষালৈ আগবঢ়োবা উল্লেখনীয় অৱদানৰ বাবে টাইদক ভাৰতৰ সাহিত্য অকাদেমীয়ে 'ভাষা সন্মান বঁটা' প্রদান কৰিছিল।
যিকোনো জাতি-জনগোষ্ঠীৰ জাতিসত্তাৰ মূল উপাদান হৈছে ভাষা। সেই কথা উপলদ্ধি কৰি টাইদে প্রথমে ভাষা চর্চা কৰিছিল যদিও কেবল ভাষা চর্চাতেই নিজকে সীমাবদ্ধ কৰা নাছিল। ভাষা চৰ্চাৰ সমান্তৰালভাবে মিচিং জনগোষ্ঠীৰ সমাজ-সংস্কৃতি তথা মিচিং জনজীৱনৰ সৈতে সম্পর্কীত গুৰুত্বপূর্ণ দিশসমূহ বিভিন্ন দৃষ্টিভংগী আৰু বিশ্লেষণৰ মাজেৰে সমাজক তুলি ধৰাৰ প্ৰয়াস কৰিছিল। কাৰণ সাহিত্য-সংস্কৃতিৰ মাজেদি এটা জাতি, এখন সমাজ জীবন্ত হৈ থাকে। সেয়ে টাবুৰাম টাইদে বিভিন্ন দৃষ্টিৰে সাহিত্য-সংস্কৃতিৰ ঐতিহ্য অন্বেষণ কৰিছিল। জনগোষ্ঠীটো প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা কৰিছিল। টাইদৰ প্ৰবন্ধবোৰত তাৰ প্ৰতিফলন আমি দেখা পাওঁ। এই প্রবন্ধবোৰৰ জৰিয়তে মিচি জনগোষ্ঠীটোৰ যি সমাজ জীবন তথা লোক-জীবন প্রণালী তাৰ আভাস পাওঁ।
তেওঁৰ সাহিত্য-সংস্কৃতি বিষয়ক এখন গ্রন্থ হ'ল একুঁকি নিবন্ধ। অসমীয়া ভাষাত লিখা এইখন গ্রন্থ মিচিং সাহিত্য সভাই প্রকাশ কৰি উলিয়াই ২০০৭ চনত। এই একে বছৰতে মিচিং সাহিত্য সভাই তেওঁৰ ইংৰাজী প্রবন্ধসমূহৰ সংকলন Glimpses নামৰ গ্ৰন্থখনো প্রকাশ কৰি উলিয়ায়। সংকলনদুটি তেওঁৰ লিখনশৈলীৰ উৎকৃষ্ট নিদর্শন। অসমীয়াৰ লগতে মিচিংসকলৰ ভাষা, শিক্ষা, সংস্কৃতি, সংগীত আদিৰ দর্শনীয় চেতনা বিচক্ষণ ৰূপত প্রকাশ পাইছে। আলোচনাৰ বাবে লোৱা ইংৰাজী আৰু অসমীয়া ভাষাত লিখা Glimpses আৰু একুঁকি নিবন্ধসংকলিত প্রবন্ধসমূহৰ যিদৰে ভিন্ন বিষয়ৰ সানমিহলি চৰিত্ৰৰ, সেইবোৰ ৰচনাকালৰো আছে বিস্তৰ ব্যৱধান। স্কুলীয়া জীৱনৰ দশম শ্রেণীত লিখা 'অইনিঃতমৰ পটভূমি' ৰ পৰা যাঠিৰ দশকৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ হৈ থাকোঁতে লিখা 'এক অসম' আৰু বিভিন্ন সময়ত বেলেগ বেলেগ উপলক্ষ্যত প্রদান কৰা ভাষন, স্মাৰক বক্তৃতা আদিৰ লিখিত ৰূপ ইয়াত সন্নিবিষ্ট হৈছে। দশম শ্রেণীৰ ছাত্ৰ হিচাপে লিখা প্রবন্ধটোবে তাৎপর্যপূর্ণভাৱে ভাষা আৰু স্বগোষ্ঠীয় সাংস্কৃতিক চেতনাৰ প্ৰতি টাবু টাইদৰ অনিসন্ধিৎসু মন আৰু বসবোধ সেই কুমলীয়া বয়সতে অতি দর্শনীয় ৰূপত প্রকাশ পাইছিল। এই সংকলন দুখনে বৃহত্তৰ অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে চহা মিচিং জীৱনৰ আদান-প্রদান আৰু সংমিশ্ৰণৰ প্রমান দিয়ে।
