আলি-আঃয়ে-লৃগাঙৰ আখ্যান (Mythology) আৰু তাৎপর্য:
পৃথিৱীৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ দৰে অসম আৰু অৰুণাচল প্রদেশত বাস কৰা মিচিংসকলৰো বিভিন্ন সময়ত বিভিন্ন পূজা, উৎসৱ অনুষ্ঠিত হয়। সেইবোৰৰ ভিতৰত আলি-আঃয়ে-লৃগাং, দবুৰ পূজা, পঃৰাগ, আদাঃ দাঙাং উৎসব আদি বিশেষভাৱে উল্লেখযোগ্য। আঃবাং অর্থাৎ মিবু/মিৰ দেওধায়ে পৰিবেশন কৰা মিচিং ধর্মীয়মূলক, স্তুতিমূলক পৌৰাণিক গীতসমূহত মিচিং সমাজৰ এই উৎসৱ, পার্বণ, পূজা-সকাম আদিৰ উৎপত্তি সম্বন্ধে কিছুমান আখ্যান পোৱা যায়। তেনে আখ্যান অনুযায়ী পৃথিৱীৰআদিমানৱ আব'তানিয়ে চন্দ্র দেৱতাৰ জীয়েক কার্মীক বিয়া কৰাইছিল। দুয়োৰে মিলনৰ ফলত বহুতো সন্তান-সন্ততিৰ জন্ম হৈ পৃথিৱীত মানুহেৰে ভৰি পৰে। ফলত ইয়াত জীয়াই থাকিবলৈ খাদ্যৰ নাটনি হোৱাত পিতামহ আব'তানি বৰ চিন্তিত হৈ পৰে। আব'তানিয়ে তেওঁৰ বংশধৰসকলক পৃথিৱীত কেনেকৈ জীয়াই ৰাখিব পাৰি তাৰ উপায় বিচাৰি এদিন এটা কুকুৰৰ সৈতে কাজুম কাজী নিবাস স্থান কঃজী পাঃতাঙলৈ যাত্ৰা কৰে। কঃজী পাঃতাং হ'ল শস্যান্ন আৰু প্ৰাণৰ ক'জুম-ক'জীৰ নিবাস স্থান। এদিন তালৈ বুলি আব'তানিয়ে যাত্ৰা আৰম্ভ কৰি এটা সময়ত হ্ৰদৰ তল পায়গৈ। সেই হ্রদৰ অন্তর্ভাগতে আছিল কঃজুম-কঃজীৰ দেশ কঃজী গৃঃতী। কিন্তু কঃজীপাঃতাঙত কেনেকৈ প্ৰৱেশ কৰে, সেই কথা ভাবি তেওঁ উপায়ান্তৰ হৈ এটা সময়ত হ্ৰদৰ পাৰত দুখে ভাগৰে বহি পৰে। ঠিক সেই সময়তে নাতি দূৰত্বত দঃযুংবতী প্রকট হ'ল। আব'তানিয়ে হঠাতে দঃযুংবতীক হ্ৰদৰ পাৰত দেখা পাই তেওঁৰ ওচৰলৈ গৈ প্রণাম জনালে আৰু ভক্তিভৰা প্ৰাৰ্থনাবে শ্রদ্ধা নিবেদন কৰিলে। আব'তানিৰ প্ৰাৰ্থনাত দঃয়িং বর্তী তুষ্ট হৈ তেওঁক কি সহায় লাগে সুধিলে। তেতিয়া আব 'তানিয়ে পৃথিৱীত খাদ্য সংকটৰ ফলত মানৱজাতিৰ বিনাশৰ উপক্ৰম হৈছে আৰু সেই ভয়াবহ সংকটৰ পৰা মুক্তি পাবৰ বাবে উপায় বিচাৰি খাদ্য-শস্য আৰু প্ৰাণৰ গৰাকী কঃজুম-কঃজীৰ ওচৰলৈ যোৱাৰ পথৰ সন্ধান বিচাৰে। দঃযুঙবতীয়ে আব'তানিৰ হাতত বাংগেন অর্থাৎ এডাল লাখুটি তুলি দি তাক লৈ কঃজী পাঃতাঙত বুৰ মাৰিবলৈ পৰামৰ্শ দিয়ে।
আব'তানিয়ে দীঘল লাখুটিডালত ভৰ দি কঃজীগৃঃতীত প্রৱেশ কৰে। কঃজুম-কঃজীয়ে কঃজীগৃঃতীলৈ তেওঁ অহাৰ কাৰণ সোধাত আব'তানিয়ে পৃথিৱীত খাদ্যান্নৰ নাটনিৰ বাবে জনজীৱনৰ অস্তিত্বলৈ সংকটাৱস্থা অহা বুলি কয় আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় দিবলৈ কঃজুম-কঃজীক আকুল মিনতি ধৰে। আব'তানিৰ ভক্তি আৰু শ্রদ্ধাভৰা প্রার্থনাত সন্তুষ্ট হৈ কঃজুম-কাজীয়ে তেওঁক শস্যৰ বীজ প্রদান কৰি খেতি কেনেকৈ কৰিব লাগে আব'তানিক পৰামৰ্শ দি কৈছিল।
