মিচিং সম্প্ৰদায়ৰ লোক উৎসৱ
আলি আয়ে লৃগাঙৰ চমু বিৱৰণ
জ্যোৎস্না দলে
জ্যোৎস্না দলে
বৰ্তমান মিচিং জনগোষ্ঠীৰ মাজত ফাগুন মাহৰ প্ৰথম বুধবাৰে বসন্ত আগমণৰ লগে লগে পৃথিৱীৰ প্ৰকৃতি জীপাল হৈ উঠাৰ লগে লগে আনন্দ উল্লাসেৰে এই কৃষিভিত্তিক উৎসৱ পালন কৰা হয় । মিচিং জনগোষ্ঠীৰ এই এই আলি আয়ে লৃগাঙ উৎসৱ অতীজৰে পৰা পৰম্পৰাগত ভাৱে পালন কৰি আহিছে। আলি আয়ে লৃগাঙত বৰ্হি প্ৰকাশ ঘটে বিভিন্ন কলা কৃষ্টি, ভাষা, গীত, নৃত্য, বায়ন, খাদ্য আদি। এইবোৰৰ জৰিয়তে জাতীয় সংহতি আৰু অস্তিত্ব অক্ষুণ্ণ ৰখাৰ অৰিহনা যোগায়।
প্ৰত্যেক জাতি জনগোষ্ঠীৰ জাতীয় উৎসৱ থকাৰ দৰেই মিচিং জনগোষ্ঠীৰো অন্যতম জাতীয় উৎসৱ হ'ল আলি আয়ে লৃগাং। এই উৎসৱৰ জৰিয়তে নিজৰ জাতীয় ঐতিহ্য সংস্কৃতি জীৱন ধাৰণ প্ৰক্ৰিয়া আৰু নিজৰ জাতীয়তাক ৰক্ষা কৰে। এই উৎসৱটি মিচিং সকলৰ বসন্ত উৎসৱ তথা কৃষিভিত্তিক উৎসৱ।
আলি আয়ে লৃগাঙৰ অৰ্থ হ'ল- আলি মানে মূল বা আলু, আয়েৰ অৰ্থ হ'ল গুটি আৰু লৃগাঙৰ অৰ্থ হ'ল সিচাঁ বা ৰুৱাৰ আৰম্ভনি । অৰ্থাৎ শস্য ৰ গুটি বা বীজ সিঁচাৰ আৰম্ভনি উৎসৱ। সিঁচি দিয়া বা ৰুই দিয়া ধান মাহ আলু কচু আদি অন্যান্য বীজবোৰ সজাৰ ধৰি ভালদৰে ফচল লাগিবৰ বাবে সসন্মানে চেঃদি-মেঃল, দঃনি-পঃল, কাৰ্চিং কাৰ্তাং, কিঃনি-নানৌ, কম্বৌ য়াংগঃ, ৰুগজিৰ মেৰাং, পৌত্তাং-পৌতয়ুং,গুঃমৃন-চঃমৃন আদি সৃষ্টিকৰ্তা চন্দ্ৰ-সূৰ্য, নানা দেৱ দেৱী, চৰাই-চিৰিকতি, পোক পৰুৱা, পূৰ্বপুৰুষ সকলোৰে নামত পূজা-অৰ্চনা কৰা হয়। এই প্ৰৱিত্ৰ আলি আয়ে লৃগাং মিচিং সকলৰ কৃষি কাৰ্যৰ বাহক, গতিকে আলি আয়ে লৃগাং মানে হ'ল কৃষি কাৰ্যৰ আৰম্ভণিৰ এক সূচক । উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত মিচিং সকলে আলি আয়ে লৃগাং নিৰ্দিষ্ট দিনত পতা নাছিল। কিন্তু মিচিং সমাজৰ আটাইতকৈ পুৰণি একমাত্ৰ পিতৃ স্বৰূপ সংগঠন ১৯২৪ চনত গঠিত মিচিং বাঃনৌ কৌবাঙৰ প্ৰচেষ্টাত ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে সকলো মিচিং অঞ্চলত সমূহীয়াভাবে লৃগাং পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
লৃগাঙৰ দিনা ঘৰখনৰ মুৰব্বী/ মুখিয়াল জনে ৰাতিপুৱাতে গা পা ধুই হাতত দা কুৰ লৈ বীজ বা কঠিয়াৰে সৈতে পথাৰত আহি এটা ঠাইত বীজ বা কঠিয়া খিনি ৰুই থৈ আহে নাইবা বাৰীৰ এটা চুকত কুৰ মাৰি পিঃৰ গছ কপাহ আদি সজাই শস্য সিঁচি দঃনি-পঃল অৰ্থাৎ চন্দ্ৰ সূৰ্য, কাৰ্চিং-কাঃতাঃ আদি পূৰ্বপুৰুষৰ স্মৰণ কৰি নৌবেদ্য আগবঢ়োৱা হয়। নৌবেদ্য আগবঢ়োৱা খাদ্যবোৰ হ'ল- পুৰাং (তৰা পাতেৰে সিজোৱা বৰা চাউল), আপং (মদ), ঙচান (শুকান মান) বা দিন চান (শুকান মাংস) আদি। কৃষি কাৰ্যৰ প্ৰতিটো কামতে মিচিং সকলে নৃত্য গীত মাত্ৰ জৰিয়তে সংস্কৃতিক সমৃদ্ধ কৰিছে। লৃগাঙৰ মাংগলিক কাৰ্য সম্পন্ন কৰাৰ পাছত নিমজিৰ আলহীৰ লগত লৃগাং উৎসৱ খোৱা বোৱা আৰম্ভ কৰে । বিশেষকৈ আগদিনা ৰাতি সিজাই থোৱা পুৰাং আপিন, মাছ মাংস, আপং আদিয়েই প্ৰধান আহাৰ । ঠাই বিশেষে সিজোৱা আলু খাদ্যৰ বাবে তৈয়াৰ কৰে । এনেদৰে লৃগাঙত ভোজন চৰাৰ তাৎপৰ্য ও আৰে । যাতে আগৰ বছৰবোৰৰ দৰে খাদ্য সামগ্ৰী উভয়নদী হৈ খাই খাতিব পৰাকৈ শক্তি পোৱাৰ কামনাৰে এই ভোজন ব্যৱস্থা প্ৰচলিত। গাৱঁৰ কণ কণ ল'ৰা ছোৱালীবোৰে লৃগাঙৰ প্ৰথম দিনা ঘৰে ঘৰে গৈ পুৰাং আপিন খুজি খাই নাচ গান কৰে আৰু এনেদৰে খাই বৈ থাকিবলৈ আশীৰ্বাদ দিয়ে।