টাইদে বৃহত্তৰ অসমীয়া সমাজ-সংস্কৃতিক বর্ণময় সংস্কৃতি গঢ়ি তোলাত মিচিংসকলৰ সংস্কৃতিক অৱদানৰ কথা উল্লেখ কৰি অতীততে (খ্রীষ্টীয় ত্রয়োদশ) তাহানিৰ আবৰ পাহাৰৰ পৰা ভৈয়াম অঞ্চললৈ নামি আহি অসমীয়া সংস্কৃতিৰ লগত নিজৰ সমাজ-সংস্কৃতিক লীন কৰালেও অতীতৰ সৈতে সাংস্কৃতিক সম্পর্ক আজিও বিদ্যমান এই কথা উল্লেখ কৰিছে। অতীতৰ আবতানি বংশৰ এই মিচিং লোকসকলে আজিও দঃঞি-পঃলঃ, কার্চিন-কার্তাং, চেদি-মেঃলক প্রধান উপাস্য দেবতা হিচাপে জ্ঞান কৰে। লগতে নিজৰ ভাষা, সাহিত্য, সাংস্কৃতিক স্বকীয়তা অক্ষুন্ন ৰাখিছে। এইক্ষেত্রত টাইদৰ এককি নিবন্ধ সংকলনত প্রকাশিত প্রবন্ধ- মিচিংসকলৰ ধৰ্মীয় সংস্কৃতি, মিচিং সমাজত নাৰীৰ স্থান, অইনিঃতমৰ পটভূমি, মিচিং ভাষা-সাহিত্য, মিচিং ভাষা-শিক্ষা, মিচিং জনগোষ্ঠীৰ কলা আৰু শিল্প, মিচিং ৰীঙাম্ তৃৰ আদি উল্লেখযোগ্য প্রবন্ধ। এই প্রবন্ধসমূহতেই মিচিংসকলৰ পৰম্পৰা, ৰীতি-নীতি, লোকবিশ্বাস, লোকাচাৰ আদি বিভিন্ন দিশৰ উল্লেখ পোৱা যায়। কাৰণ টাইদে বিশ্বাস কৰিছিল যে, এটা জাতিৰ সংস্কৃতি জাতিটোৰ অবিচ্ছেদ্য অংগ আৰু প্রধান পৰিচয়। জাতীয় সংস্কৃতিৰ বুৰঞ্জীহে জাতিটোৰ প্ৰকৃত বুৰঞ্জী।
'মিচিং সমাজৰ বসন্ত উৎসব' আৰু 'আলি-আয়ে-লুগাং' প্রবন্ধটোত মিচিংসকলৰ অন্যতম উৎসব আলি-আয়ে লুগাং আৰু ৰঙালী বিহুৰ কথাই উল্লেখ কৰিছে। আলি-আয়ে-লৃগাং হৈছে মিচিংসকৰ কৃষি কৰ্মৰ প্ৰথম আৰম্ভণি তথা গুটি বা ফল সিঁচাৰ প্ৰাকক্ষণত মাতৃস্বৰূপ ধৰিত্ৰী আইক কৰা প্ৰথম কাৰ্যসূচী। সেইদিনা পথাৰত প্ৰতি ঘৰৰ গৃহস্থই পৰম্পৰাগত নীতি-নিয়মেৰে মাঙ্গলিক কাৰ্য্য সম্পন্ন কৰে। পৰম্পৰাগত 'পূৰাং আপিন', 'আপং', পোৰা বা পাতত দিয়া মাছ, গাহৰি মাংস, মাটি মাহ, কচুৰ আগ, কাঠ আলু আদিৰে খাদ্য গ্রহণ কৰি নৃত্য গীতেৰে আনন্দ উল্লাহ কৰি ধৰিত্ৰীৰ উৰ্বৰা বৃদ্ধি কৰি পৃথিৱীক শস্য সম্ভৱা কৰি তোলে। টাইদৰ মতে মিচিংসকলৰ দ্বিতীয়টো বসন্ত উৎসব হ'ল 'বিউ' অর্থাৎ বিহু। সমগ্র অসমবাসীয়ে পালন কৰাৰ দৰে অত্যন্ত উলহ-মালহেৰে মিচিংসকলেও বসন্ত উৎসৱ ৰঙালী বিহুপালন কৰে। সংক্ৰান্তিৰ দিনা পুৱাই গৰুক মাহ-হালধি ঘঁহি গা ধুৱাই, নতুন পঘা আঁৰি দি দীঘলটি-মাখিয়তি পাতেৰে গৰুৰ গাত কোবোৱা হয়। তাৰ অন্তৰলাত উৰ্বৰতাক বিশ্বাস কৰা হয়। এই পৰম্পৰা, বিশ্বাস, বাতি-নীতিকেই টাইদে সমাজক তুলি ধৰিছে। লগতে নৃগাঙত পৰিবেশন কৰা গীত-নৃত্য, বাদ্য, বস্ত্র, খাদ্যভাস আদিৰে মিচিং জনগোষ্ঠীটোৰ সমাজ-সাংস্কৃতিক পৰিচয় তথা লোকজীৱনক বিশ্বৰ আগত প্রতিষ্ঠা কৰিছে।