"দৃগৃন্ লৃগ্গদৰ, দৃগুন-দুইয়ী আঃয়ৌ
বাঃপী য়ৃঃলুঙী য়ৃঃচাঃয়ী,
গিলৃং-গাল্লৃঙী পৃঃয়ী
আলি-আঃয়ীম্ লৃগ্গদ লাঃয়ী"।
অর্থাৎ বসন্ত কালৰ প্ৰাকক্ষণত বীজ ৰোপণ কাৰ্য আৰম্ভ কৰিবলৈ লোক প্রবাদ আছে। পৰৱৰ্তী কালত দঃয়ূবতীৰ পৰামৰ্শত বিবিধ সঁচৰ বীজ সংগ্ৰহ কৰি আনি পৃথিৱীত সিঁচিলে বা ৰোপণ কৰিলে আৰু বীজ ৰোপণৰ মূহুৰ্তত নিম্ন উল্লেখিত শ্লোক বা লুবেঃ আওঁৰা হয়-
Sé akosinnangka
Do:nyé tadlangka
Po:lo tadlangka
Rugjig me:rang tadlangka
sutkin kedeng tadlangka
Ki:né na:né tadlangka,
Ko:jé go:lung go:samotagyi:ka
Ta:par go:lung go:sa motagyi:ka
Panang oírém irsa: motagyi:ka
Banji oirém írsa: motagyi:ka
Amgo go:lungém go:sa motagyi:ka.
Irroi! Irroi! Irroi!
সেইমতে, তানিয়ে কঃজুম-কঃজী দেশৰ পৰা ধান, গোমধান, কচু, চংকৃগ, পাক্সি, ভিনটি, আঞাক, কামৰালি, লদৰ আদিৰ বীজ আনি পৃথিৱীত সিঁচি বা ৰোপণ কৰি "তাকু কুবাদ" কৰিবলৈ পৰামৰ্শ দিলে; আৰু এই অনুষ্ঠানত নিম্ন উল্লেখিত লুবেঃ বা শ্লোক আওঁৰাবলৈ শিকাই দিলে।
Sé akosinnagka
Gi:mang takuém kubad du:néiké
Odéng kadmangém kadbi du: néké
Bumbo sibiyém bi:tid du:néké
Mi ogarém garmo toika
Mimang ogarém garmo toika
Lépo: séír motagyi:ka
Lakpo: séir motagyi:ka
Sé; gí:mang takuém kubad du:néiké.
কঃজুম কঃজীৰ প্ৰাপ্ত বিধান অনুসৰি লুগ্গদ আৰু তাকু কুবাদ কার্য সমাপন কৰি আব 'তানিয়ে পাঁচদিনলৈ গেনা মানি পথাৰলৈ গৈ দেখে যে, বন কুকুৰা আৰু কপৌ চৰাইবোৰে শস্যবোৰ আচুৰি খাই শেষ কৰি থৈছে। তাকে দেখি আব'তানিয়ে শোকত কান্দি থকা অৱস্থাত ধনু-কাড়েবে সু-সজ্জিত চীওকাঃৰ নামৰ ব্যাধ এজন প্ৰকট হৈ কন্দাৰ কাৰণ সুধিলত তানিয়ে বন কুকুৰা আৰু কপৌ চৰাইবোৰলৈ আঙুলিয়াই দেখুৱাই আব'তানিয়ে সকলো কথা বিৱৰি ক'লে। এই বিৱৰণ শুনি ব্যাধজনে কাড় মাৰি কুকুৰা আৰু কপৌ চৰাইবোৰ মাৰি পেলালে। তানিয়ে বন কুকুৰা আৰু কপৌ চৰাইবোৰৰ বুকু ফালি কঠীয়াবোৰ উলিয়াই পুনৰ সিঁচি দিয়াত খেতি উৎপাদন হ'ল।