লৃগাঙৰ দিনা গধুলি হোৱাৰ লগে লগে গাঁৱৰ য়াঃমে মৃম্বীৰ (ডেকা গাভৰু) বিলাকে সাজ পাৰ পৰিধান কৰি লৃগাং চঃনাম (ৰং ধেমালিৰে নচা)ৰ বাবে সাজু হয়। গাভৰু বোৰে ৰিঃবি গাচেঃ আৰু মচাং এগে (ওপৰলৈ ফুল বচা মেখেলা), লগতে মেখেলা চাদৰৰ ওপৰত গেৰ পৰিধান কৰে । আনহাতে ডেকা সকলে গাত মিবু গালুক (চুলা) আৰু গনৰ (খাতি চুৰিয়া) আৰু মূৰত য়াম্বঃ দুমৌৰ আৰু লৌতি দুমৌৰ মৌৰপুং (পুৰুষৰ গামোচা আৰু ফুলাম পাগুৰী) সাজেৰে লৃগাঙত ওলায়।
লৃগাঙৰ মূল আকৰ্ষণৰ প্ৰধান বিশেষত্ব হৈছে গুমৰাগ চঃনাম । সাধাৰণতে গুমৰাগ বা মূল বিষয়বস্তু হৈছে তেওঁলোকৰ দৈনন্দিন জীৱনৰ লগত জৰিয়ত বিভিন্ন সামাজিক চিত্ৰ যেনে- চিকাৰ কৰা, মাছ ধৰা, তাঁত বোৱা খেতি কৰা আৰু চপোৱা আদি । জীৱন নিৰ্বাহৰ লগত লগত জড়িত নানা চিত্ৰৰ প্ৰতিফলন। গুমৰাগ নাচতে দৈনন্দিন কাৰ্য্যকলাপবোৰ প্ৰদৰ্শন কৰাৰ উপৰিও স্বাভাবিকতে গুমৰাগ নৃত্য কৰোঁতে ঐনিতম গোৱা হয়। ঐনিতম হ'ল তেওঁলোকৰ বিচিত্ৰ নিজা বৈশিষ্ট্যৰে সমৃদ্ধ গীত। ঐনিতমত সুখ দুখ হৰ্ষ বিষাদ আনন্দ উল্লাস আদি সকলো ঐনিতমৰ জৰিয়তে প্ৰকাশ পায়।
লিগাঙত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰৰ নাম হ'ল- দুম দুম, লুপি (ঢুল-তাল), তাপুং (বাঁহী), দেন্দন বাদ্য বিশেষ আদি। উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ মানবিশিষ্ট স্বকীয় সংস্কৃতিৰে পৰিপূৰ্ণ গোষ্ঠীটোৱেই হৈছে মিচিং জনগোষ্ঠী । আলি আয়ে লৃগাং মিচিং সকলৰ লোক উৎসৱ । ইয়াক চমুকৈ লৃগাং বুলিও কয়। অসমীয়া জাতিয় উৎসৱ ৰঙালীৰ দৰে বৈশিষ্ট্যপূৰ্ণ। মিচিং সকলে অসমৰ জ্ঞান বিলাক বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ উৎসৱসমূহৰ নিচিনাকে লৃগাঙক অধিক গুৰুত্ব দিয়া হয় । আৰু প্ৰতি বছৰে একে সময়তে পালন কৰা দেখা যায় । সেয়েহে ইয়াক মিচিংসকলৰ জাতীয় উৎসৱ অভিহিত কৰা যায়। কৃষিয়ে মিচিং সকলৰ জীৱিকাৰ মূল। তেওঁলোকে সভ্যতা ঢুকি নোপোৱাৰ আগতেই পাহাৰৰ পৰা ভৈয়ামলৈ প্ৰব্ৰজন কৰোঁতে হাবি বন কাটি জাবৰ জলাই, দা কোৰেৰে মাটি চহাই ঝুম পদ্ধতিৰে কৃষি কৰ্ম কৰি জীৱন জাপন কৰি আহিছে । এই হাবি জংগল কাটি কৰা খেতিত সুফচল পোৱাৰ আশাৰে প্ৰত্যেক বছৰে আলি আয়ে লৃগাং কৃষি উৎসৱ পতাৰ নিয়ম প্ৰচলিত।
সহায়ক গ্ৰন্থ -
(১) কল্পনাক্ৰম (স্মৃতিগ্ৰন্থ ২০১৮-১৯) সম্পাদক ঘনশ্যাম চুংক্ৰাং
(২) মিচিং জনজাতী , হেমচন্দ্ৰ দলে (মুখ্য সম্পাদক) (১৯৬৮-২০১৮) ,জীপেন দলে , সম্পাদনা
(৩) অসমীয়া লোক সংস্কৃতিৰ আভাস ১৯৯৫।