'মিচিং সমাজত নাৰীৰ স্থান' প্ৰবন্ধটোত টাইদে মিচিং সমাজ ব্যবস্থাত নাৰীৰ স্থানৰ কথা উল্লেখ কৰি নাৰীৰ উত্তৰণৰ কামনা কৰিছে। এখন সমাজত নাৰীৰ স্থান নিৰ্ভৰ কৰে বিশেষকৈ সেই সমাজৰ সভ্যতা তথা সংস্কৃতিৰ ওপৰত। গতিকে মিচিং সমাজ-ব্যৱস্থাত নাৰীৰ স্থান নিৰূপণৰ ক্ষেত্ৰত মিচিংসকলৰ সভ্যতা-সংস্কৃতি তথা লোক-জীবনপ্রণালীৰ স্বৰূপ সম্পর্কে টাইদে কৈছে যে-বিশ্বৰ অন্যান্য সমাজৰ দৰে মিচিং নাৰীও প্রধানতঃ এক মাতৃজাতি সমাজ। সৃষ্টি পক্রিয়াত নাৰীৰ ভূমিকাই মুখ্য বুলি মিচিংসকলে বিশ্বাস কৰে। কিন্তু বাস্তব ক্ষেত্ৰত সেয়া নহয়। তাৰ বিপৰীত ছবিহে পৰিলক্ষিত হয়। মিচিং পুরুষ সমাজৰ এটা মন্তব্য আছে যে-'লাউ ডাঙৰ হ'লেও পাতৰ তলঃ' অর্থাৎ পুৰুষ সদায়েই নাৰীতকৈ শ্রেয়ঃ। সেয়ে সম্পত্তিৰ ক্ষেত্ৰতো মিচিং নাৰী সম্পূর্ণ উপেক্ষিতা। পুত্র সন্তানেহে ঘৰৰ সম্পত্তিৰ অধিকাৰী হ'ব পাৰে। তাৰোপৰি ঘৰৰ ভিতৰত বহা ক্ষেত্ৰতো নাৰীৰ স্থান নির্ধাৰণ আছে। জুহালৰ কাষত মহিলাসকল পথানৰ ফালেহে বহিব লাগে, শিতানৰ ফালে বহাটো তেওঁলোকৰ বাবে নিষিদ্ধ। সেয়ে শেষত টাইদে কৈছে-"সময়ৰ অগ্ৰগতিৰ লগে লগে সভ্যতা ও সংস্কৃতিয়ে বিশ্বৰ বিভিন্ন জাতি-উপজাতিৰ নাৰী সমাজক মানসিক উৎকর্ষ সাধনৰ যি সন্ধান দিছে, মিচিং নাৰী এই পোহৰৰ পৰা এতিয়াও বঞ্চিতা। শিক্ষাৰ অভাবেই মিচিং নাৰীৰ মানসিক জড়তাৰ কাৰণ। মাতৃজাতিৰ উৎকর্ষ সাধন নোহোৱাটো মিচিং সমাজ পিছ পৰি থকাৰ এটা প্রধান কাৰণ। বননিৰ এন্ধাৰত লুকাই থকা অনাদৃত কপৌ ফুল যেন মিচিং মহিলা সকলৰ প্ৰতি নিশ্বয় আমাৰ সকলোৰে কৰণীয় আছে।"
সাম্প্রতিক গণতান্ত্রিক চেতনাৰ ভেটিত আন বহুতো জনগোষ্ঠীৰ দৰে বৰ্তমান মিচিং সমাজ-সংস্কৃতিও বিকাশৰ পথত। সংবিধানে নাৰীৰ বাবে দিয়া স্বাধীনতা এতিয়াও সুদূৰ-পৰাহত যদিও নাৰীৰ অধিকাৰ সম্পৰ্কীয় সচেনতা আগতকৈ বৃদ্ধি পাইছে। মিচিং সমাজো এই ক্ষেত্রত ব্যতিক্রম নহয়। শিক্ষাৰ লগতে বিভিন্ন কর্মক্ষেত্ৰত নাৰীসকল পুৰুষ সমাজৰ অংশীদাৰ হ'ব ধৰিছে। সমাজ, সংস্কৃতি, ৰাজনীতি সকলো ক্ষেত্রতে কেবল মাত মতাই নহয়, নেতৃত্বও লৈছে।
'মিচিংসকলৰ ধৰ্মীয় সংস্কৃতি'-এই প্রবন্ধৰ জৰিয়তে টাইদে মিচিংসকলৰ ধৰ্মীয় পৰম্পাৰা, ৰাতি-নীতিক বিশ্লেষণ কৰিছে। মিচিংসকলৰ সর্বপ্রাণবাদসূচক বিশ্বাসক টাইদে চাৰি ভাগত ভাগ কৰিছে-'উয়ু' বা 'উই', 'উৰম-পঃচুম', 'গুঃমৃন্-চঃইন', 'আপীম্-য়াপম'। এওঁলোকে দৃশ্য-অদৃশ্য ৰূপত আকাশ-বতাহ, জলে স্থল, পাহাৰ-ভৈয়াম, গছ-গছনি সকলোতে বিদ্যমান তথা বিচৰণ কৰে বুলি মিচিংসকলে বিশ্বাস কৰে। 'উই' ৰ অৰ্থ হ'ল এক অশৰীৰী সত্তা বা দেবতা। আনবোৰ অপার্থিব শক্তিৰ তুলনাত 'উয়ু'সকল অধিক মৌলিক শক্তিৰ অধিকাৰী। পানীত জ্বল দেবতা, হাবিত বনদেবতা ইত্যাদি 'উয়ু' থাকে বুলি বিশ্বাস কৰে। 