"আলি লৃগ্গদ” মিচিং জাতীয় জীৱনত এৰাব নোৱাৰা এক কৃষিভিত্তিক পৰম্পৰা অনুষ্ঠান। যিটো পূৰ্বৰ পৰা পৰিয়াল ভিত্তিত এই মাংগলিক কাৰ্য কৰাৰ লগতে গাঁও ৰাইজে সমূহীয়াভাৱে সমাপন কৰে। উল্লেখ্য যে, পূর্বতে এই ধর্মীয় বা কৃষ্টিগত কাৰ্য নির্ধাৰিত বা মনোনীত দিনৰ বিয়লি বেলাতহে এই লৃগ্গদ আৰু তাকু কুবাদ কার্য সমাপন কৰা হৈছিল বুলি জনশ্রুতি আছে। বিশেষকৈ লৃগ্গদ কার্যত এজোপা গছৰ গুৰিত চাৰিডাল পিঃৰ গুজি দিয়ে (পূৰ্বতে গছজোপা নাথাকিলে পাঁচডাল পিঃৰ আগুৰি গুজিছিল বুলি শুনা যায়) আৰু প্ৰতিডাল পিঃৰ'ৰ ঠাৰিৰ ফাঁকে ফাঁকে কঁপাহৰ কোচা গুজি দিয়া হয়।
আলি-আঃয়ে-লৃগাংৰ মাংগলিক কার্য সম্পাদনা কৰোঁতে প্রয়োজনীয় সামগ্রী আৰু ব্যৱহাৰিক কার্য:-
১। মুৰং, কুমচুং আৰু পঃয়ুব প্রতীকি হিচাপে নিৰ্মাণ কৰিব।
২। আলি-আঃয়ে-লৃগাঙৰ উপলক্ষে নিৰ্মাণ কৰা মুৰং, কুমচুং আৰু পঃযুবৰ বেৰা আৰু ছাল নির্মাণত খেৰ, টকৌ পাত, তীৰুক, তাৰা ব্যৱহাৰ কৰিব। ইয়াৰ পৰিৱৰ্তে কলৰ ঢকুৱা, নাৰিকলৰ পাত অথবা তামোলৰ পাত/ঢকুৱা ব্যৱহাৰ নকৰিব।
৩। মুৰং, কুমচুং আৰু পঃয়ুৱ ইত্যাদি নিৰ্মাণৰ ক্ষেত্ৰত বেত, বাঁহৰ টঙাল, হাবি-বননিৰ বনলতা আদি ৰছী হিচাপে ব্যৱহাৰ কৰাৰ নিয়ম। ইয়াৰ পৰিৱৰ্তে চুটলী, নাৰিকলৰ ৰছী, প্লাষ্টিকৰ ৰছী আৰু তাঁৰ ব্যৱহাৰ নকৰিব।
8। আলি-আঃয়ে-নৃগাঙত পতাকা অথবা যিকোনো ধৰণৰ কাপোৰ উঠাই উদ্যাপন কৰাৰ নিয়ম নাই। সেয়েহে, পতাকা উত্তোলনকে ধৰি তেনে ধৰণৰ কাৰ্য নকৰিব।
৫। আলি-আঃয়ে-লৃগাঙত "লৃগ্গদৰ /লিঃলোপ”ৰ পৰা "লি'লেন "লৈকে স্বকীয় সাজ-পাৰ পৰিধান কৰিব আৰু লৃগাঙৰ ৰীতি-নীতি অনুযায়ী খাদ্য ব্যৱহাৰ কৰিব।
৬। আলি-আঃয়ে-লৃগাং গাঁও ভিত্তিতহে উদযাপন কৰিব পাৰিব।
৭। আলি-আঃয়ে-নৃগাং উৎসৱ আদৰণিৰ গইনা লৈ waiting night নামাংকৃত অপৰম্পৰাগত নীতি নকৰিব।
লৃগ্গদৰ / আদি চিহ্নামঃ
লৃগ্গদৰ মাংগলিক কার্য সম্পাদন কৰিবৰ বাবে পৰিষ্কাৰ স্থানত মাটি চহ্ কৰি ল'ব। চহ্ কৰা মাটিডোখৰৰ চাৰি দিশত একোডালকৈ পিঃৰ গুজি দি ল'ব। গুজিয়া দিয়া পিঃৰ (মেগেলা বন) পাতৰ ফাঁকে ফাঁকে কপাহ একোচাকৈ গুজি দিব।
এই কাৰ্য সম্পাদন কৰাৰ বাবে প্রয়োজনীয় সামগ্ৰীবোৰ হ'ল-
ক) লৃগগদৰ বাবে কঠীয়া : লৃগগদ কৰোতে কেইবাটাও শস্যৰ বীজ ৰোপণ কৰা হয়। সিবিলাকৰ উল্লেখযোগ্যবোৰ হ'ল-
1. A:m Amro
2. Ali Singkig
3. A:yé = Uli:
4. Ammo Sí:pag
5. Ai Enge/lodor
ওপৰত উল্লেখ কৰা সকলোবিধ শস্যৰ বীজ লগাব নোৱাৰিলেও অন্তঃত পাঁচবিধ বীজ ৰোপণ কৰিব।
খ) 1. কপাহ (Si:pag) ৰ কোচা।
