আৰম্ভনি :
উত্তৰ পূব ভাৰত হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি। ইয়ালে বিভিন্ন সময়ত বিভিন্ন ধৰনৰ জাতি জনগোষ্ঠীৰ প্ৰব্ৰজনৰ হোৱা পৰিলক্ষিত হয় । তেওঁ লোকৰ প্ৰত্যেকৰে নিজা নিজা ভাষা সংস্কৃতি আছে যাৰ দ্বাৰা অসমক বৈচিত্ৰময় আৰু চহকী কৰি ৰাখিছে । ইয়ালে বিভিন্ন সময়ত প্ৰব্ৰজিত জাতি জনগোষ্ঠী সমূহৰ ভিতৰত এটা অতি উল্লেখযোগ্য আৰু চহকী জাতি হৈছে মিচিং সকল। মিচিং জনগোষ্ঠী সকল বিশেষকৈ অসমৰ খিলঞ্জীয়া জনগোষ্ঠী । তেওঁ লোক মূলত : ধেমাজি, লখিমপুৰ, মাজুলী, ডিব্ৰুগড়, তিনিচুকীয়া আদি বিশেষ ভাৱে বসবাস কৰা দেখিবলৈ পোৱা যায় ।
মিচিং জনগোষ্ঠীৰ কৃষি পদ্ধতি :
১/ প্ৰাৰম্ভিক পৰ্যায়ৰ কৃষি :
মিচিং লোকসকল পূৰ্বতে অসমৰ হিমালয়-তিব্বতী অঞ্চলত বসবাস কৰিছিল । তাত থকাৰ অৱস্থাতে তেওঁ লোকে পাহাৰৰ এঢলীয়া ঠাইত থকা বিভিন্ন ধৰনৰ হাবি-বন চাফা কৰি ঝুম খেতি কৰিবলৈ লৈছিল। যেতিয়া তেওঁ লোক পাহাৰ এৰি সমভূমি লৈ আহিছিল তেতিয়া তেওঁ লোকে ঝুম খেতিৰ পৰম্পৰা লগত লৈ আনিছিল বুলি বিশ্বাস কৰে।
তেওঁলোক যিহেতু বিশেষভাৱে কৃষিৰ লগত জড়িত গতিকে তেওঁলোকৰ বসতি প্ৰায় নদীৰ দাঁতি-কাষৰীয়া অঞ্চলত হোৱা পৰিলক্ষিত হয় । তেওঁলোকে যদিও ঝুম খেতিৰ পৰম্পৰা লগত লৈ আহিছিল যদিও পৰৱৰ্তী সময়ত বিভিন্ন ধৰনৰ ধান খেতি কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত তেওঁলোকে খেতি কৰিবৰ বাবে নাঙল আৰু গৰু বা ম'হ ৰ সহায় লৈছিল ।
২/ ঔপনিৱেশিক যুগ :
ঔপনিৱেশিক যুগত ব্ৰিটিছে বিভিন্ন ধৰনৰ আধুনিক জলসিঞ্চন, বানিজ্য, চাহ-বাগিচা আদি প্ৰতিষ্ঠা কৰিছিল। এই সময়ত বহু অসমীয়া জনগোষ্ঠীয়ে চাহৰ দৰে ব্যৱসাই দিশে আগবাঢ়িছিল কিন্তু তাৰ বিপৰীতে মিচিং জনগোষ্ঠীয়ে নিজৰ পৰম্পৰাত কৃষিকে জীৱিকাৰ মাধ্যম হিচাপে গ্ৰহণ কৰি থাকিলে। সেই সময়ত তেওঁলোকে আলু, কুঁহিয়াৰ, তৈলবীজ আদি নতুন শস্যৰ প্ৰচলন কৰিছিল।
বানপানীয়ে তেওঁলোকৰ কৃষি ধ্বংস কৰাৰ ফলত তেওঁলোকে ঋতুভিত্তিক কৃষি চক্ৰ বজাই ৰাখিবলৈ বাধ্য হ'ল ।
৩/ আহোম যুগৰ কৃষি ব্যৱস্থা :
আহোম ৰাজত্বৰ সময় চোৱাত (১২২৮-১৮২৬)অসমত কৃষি পদ্ধতি অধিক সবল হ'বলৈ আৰম্ভ কৰে । এই সময়চোৱাত মিচিং জনগোষ্ঠী সকলে স্থানীয় বজাত তেওঁলোকে উৎপাদন কৰা বিভিন্ন ধৰনৰ ধান, সৰিয়হ, শাক-পাচলি আদি যোগান ধৰি স্বাৱলম্বী বাট মুকলি কৰে ।
৪/ স্বাধীনোত্তৰ পিছৰ কৃষি পদ্ধতি : (১৯৪৭- বৰ্তমানলৈকে)
