আপঙীয়া সুৰ

দেৱকান্ত বৰুৱা


 কনেং তোৰ কঁকালৰ ছেওত 

নৈপৰীয়া তেজাল সাধু এটি

বুকুত বাজে


ফুলাম মিবু গালুক

সেয়া কালৈ সাঁচিচ?

ফাগুনীয়া ঢৌবোৰ পিছে

সাঁচি নাৰাখিবি

ঐনিতমৰ সুৰত ভাঁহি যাবলৈ দে


সৃষ্টিৰ আদিমতম মন্ত্ৰ এটাৰে

পৃথিৱী সন্তানসম্ভৱা

চহা সপোনবোৰক বাট দেখুৱাই

এয়া ফাগুন আহিছে

পথাৰখন সাৰ পাওক


চেঙেলীয়া উৰুলি কিছুমানৰ আঁত বিছাৰি

মোৰ হাতত এয়া আপঙৰ বাটি

কনেঙ ঐ, তই মাত্ৰ হাতখন দে

ৰঙীয়াল আবেগ এটা সাৱটি

আমিও সাজো সপোনৰ ঘূণাসুঁতি