2. মেগেলা বন (Pi:ro aming) চাৰি ডাল।
লৃগগদ কাৰ্য সম্পাদন কৰিবৰ বাবে যুগুত কৰা সকলোবোৰ সামগ্ৰী তিৰোতাগৰাকীয়ে হোৰা (Igin) ত ভৰাই লৈ কান্ধত বা মূৰত ওলমাই আনিব। পুৰুষগৰাকী (Sidbo Abu) এ মাতৃগ (মিট দা) আৰু দাঃনুগ্ (Da:nig) লগত নিব। লগতে লৃগ্ গদ স্থানত উপস্থিত হোৱাৰ লগে লগে Sidbo Abu আৰু Sidbo Ané এ পূবফালে মুখ কৰি থিয় হৈ সম্পাদন কৰিব। Sidbo Abu ৰ লগত অনা মিট দা বা দাঃনৃগয়েদি চহ কৰা মাটিত সৰু সৰু গাত কৰি Sidbo Ané এ হোবা (Igin) ৰ পৰা শস্যৰ বীজবোৰ উলিয়াই গাতবোৰত ৰোপণ কৰি যাব। এইদৰে শস্যৰ বীজ ৰোপণ কৰি থাকোঁতে আশীষ বচন (Lube:Lunam) মাতিব আৰু বচন শেষ হোৱাৰ পাছত ৰোপণ কৰা বীজবোৰৰ ওপৰত মাটিৰ গুৰি চপাই দি বীজবোৰ বি'টিদ (ঢাকি) দিব। ইয়াৰ পিছত পূর্বে উল্লেখিত লুবেঃৰ ক্ৰমানুযায়ী আপং আৰু পানীৰে ৰোপণ কৰা ঠাইত চতিয়াই দি মেগেলা পাতখিনি ধানব থোক ধৰা প্রতীকি হিচাপে ভাঁজ কৰি বান্ধি দি লৃগগদ কার্য সমাপন কৰিব।
তাকু কুবাদ (Taku Kubad):
লুগ্গদ কাৰ্য সম্পন্ন কৰাৰ ঠিক পিছতেই তাকু কুবাদ মাংগলিক কাৰ্য সম্পন্ন কৰা হয়। তাকু কুবাদৰ বাবে প্রয়োজনীয় সা-সামগ্ৰীবোৰ হ'ল
ক) Taku: বাঁহেৰে বিশেষভাৱে নির্মিত বস্তু বিশেষ।
খ) Po:nyog
গ) Take:
ঘ) Kamro
ঙ) Rokpí
চ) Po:ro apong (étung akolo)
ছ) Asi (étung akolo)
বিশেষ স্থানত তাকু স্থাপন কৰি ল'ব। তাকু কুবাদ কৰিবৰ বাবে য়কচা বা সৰু মাৰি এডাল সাজু কৰি ল'ব। তাকু কুবাদ কৰা ব্যক্তিগৰাকীয়ে প্রথমে চুঙা (étung)ত অনা পানী আৰু আপঙেৰে ক্ৰম অনুযায়ী তাকুটোৰ ওপৰত ছটিয়াই পবিত্ৰ কৰি লব। সেইখিনি কৰাৰ পাছত তাকুটো আছাব মাৰি খুলি দিব। (তাকু কুবাদ কাৰ্য কৰোঁতে আঁওৰাবলগীয়া লুবে বা শ্লোক আগৰ পৃষ্ঠাত উল্লেখ কৰা হৈছে)। "নৃগদ আৰু তাকু কুবাদ" কৰাৰ আগমূহুৰ্তত এই স্থানটোৰ চাৰিওফালে ঘড়ীৰ কাঁটাৰ গতিৰ বিপৰীতে (Anti-clockwise) পাঁচবাৰ ঘূৰি গুমৰাগ নৃত্য কৰিব। তেনেকৈ নৃত্য কৰাৰ পাছত "লগ্গদ-কুবাদ" মাংগলিক অনুষ্ঠান অন্ত পৰিব। লুগ্মদ আৰু তাকু কুবাদ মাংগলিক কার্য সম্পাদন কৰোঁতাসকলে পৰিধান কৰিবলগা সাজ-পাৰ -
১) পুৰুষ - গনৰ, লুগৰ, মৌৰপুং ইত্যাদি।
২) মহিলা - কম্বুং, গেৰ', গালোগ আৰু মিচিঙৰ স্বকীয় অলংকাৰ ইত্যাদি।
গেনা (Yodnam):
পাঁচদিনৰ বাবে গেনা পালন কৰিব। খোৱা-বোৱাৰ ক্ষেত্ৰত (Dinsan-Ngosan) শুকান মাছ-মাংস ব্যৱহাৰ কৰিব।