মিচিং নাৰী বয়ন শিল্পৰ ক্ষেত্ৰত যথেষ্ট পাকৈইত। এই কথা তেওঁলোকৰ পৰম্পৰাগত সাজ-পাৰত স্পষ্ট রূপে ফুটি উঠে। সৰু কালৰে পৰা অৰ্থাৎ বালিখেলা বয়সৰ পৰাই মিচিং ছোৱালীয়ে কাপোৰ বোৱাৰ অভ্যাস আৰম্ভ কৰে। তেওঁলোকে (নমেঃ অন্ন) সূতাৰে নিজাকৈ তাঁতশাল পাতি বিশেষ ধৰণে ব' তুলি সৰু সৰু কাপোৰ ব'বলৈ শিকে। পিছলৈ এনে অনুশীলনৰ পৰাই সৃষ্টি হয় পাকৈইত শিপিনীৰ। আগৰ দিনত মিচিং সমাজত যৌথ পৰিয়ালৰ প্ৰচলন আছিল। সেয়ে তেওঁলোকৰ চাংঘৰ সমূহ যথেষ্ট দীঘলীয়া হোৱাৰ লগতে বাৰিষা বানপানীৰ পৰা ৰক্ষা পাবলৈ ওখকৈ নিৰ্মাণ কৰিছিল। ফলস্বৰূপে মিচিং মহিলা সকলে সেই চাংঘৰৰ তলতে তাঁতশাল স্থাপন কৰি কাপোৰ বোৱাৰ সুবিধা কৰি লৈছিল। চাংঘৰৰ তলত তাঁতশাল স্থাপন কৰি কাপোৰ প্ৰস্তুত কৰাৰ এই ব্যৱস্থা বর্তমান সময়তো মিচিং সমাজৰ মাজত পৰলিক্ষিত হয়। মিচিং সমাজত কাপোৰ ব'ব নজনা ছোৱালীৰ আদৰ কম সেয়ে বিবাহৰ ক্ষেত্ৰতো ই অপৰিহাৰ্য্য বিষয় হৈ পৰে। কাৰণ ঘৰখনৰ সকলো সদস্য সাজ-পোচাকৰ ক্ষেত্ৰত মহিলা গৰাকীৰ ওপৰতে নিৰ্ভৰশীল হ'বলগীয়া হয়। মিচিং মহিলা সকলে ঘৰখনৰ সকলো সদস্যৰ বাবে তাঁতশালতে কাপোৰ বৈ উলিয়াই।
মিচিং সমাজ জীৱন আৰু সংস্কৃতিৰ অন্য এক অবিচ্ছেদ্য অংগ হৈছে কৃষি। অতিজৰে পৰা মিচিং সকল বিভিন্ন বতৰত বিভিন্ন কৃষিৰ উৎপাদনৰ লগতে বস্তু সমস্যা সামাধানৰ বাবে কপাহ (চুঃপাগ) খেতিও নিয়মীয়াকৈ কৰিছিল। সাৰুৱা ন মাটিত কপাহৰ উৎপাদন যথেষ্ট পৰিমানে হয়। যিহেতু মিচিং সকল নৈপৰীয়া লোক সেয়ে নৈৰ পাৰৰ সাৰুৱা ন মাটিত কপাহৰ খেতি কৰিছিল। কপাহ গছৰ গুটিবোৰ পকি চিৰাবোৰ ফাটি গ'লে তুলাবোৰ ছিঙি মহিলা সকলে সংগ্রহ কৰে। এই কপাহ সমূহ ছিঙি অনাৰ পিছত ৰ'দত ভালদৰে শুকোৱাই ইয়াৰ পৰা কপাহ আৰু গুটি সমূহ পৃথক কৰা হয়। কপাহৰ পৰা গুটিবোৰ ভালদৰে পৃথক কৰাৰ পিছত ইয়াক কপাহ ধুনা সঁজুলিৰে ধুনি টাকুৰিৰে পাহী কাটি মিৰিজিম কাপোৰৰ সূতা আৰু অন্য বিভিন্ন ধৰণৰ মিহি কাপোৰৰ বাবে বিভিন্ন মিহি সুতা প্রস্তুত কৰি লৈছিল। আৰু এই সূতাৰেই তাঁতশালত মিচিং মহিলা সকলে কাপোৰ প্ৰস্তুত কৰি উলিয়াইছিল। আৰু এনে দৰে মিচিং মহিলা সকলে অতিজৰে পৰা তাঁতশালত কাপোৰ প্ৰস্তুত কৰি নিজৰ লগতে পৰিয়ালৰ চাহিদা পূৰ কৰি আহিছে।