'উৰম-পঃচুম' সকল অদৃশ্য প্রেতাত্মা বুলি ধাৰণা কৰে। এওঁলোকক সন্তুষ্ট কৰি নাৰাখিলে বেমাৰ-আজাৰ, নানা বিপদ-বিঘিনি, আনকি মৃত্যুও ঘটিব পাৰে। অস্বাভাবিক মৃত্যু হোৱা লোকৰ প্রেতাত্মা বিশেষভাবে বৈৰী ভাৱাপন্ন হয় বুলি বিশ্বাস কৰে। আনহাতে 'গুঃমৃন্-চঃইন্ 'সকল ৰক্ষক গোটৰ দেৱতা। এওলোকেই ঘৰ-দুৱাৰ, খেতি-পথাৰ আদি সম্পত্তিৰ ৰক্ষণাবেক্ষণত থাকে বুলি বিশ্বাস কৰে। এওঁলোকক পূজা-পাতলৰ জৰিয়তে সন্তুষ্ট কৰি ৰাখে। 'আপীম-য়াপম'সকল হাবিৰ ডাঙৰ গছত বিশেষকৈ আঁহত গছত থাকে বুলি বিশ্বাস আছে। তেওঁলোকক সাকাৰ বা মানুহৰ নিচিনা বুলি ধৰা হয়। কিন্তু তেওঁলোকক পূজা কৰা নহয়। এই 'আপীম্-য়াপম্' ক বাদ দি ঘৰৰ অসুখ-বিসুখ, অপায়-অমঙ্গল আদি হ'লে বিশেষ সকামৰ আয়োজন কৰে। এই সকামৰ বাবে কুকুৰা, গাহৰি, পৰম্পৰাগত পানীয় মদ্ আদিৰ উছৰ্গা কৰে। তাৰ উপৰিও শস্য ৰক্ষা বা গঞা ৰাইজৰ সৰ্ব মঙ্গল তথা বিপদ-বিঘিনিৰ পৰা ৰক্ষাৰ বাবে 'দবুৰ' পূজাৰ আয়োজন কৰে। এই পূজা প্রয়োজন সাপেক্ষে ঘৰুৱাভাবেও আয়োজন কৰে। এইদৰে তেওঁ মিচিংসকলৰ ধৰ্মীয় পৰম্পৰাক প্রতিষ্ঠা কৰিছে।
'অইনিঃতমৰ পটভূমি' প্ৰবন্ধটোৰ জৰিয়তে মিচিং সমাজত অইনিঃতমৰ গুৰুত্বতাক প্রতিফলিত কৰিছে। অসমীয়া সমাজৰ অতি জনপ্রিয় গীতসমুহৰ দৰে মিচিং সমাজৰ অতিকে জনপ্রিয় গীত হ'ল অইনিঃতম। অইনিঃতমবোৰ হৈছে মিচিং সমাজৰ দাপোন স্বৰূপ। ডেকা গাভৰুৰ প্ৰেম-প্রণয়েই অইনিঃতমৰ প্ৰধান উপজীব্য যদিও সমাজ জীৱনৰ সকলো দিশেই ইয়াত ঠাই পায়। অইনিঃতমৰ শব্দগত অর্থ হৈছে এনেধৰণৰ- 'অই' মানে কনিষ্ঠজন, আপোনজন, চেনেহী, প্রিয়জন আদি। আনহাতে 'নিঃতম' শব্দটো 'নিঃ' ধাতুৰ লগত তম প্রত্যয় যোগ হৈ 'নিতম' শব্দটো গঠিত হৈছে। নিঃ ধাতুৰ অৰ্থ হ'ল নিচুকা, সান্তনা দিয়া, প্রবোধ দিয়া। 'তম্' প্রত্যয়টো সাধাৰণতে কাৰোবাৰ উদ্দেশ্যে নির্দিষ্ট বা উৎসর্গিক সূচাবৰ বাবে ধাতুত যোগ দিয়া হয়। এতেকে অইনিঃতমৰ মূল অর্থ হ'ল প্রিয়জন বা আপোনজন বা প্রেমাস্পদে প্রেমাস্পদক উদ্দেশ্য কৰি গোৱা প্রণয় গীত।
আচি জিলি জিলিক, মিক্চি জিলি জিলিক্,
আচি জিলি পৃনয়েপৌ, মিচি জিলি পূর্ণীমাং।
ভাবার্থঃ প্ৰকৃতিৰ নিজৰাও নিজৰা, চকুলোৰ নিজৰাও নিজৰা; প্ৰকৃতিৰ নিজৰা শুকাই যাব পাৰে, চকুলোৰ নিজৰা কিজানি কেতিয়াও নুশুকাব। (টাবুৰাম টাইদৰ এক অনুপম সৃষ্টি, জনপ্রিয় গীত)
মিচিং চহা জীৱনৰ ঘাট-প্রতিঘাট, নৈসর্গিক পৰিবৰ্তন আৰু অদমনীয় স্বপ্নবিলাসেই অইনিঃতমৰ প্ৰেৰণা। পৰিবৰ্তনশীল সমাজৰ বুকুচাত উঠি অইনিঃতমেও নতুন নতুন ৰূপ লয়। প্রাচীন কালৰ ঐতিহ্য বিজড়িত সমাজৰ পৰম্পৰাৰ পৰা আৰম্ভকৰি শেষতীয়া ঘটনাবালীলৈকে অইনিঃতমে এক বিশাল ক্ষেত্র আকোৱালি লয়। ই কাৰো ভাষা নহয়, অথচ ই সকলোৰে ভাষা। অইনিঃতমৰ পথাৰখন লোক-জীৱনৰ ঘাম আৰু চকুলোৰে সদায়েই জীপাল।