স্বাধীনতাৰ পিছত মিচিং জনগোষ্ঠীয়ে স্থানান্তৰিত কৃষিৰ সলনি স্থানীয়ভাৱে ধানৰ কৃষি কৰিবলৈ আৰম্ভ কৰে । চৰকাৰে জলসিঞ্চন প্ৰকল্প আৰম্ভ বিভিন্ন ধৰনৰ হাইব্ৰিড ধানৰ বীজ যোগান ধৰি জনসাধাৰণক উৎসাহিত কৰিছিল যদিও বহু কৃষকে থলুৱা বানপানীৰ পৰা প্ৰতিৰোধী ধানৰ কৃষিকে কৰি থাকিল ।
পৰৱৰ্তী সময়ত অসমৰ বানপানীৰ সমস্যা অভাৱনীয় হৈ পৰিল যাৰ ফলত মিচিং জনগোষ্ঠী সকলে কৃষি পদ্ধতি কৌশল সলনি কৰিবলৈ ল'লে । তেওঁ লোকে শস্য সংৰক্ষণৰ বাবে পানীৰ ওপৰত ওখ চাং ঘৰ নিৰ্মাণ কৰিলে তেওঁ লোক যিহেতু নদীৰ পাৰত বিশেষ ভাৱে বাস কৰিছিল কিন্তু বানপানীৰ সমস্যা ৰ বাবে তেওঁলোকে ওখ ঠাইলৈ প্ৰব্ৰজন কৰিল।
সময়ৰ পৰিৱৰ্তনৰ লগে লগে মিচিং লোকসকলে বিভিন্ন ধৰনৰ উচ্চ উৎপাদন সম্পন্ন ধানৰ কৃষি কৰাৰ লগতে বিভিন্ন ধৰনৰ যান্ত্ৰিক সঁজুলি আৰু চৰকাৰী আঁচনি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে । কিন্তু তাৰ সমান্তৰাল ভাৱে তেওঁলোকে জৈৱিক আৰু পৰম্পৰাগত কৃষি এতিয়াও বৰ্তাই ৰাখিছে । তেওঁলোকে জীৱিকাৰ বাবে যিহেতু মাছ ধৰা কাৰ্য ও কৰে গতিকে কৃষিৰ লগতে এই কাৰ্য ও তেওঁ লোকে বৰ্তমান সময়তো কৰি থকা দেখিবলৈ পোৱা গৈছে ।
৫/ মিচিং জনগোষ্ঠী কৃষিৰ পদ্ধতিৰ কিছুমান বিশেষ বৈশিষ্ট :
ক/ বান- প্ৰতিৰোধী কৃষি : তেওঁ লোকে বিশেষকৈ বানপ্ৰতিৰোধী কৃষি কৰিবলৈ ল'লে যাতে বহু দিন ধুব গৈ থাকিও জীয়াই থাকে । যেনে- বাওধান। বানপানীৰ আগতে আৰু পিছত উৎপাদন সৰ্বাধিক কৰিবলৈ তেওঁ লোকে ঋতু অনুসৰি শস্য আৱৰ্তন কৰা অভ্যাস গঢ়ি তুলিলে।
খ/ সম্প্ৰদায়ভিত্তিক কৃষি : বিশেষকৈ তেওঁলোকে শাল বোৱা আৰু চপোৱাৰ সময়ত সামূহিক ভাৱে কৃষি কৰে । ফাগুন মাহৰ প্ৰথমটো বুধবাৰ অৰ্থাত আলি-আয়ে-লৃগাংৰ দিনৰ পৰা এই কৃষিৰ বীজ ৰুপন কৰা কাৰ্য আৰম্ভ হয় ।
গ/ জীৱিকাৰ বৈচিত্ৰতা : কৃষিৰ সমান্তৰাল ভাৱে মিচিং লোকসকলে জীৱিকাৰ বাবে মাছ ধৰা, পশু পালন কৰা (হাঁহ , কুকুৰা, গাহৰি, গৰু) আৰু বয়ন শিল্পৰ লগত জড়িত হোৱা দেখিবলৈ পোৱা গৈছে ।
সামৰণি:
প্ৰব্ৰজন, বানপানী, আৰু বাহ্যিক প্ৰভাৱৰ দ্বাৰা গঢ় লৈ উঠা খেতিৰ পৰিৱৰ্তনৰ পৰা ভিজা ধান খেতিয়ে অসমৰ মিছিং জনগোষ্ঠীৰ কৃষিৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহনা যোগাই আহিছে । তেওঁলোকে আধুনিক কৌশল গ্ৰহণ কৰিছে যদিও বান প্ৰতিৰোধী শস্য আৰু বহনক্ষম কৃষিৰ বিষয়ে তেওঁলোকৰ থলুৱা জ্ঞান তেওঁলোকৰ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ হৈয়েই আছে।