কপাহৰ উপৰিও মিচিং মহিলা সকলৰ সূতা প্রস্তুত কৰাৰ অন্য এক উৎস হৈছে এড়িপলু। অতিজৰে পৰা মিচিং মহিলা সকলে সূতা উৎপাদনৰ বাবে এই এড়িপলু পৰম্পৰাগত ভাবে পুহি আহিছে। এটা জীবন চক্ৰৰ পৰিসমাপ্তিৰ অন্তত এই পলু সমূহ লেটালৈ পৰিণত হয়। এই লেটা সমূহ পূৰত হোৱাৰ পিছত ইয়াৰ পৰা সূতা আহৰণ কৰা হয়। এই সূতাক তাপুম অন্ন (এড়ি সূতা) বুলি কোৱা হয়। এই সূতা সমূহ টাকুৰীৰে মিহিকৈ কাটি তাঁতশালত বোৱাৰ উপযোগী কৰিতোলা হয়। দৰাচলতে এই কাৰ্য ঘৰৰ বৃদ্ধ মহিলা সকলে পালন কৰা পৰিলক্ষিত হয়। এড়ি সূতাৰে মিচিং মহিলা সকলে তাঁতশালত তাপুম গাচৰ (এড়ি চাদৰ) প্ৰস্তুত কৰি উলিয়াই। মিচিং সমাজৰ পুৰুষ মহিলা উভয়ে এই বস্তু পৰিধান কৰিব পাৰে যদিও পুৰুষ সকলে এই তাপুম গাচৰ জাৰৰ দিনত অধিক পৰিমাণে ব্যৱহাৰ কৰে।
মিচিং শিপিনিয়ে দুবিধ তাঁতশালৰ ব্যৱহাৰ কৰে। এবিধ সচৰাচৰ ব্যৱহাৰ কৰা তাঁতশাল আৰু আনবিধ হৈছে মিনিশাল। এই মিনি শালবিধ দুডাল সৰু খুঁটি মাটিত পুতি লৈ তাত এডাল গোল বাঁহৰ মাৰি বান্ধি দিয়ে। আনটো মূৰত কাপোৰৰ বা চামৰাৰ পেটিত আন এডাল কাঠৰ মাৰি বান্ধি লৈ কঁকালত মেৰিয়াই লয়। তাৰপিছত সূতাবোৰ বাতি কৰি লৈ ইয়াক সিডাল মাৰিৰ জোখৰ সমান আন এডাল মাৰিৰে সূতাখিনি চেপি ধৰাকৈ একেলগে জাপি দুইমূৰ টানকৈ বান্ধি লৈ তাঁতখন বোৱা হয়। এনে তাঁতশালত ৰাঁচ বা মাকোঁ ব্যৱহাৰ কৰা নহয়। ইয়াৰ সলনি 'য়াপা' নামৰ এপাট বাঁহৰ চেপেটা মাৰিৰ সহায়ত সূতা সুমুৱাই বোৱা হয়। এনে তাঁতশালত গাপা, গালী, গাদু, চগন, মিবু গালুক, লুংকগ আদি সহজে ব'ব পৰা যায়। ইয়াৰ উপৰিও এই তাঁতশাল সৰু হোৱাৰ ফলত মিচিং মহিলা সকলে খেতি পথাৰলৈ যোৱাৰ সময়তো সহজে লগত লৈ যাব পাৰিছিল আৰু আজৰি পৰত এই তাঁতশালত কাপোৰ বোৱাৰ কাম কৰিব পাৰিছিল। এই তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলি সমূহ হৈছে-য়াপা, তাত্ত্ব, কীবুঃ, তাঃলি, বেঃলং, গুবং, তাঙে আদি। মিচিং সকল পৰবৰ্তী সময়ত অসমীয়াভাষী লোক সকলৰ সংস্পৰ্শলৈ অহাৰ পিছৰপৰাহে সচৰাচৰ অসমত ব্যৱহৃত তাঁতশালৰ ব্যৱহাৰ কৰিবলৈ লৈছিল। কপাহ সূতাৰ পৰা প্ৰস্তুত কৰা গাদু বা মিৰিজিম হৈছে মিছিং সমাজৰ আটাইতকৈ মূল্যবান বস্তু। এই গাদু বা মিৰিজিম মিনি তাঁতশালত প্রস্তুত কৰা হয়। মিনি তাঁতশালত গাদু প্রস্তুত কৰোতে ব্যৱহাৰ কৰা কেইবিধ মান সঁজুলি তলত উল্লেখ কৰা হ'ল-