(এই প্ৰবন্ধটো টাইদৰ স্কুলীয়া ছাত্র জীৱনতে লিখা প্রথম প্রবন্ধ। ১৯৫৭ চনত লেখকে দশম শ্রেণীত পঢ়ি থাকোঁতে লিখা আৰু এইটো প্রকাশিত হৈছিল লেখকৰ সম্পাদনাত সেই সময়তে প্রকাশিত হোৱা অসমীয়া আৰু মিচিং ভাষাৰ লিখনি সম্বলিত আলোচনী 'মিৰ-মিগল'ত।)
'মিচিং জনগোষ্ঠীৰ কলা আৰু শিল্প'- এই প্রবন্ধটোত মিচিংসকলৰ শিল্পকলা চৰ্চাৰ বিষয়ে আলোচনা কৰিছে। আৰম্ভণিতে শিল্পকলাৰ পৰিচয়মূলক আভাস দিয়াৰ লগতে নিৰ্মানৰীতিৰ ভিন্ন দিশক সামৰি লৈছে। টাইদে বিশ্বাস কৰিছিল যে সংস্কৃতিবান জাতি গঢ়িবলৈ হ'লে সংস্কৃতিৰ অন্যান্য দিশৰ লগতে বিশেষকৈ কলা আৰু শিল্পৰ বিকাশ সাধন কৰিব লাগিব। বয়নশিল্পত মিচিংসকলৰ প্রশংসনীয় স্থিতিৰ কথা আলোচনা কৰি মিচিংসকলৰ দৈননিন্দন জীৱনৰ প্রয়োজনীয় বাঁহ, বেট ব্যৱহাৰ কৰি তৈয়াৰ কৰা সঁজুলি, ঘৰ মজবুত আৰু সুন্দৰকৈ সজাবলৈ ব্যৱহাৰ কৰা বাঁহ, কাঠ আদিৰ ব্যৱহাৰৰ বিষয়ে বস্তুনিষ্ঠ আৰু যথোচিত উপস্থাপন কৰিছে। লগতে শিল্পকলাৰ বিষয়ে আলোচনা কৰোতে মিচিংসকলৰ বয়ন শিল্পকে প্রাধান্য দি কলাৰ দিশত মিচিংসকলৰ গৃহনির্মাণ পদ্ধতিৰ স্থাপত্য, ভাস্কৰ্য্য কলা, মিচিংসকলৰ লোকনৃত্য- 'গুমৰাগ চঃমান, মাক্ চঃমান (মিচিং বিহু), মিবু দাগনাম আৰু লোকগীত-কাবান্ (বিননি), বৃনি নিঃতম (নিচুকনি গীত), অইনিঃতম' আদিৰ বিষয়ে নিখুঁতভাবে আলোচনা কৰিছে। এনেবোৰ সুলিখিত প্রবন্ধতে টাইদৰ শিল্পৰসিক, শিল্পবোধ আৰু কলাত্মক অর্ন্তদৃষ্টিৰ প্রকাশ দেখা যায়।
টাইদে প্ৰবন্ধটোৰ শেষত লিখিছে- ওপৰত উনুকিয়াই অহা হৈছে যে, মিচিং জনগোষ্ঠীৰ কলা আৰু শিল্প সম্পর্কে বিশদ আলোচনা আগবঢ়োৱা এই নিবন্ধৰ উদ্দেশ্য নহয়। কলা আৰু শিল্পৰ ক্ষেত্ৰত আমি মিচিংসকল ক'ত আছোঁ আৰু বর্তমান স্থিতিৰ পৰিপ্ৰেক্ষিতত আমি কিমান বিকাশমুখী কামত হাত দিব পাৰোঁ বা হাত দিব লাগে এই সম্পর্কে মিচিং 'য়াঃমে-মৃন্থ' (ডেকা-গাভৰু) সকলক অলপ সচেতন কৰোৱাটোৱেই নিবন্ধকাৰৰ উদ্দেশ্যে। এককি নিবন্ধৰ দৰে Glimpses নামৰ ইংৰাজী গ্ৰন্থখনতো উত্তৰ-পূৱ ভাৰতৰ জনগোষ্ঠীক অধ্যয়নত সামৰি; মিচিংসকলৰ ভাষা-সমাজ-সংস্কৃতিকে ধৰি বিশেষকৈ অনুসূচিত জনজাতি সম্পর্কীয় বহুতো গুৰুত্বপূর্ণ আলোচনা সন্নিবিষ্ট কৰিছে। ভাষা, শিক্ষা, সংস্কৃতি-এই তিনিটা শিতানেৰে তেখেতৰ ভিন্নসুৰী চিন্তা-চেতনাৰ প্ৰকাশ ঘটিছে। এই গ্রন্থখন এককি নিবন্ধৰ তুলনাত অধিক পৰিকল্পিত, বিস্তৃত আৰু শিক্ষাসদী তথা বৌদ্ধিক চিন্তাৰে সমৃদ্ধ।
