ফাগুনৰ স'তে
পৰিস্মিতা চাংমাই
ফাগুনৰ স'তে
পৰিস্মিতা চাংমাই
সৰিয়হৰ জোনাক ফুলা নৈ-কাষৰীয়া চাপৰিয়ে
ঋতু ফাগুনীৰ পহিলা বুধবাৰক জীও দিয়ে।
ঐনিতমৰ সুৰত গুমৰাগ ঢোলৰ ছেৱত
কলিজাবুলীয়া লৃগাং উৎসৱৰ ন-জোন জ্বলে।
চাংঘৰ শুৱনি আপং বাতিয়ে নানা জাতিৰ হৃদয় জিনে,
সমন্বয়ৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ মেহফিলত
নাৰী-পুৰুষৰ সমতাই জীৱনক আবিৰ সানে।
তাঁতশালৰ পাকৈত শিপিনীয়ে সূতাৰ পাকতে
বাৰেৰহণীয়া সংস্কৃতিৰ বোলেৰে কাপোৰত বুটা বাচে।
মিবু গালুকৰ প্ৰতিডাল সূতাত
প্ৰেয়সীৰ প্ৰেমৰ পৰশে পৰাণৰ গীত ৰচে।
শিমলুৰ ৰঙা ৰঙা পাহ মেলা ঠালত
প্ৰকৃতিৰ মনোহাৰী ৰূপে আকাশ জুৰাই পাখি মেলে।
বন কঁহুৱাৰ বনৰীয়া ৰাগীত উৰণীয়া চৰাইৰ কলৰোল
লৃগাঙৰ নিশা নৃত্য-গীতৰ ফাগুন শীতল প্ৰীতিৰ বোল।
যুগে যুগে আমাৰ লৃগাং জীৱনৰ প্ৰতীক
আমি এই লৃগাঙৰ বৰণীয়া প্ৰতীক।।