সংগীতৰ ক্ষেত্ৰতো টাইদৰ অৱদান অনস্বীকার্য। তেওঁ নিজেই এজন গায়ক, গীতিকাৰ, সুৰকাৰ আছিল। ছাত্রাবস্থাৰ পৰাই তেওঁ সংগীতৰ প্ৰতি ৰাপ আছিল। সেই কথাৰ উমান তেওঁ নিজে দি গৈছে- 'সৰুৰে পৰাই গুণগুণাইছিলোঁ-অইনিঃতম্ বা কাৰোবাৰ পৰা শুনা কোনো গীতৰ কলি। বৰ বেছি বে-সুৰা নাছিলোঁ বোধকৰোঁ। সেয়ে উত্তৰ লখিমপুৰ চৰকাৰী হাইস্কুলত বনগীত গাই প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু ৬ ষ্ঠ আৰু ৭ম শ্রেণীত (অর্থাৎ ১৯৫৩ নে ১৯৫৪ চনত) উত্তৰ লখিমপুৰ নগৰত অনুষ্ঠিত ৰাজ্যিক নে জিলা ভিত্তিৰ সভাত 'নোবোলোঁ তোক সোণৰ অসম মাটিৰ অসম আই'ৰ সুৰ আৰু ছন্দত ৰচনা কৰা 'লুগেমা নম্ দঃঞি আউরী প-ল আউরী নম' গীতটি পৰিবেশন কৰিব লাগে বুলি উদ্যোক্তাৰ ফালৰ পৰা মোক কৈছিল আৰু সেইমতে পৰিৱেশন কৰিছিলোঁ'। এই কথাটোৰ পৰাই টাইদৰ সংগীতৰ প্ৰতি থকা টান উপলব্ধি কৰিব পাৰি। সংগীতৰ ক্ষেত্রত টাইদ হৈছে মিচিং আধুনিক সংস্কৃতিৰ অন্যতম বাটকটীয়া। তেওঁ মিচিং সুৰৰ মৌলিক বৈশিষ্ট বৰ্তাই ৰাখি আধুনিক ৰূপত গীত পৰিৱেশনৰ পৰীক্ষা চলোৱাৰ উপৰি পৰম্পাগত সুৰ আৰু অনামিচিং সুৰ সামৰি আকাশবানীত গীত পৰিৱেশন কৰিছিল। আকাশবানী গুৱাহাটীত এককভারে আধুনিক মিচিং গীত পৰিৱেশন কৰা টাইদেই আছিল প্রথম মিচিং ব্যক্তি। টাইদৰ 'অইনিঃতমৰ পটভূমি'ৰ উপৰি 'মিচিং আধুনিক গীতৰ ধাৰা' প্ৰবন্ধটোত টাইদে মিচিং আধুনিক সাংস্কৃতিক ক্ষেত্ৰখনৰ নানান দিশ দাঙি ধৰাৰ প্ৰয়াস কৰিছে। তদুপৰি ষাঠিৰ দশকতে তেওঁৰ দ্বাৰা ৰচিত আৰু পুৰুষোত্তম দাসৰ দ্বাৰ পৰিচালিত এখনি সংগীতালেখ্য 'সাংস্কৃতিকা' আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি সম্প্ৰচাৰিত হৈছিল। অসম চৰকাৰৰ সাংস্কৃটিক সংঞ্চালকায়ে মিচিং গীতৰ এখনি লংপ্লেয়িং ৰেকৰ্ডৰ প্ৰয়োজনা কৰিছিল। এই ৰেকৰ্ডখনত টাবু টাইদে গীত পৰিবেশন কৰাৰ লগতে পৰিচালক আছিল।
মিচিং গীতৰ উপৰি টাইদে জ্যোতিসংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত আদি ব্যক্তিৰ দৰে গীত মিচিং ভাষালৈ অনুবাদ কৰিছিল। Folk songs of the Mising টাইদ আৰু বীৰেন্দ্ৰনাথ দত্তৰ যুটীয়াভাৱে সম্পাদনা কৰা গ্ৰন্থখনত মিচিং ভাষাৰ লোকগীতসমূহ অসমীয়া আৰু ইংৰাজী ভাষাত অনুবাদসহ প্রকাশ কৰা হৈছে। টাইদৰ গীত: 'আচি জিলি জিলিক' গ্রন্থৰ সম্পাদক সদানন্দ পায়েঙে লিখিছে যে-"সংখ্যাত তাকৰ যদিও গীতিকাৰে কেইবাটাও অনন্য সুন্দৰ গীত সৃষ্টি কৰিছে। অতি পুৰণি থলুৱা মিচিং লোকসুৰ আৰু আধুনিক সুৰৰ সংমিশ্রণত সৃষ্টি কৰা টাইদৰ গীত সামাজিক চেতনা, প্রেম-বিষাদ, আশা-নিৰাশা ইত্যাদি বিষয়ৰ সমাহাৰ। তেখেতৰ গীতৰ সুৰত ইতিমধ্যে হেৰাই যোৱা বহু মিচিং লোকগীতৰ সুৰ বিচাৰি পোৱা যায়”। ১৯৮০ চনত অসম চৰকাৰে তেওঁৰ সংগীত প্রতিভাক স্বীকৃতি দিবলৈ 'বাৰেবৰণীয়া অসম' নামৰ লং প্লেয়িং ৰেকৰ্ড এখন উলিয়াইছিল। গতিকে নানান কর্মক্ষেত্ৰৰ মাজেতো মিচিং সংগীতৰ ক্ষেত্রখনতো টাইদে স্বকীয় গৰিমামণ্ডিত অৱদান দি গ'ল।
সংগীতৰ উপৰি টাবু টাইদৰ সাহিত্যৰ ক্ষেত্ৰখনত আন এক সংযোজন হ'ল Yazyok Dozying নামৰ গ্ৰন্থখন। গ্ৰন্থখন ৰসৰাজ জেববৰুৱাৰ বুঢ়ী আইৰ সাধু গ্ৰন্থখনৰ মিচিং ভাষালৈ কৰা অনুবাদ। মিচিং সাহিত্য সভাৰ দ্বাৰা গ্ৰন্থখন ২০০৫ চনত প্ৰকাশ কৰা হৈছিল। অনিল কুমাৰ পেণ্ডৰ লগত যুটীয়াভাবে অনুবাদ কৰা গ্ৰন্থখনৰ যোগেদি কন কন মিচিং লৰা-ছোৱালীক ৰসৰাজৰ সাধু কথাৰ ৰস উপভোগ কৰোৱাৰ উদ্দেশ্যে টাইদে গ্রন্থখন প্রকাশ কৰিছিল। তেওঁৰ আন এখন শিশু উপযোগী পদ্য সংকলন হ'ল Poman Moman। গ্রন্থখন প্রাথমিক শিক্ষা সঞ্চালকৰ দ্বাৰা অনুমোদিত হৈ অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা ১৯৮৭ চনত প্ৰথম প্ৰকাশ কৰা হয়। গ্ৰন্থখনৰ প্ৰায়বোৰ পদ্যই মিচিং সমাজ-সংস্কৃতিক উপস্থাপন কৰা দেখা যায়।
টাবুৰাম টাইদৰ আন এখন উল্লেখযোগ্য গ্রন্থ হ'ল - The Scheduled Tribes of Assam। এই গ্রন্থখন তথ্য আৰু জনসংযোগ বিভাগে ২০১৭ চনত প্রকাশ কৰে। গ্ৰন্থখনৰ এটি অধ্যায়ত টাইদে সুদীর্ঘভাৱে অসমৰ অনুসূচিত জনজাতিৰ বিষয়ে আলোচনা আগবঢ়াইছে। তদুপৰি পাহাৰীয়া জনজাতি আৰু ভৈয়াম জনজাতিৰ বিষয়ে সুকীয়া সুকীয়াকৈ দুটা অধ্যায়ত বিশদ বিৱৰণ আগবঢ়াইছে।
এই সকলোবোৰ দিশ বিচাৰ কৰিলে আমি দেখা পাওঁ যে মিচিং সমাজ-সংস্কৃতিৰ গঠন তথা জাতীয়তাবাদী চিন্তাৰ উত্তৰণত টাবু টাইদৰ অৱদান সঁচাই উল্লেখনীয়। মিচিংসকলৰ সৰল জাতীয়তাবোধ আৰু সুষ্ট জাতীয়তাবাদী আন্দোলন গঢ় লৈ উঠাৰ অন্তৰালত টাবু টাইদৰ সুষ্ট সৰল চিন্তাধাৰা আৰু সমাজহিতৈষী কৰ্মৰাজিৰ প্ৰভাৱ সকলোৰে আদৰ্শনীয় আৰু প্রশংসনীয়া। মিচিং সমাজত তেওঁৰ অৱদানক লৈ কিছু ব্যক্তিয়ে উক্তি প্রকাশ কৰিছিল-
মিচিং আগম্ কীবাঙৰ প্রাক্তন সভাপতি গোবিন্দ টাইদৰ মতে- 'পৃথিৱীত চন্দ্র সূর্য থকালৈকে তেওঁৰ অৱদান সকলোৱে স্মৰণ কৰিব, বিশেষকৈ মিচিং ভাষাৰ ভেটি স্থাপন কৰোঁতা স্বনামধন্য ব্যক্তি হিচাপে তেওঁৰ নাম ইতিহাসৰ পাতত চিৰকাললৈ জিলিকি থাকিব"
কালিনাথ পাংগিঙৰ মতে- "আগম মিগাং টাবুৰাম টাইদদেৱেই মিচিং ভাষাৰ লিপি আন্দোলনৰ বাটকটীয়া ব্যক্তি, মিচিং জনগোষ্ঠীৰ স্বপ্নদ্রষ্টা পুৰুষ।"
পিটাৰ পেণ্ডৰ মতে- "As a whole the life of Prof. Tabu Ram Taid was an era-an era of struggle, an era of success, an era of creativity, an era of socio-culture and literary growth for Mising Community."
ড° প্রদীপজ্যোতি মহন্তৰ মতে-“তেখেতৰ বিয়োগ মিচিং সাহিত্য-সংস্কৃতিৰ তথা অসমীয়া ভাষা সংস্কৃতিৰ সাৰস্বত পৰিমণ্ডলত এক বুজাব নোৱাৰা শূন্যতা।”
ড° বিদ্যেশ্বৰ দলেয়ে কয়- "মিচিং জাতীয়তাবাদী চিন্তাধাৰাৰ উত্তৰণত টাবুৰাম টাইদৰ অৱদান যে উল্লেখনীয় তথা প্রশংসনীয় তাত সন্দেহৰ কোনো অৱকাশ নাই।"এইদৰে আৰু বিভিন্নজনে টাইদৰ মিচিং ভাষা-সাহিত্য-সংস্কৃতিক দিয়া অৱদানক লৈ নানা ভাষ্য আগবঢ়াইছে।
টাইদৰ সৃষ্টিৰাজি কেৱল মিচিং ভাষা-সাহিত্য বা মিচিং লোক-সংস্কৃতিতে সীমাবদ্ধ নাছিল। বৃহত্তৰ অসমীয়া সাহিত্য-সংস্কৃতিৰ সৈতেও তেওঁ পৰিচিত তথা অবদান উল্লেখনীয়। English For School ছাত্র-ছাত্রীৰ মাজত জনপ্রিয় এখন ইংৰাজী ব্যাকৰণ। টাইদে উদয় দত্তৰ লগত যুটীয়াভারে স্কুলীয়া ছাত্র-ছাত্রীৰ উপযোগীকৈ এই ব্যাকৰণখন ৰচনা কৰিছিল।
তেওঁৰ আন এখন উল্লেখযোগ্য গ্রন্থ হ'ল-Banikanta kakati: The Man and His Works এই গ্রন্থখন টাইদ আৰু ৰঞ্জিৎ দেৱগোস্বামীৰ দ্বাৰা সম্পাদিত এখন উৎকৃষ্ট গ্রন্থ। গ্রন্থখনত কেৱল ড° বানীকান্ত কাকতিৰ সাহিত্যকর্মই সন্নিবিষ্ট হৈ থকা নাই; গ্রন্থখনত সন্নিবিষ্ট হৈ আছে অসমীয়া ভাষা আৰু সাহিত্যৰ তত্ত্বগধুৰ সমল। তদুপৰি এক অসম, আমাৰ শিক্ষা, অসমীয়া ভাষাত লিপ্যন্তৰ, ৰঙালী বিহুৰ বতৰা, পাশ্চাত্য চিত্রশিল্পৰ ৰেঙণি, বিট্রেনৰ মুকলি বিশ্ববিদ্যালয়, লণ্ডনৰ নেশ্যনেল গেলেৰী আকৌ চালোঁ আদি উৎকৃষ্ট প্রবন্ধৰাজিৰ বিচক্ষন সৃষ্টিৰে অসমীয়া সাহিত্য-সংস্কৃতিলৈ অনবদ্য অবদান আগবঢ়াইছে।
তেওঁৰ এই জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বরূপে বিভিন্ন অনুষ্ঠানৰ বিভিন্ন সম্মান লাভ কৰিছিল। সাহিত্য অকাদেমীৰ 'ভাষা সন্মান বঁটা', 'চুকাফা বঁটা', 'বাসুদের জালান বঁটা', 'অসম শ্রেষ্ট বঁটা, 'আনন্দৰাম বৰুৱা বঁটা' (মৰণোত্তৰভাবে), 'আগম মিগাং সন্মান' আদিৰ দৰে সন্মানেৰে টাইদক সন্মানিত কৰা হৈছিল। এই মহান বিদ্বান, ভাষা-সাহিত্য-সংস্কৃতিৰ পিতৃস্বৰূপ টাইদৰ স্মৃতি অসমীয়া সমাজৰ মাজত চিৰস্মৰণীয় হৈ ৰ'ব।
প্রসংগ টোকা-
স্বৰগোহাঞি হোমেন (মু. সম্পা.), মিচিং নৱজাগৰণৰ উদ্গাতা অসম গৌৰৱ টাবু টাইদ, পৃ. ৩১৭
উল্লিখিত, পৃ. ৩১৯
ঊল্লিখিত, পৃ. ৩১৯
হোচেইন ইছমাইল, মিচিং সমাজ-ইতিহাস আৰু সংস্কৃতিৰ ঐতিহ্য, পৃ. ৪২১
বৰগোহাঞি হোমেন (মু. সম্পা.), উল্লিখিত, পৃ. ১৭৭
টাইদ টাবু, একুকি নিবন্ধ, পৃ. ১৭২
বৰগোহাঞি হোমেন (মু. সম্পা.), উল্লিখিত, পৃ. ১৭৭
সহায়ক গ্রন্থপঞ্জী-
অসমীয়াঃ
টাইদ টাবু। একুকি নিবন্ধ। ধেমাজি মিচিং আগম্ কীবাং প্রকাশন, প্রথম প্রকাশ, ২০০৭।। মুদ্রিত
টাইদ যোগেন। ডম্বৰুধৰ মিলি (সম্পা.)। টাবুৰাম টাইদ এটি আলোকপাত। প্রকাশকঃ দিতীমণি টাইদ, গুৱাহাটী, প্রথম প্রকাশ, ২০১২। মুদ্রিত
পাংগিং কালিনাথ। মিচিং আগাম কীবাঙৰ চমু ইতিহাস। ধেমাজি মিচিং আগীম কীবাং প্রকাশন, ২০২০। মুদ্রিত
বৰগোহাঞি হোমেন (মু. সম্পা.)। মিচিং নৱজাগৰণৰ উদ্দ্গাতা অসম গৌৰৱ টাবুৰাম টাইদ। উত্তৰ গুৱাহাটীঃ আবিলেক প্রকাশন, প্রথম প্রকাশ, ২০২১। মুদ্রিত
মিচিং
টায়ে লক্ষ্মীনাথ (সম্পা.)। Agom Migang Taburam Taid Turyinge la Taniade। ধেমাজি: মিচিং আগৌম কৌবাং