(১) কৌয়ং (চেৰেকী)
(২) বেঃলেং (জোঙা চেপেটা সঁজুলি, শৰ, হৰিণা বা সুগৰি পহুৰ পিছঠেঙৰ হাড়ৰপৰা সুবিধা অনুসৰি বিশেষ ধৰণে জোঙা কৰি বনোৱা হয়)
(৩) চম্পু বা য়াপা (বাণি সূতা আৰু তাঁত বোৱাত ব্যৱহাৰ কৰা টান কাঠৰ এপাত চেপেটা সঁজুলি
(৪) গৌণ্ডৰ(জাল)
(৫) মুটকন (মৌসিতা)
(৬) বাঁচ আৰু দুপতি
(৭) দুপৃদ (গাদুত নোম দিবলৈ দুই ইঞ্চিকৈ কটা গাদু সূতাৰ টুকুৰা
(৮) পঃপি (টাকুৰী)
(৯) দুকেঃ (গাদুৰ এটা ফাল)
মিচিং সমাজৰ এই গাদু যথেষ্ট মূল্যবান বস্ত্র। আগতে এই গাদু বা মিৰিজিমক বিয়া হোৱা জীয়াৰীৰ লগত জৌতুক হিচাপে দিবলগীয়া হৈছিল। ইয়াৰ উপৰিও এই গাদু বা মিৰিজিমক চহকী পৰিয়ালৰ পৰিচায়ক হিচাপেও বিবেচিত। বর্তমান সময়ত ইয়াৰ ব্যৱহাৰ কমি আহিব ধৰিছে। ইয়াৰ মূল কাৰণ হ'ল প্রকৃত গাদু ব'ব জনা শিপিনীৰ অভাৱ। এইয়া মিচিং সমাজৰ বাবে এক চিন্তনীয় বিষয়।
অসমৰ বিভিন্ন জনগোষ্ঠীৰ তুলনাত সাজ-পাৰৰ ক্ষেত্ৰত মিচিং সকল যথেষ্ট চহকী। এই সংস্কৃতিক চহকী কৰি ৰখাত মিচিং মহিলা সকলৰ যথেষ্ট ভূমিকা আছে। মিচিং মহিলা সকলে তাঁতশালত বৈ উলিওৱা সাজ-পাৰ সমূহত কলাসুলভমনুভাব, জ্ঞান, অভিজ্ঞতা, কল্পনা প্রবণতা আদি স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়। মিচিং মহিলাই তাঁতশালত প্ৰকৃতিৰ সকলো উপাদানকে বন্ধী কৰিব পাৰে। ই বিভিন্ন ধৰণৰ ফুলেই হওঁক বা চন্দ্ৰ, তৰা, চৰাই-চিৰিকটি, জীব-জন্তু, ভাস্কর্য চিত্র, ঐতিহাসিক প্রসিদ্ধ স্তম্ভ আদি যিয়েই নহওঁক কিয়। ৰঙা, নীলা, ক'লা, সেউজীয়া, বেঙুনীয়া মুগা, নীলা, আদি ৰঙৰ বৰ্ণিল সমাহাৰ মিচিং সকলৰ ঐতিহ্যমণ্ডিত, নিজ বস্ত্র সংস্কৃতিৰ আচল চিনাকী।
মিচিং মহিলা সকলে তাঁতশালত প্ৰস্তুত কৰা কেইবিধমান সাজ-পাৰৰ নাম তলত উল্লেখ কৰা হ'ল-
১। কেঁচুবাক বোকোচাত লোৱা কাপোৰ
(ক) নিচৌগ
(খ) চাগবৃ
(গ) চৌকতাগ
২। পুৰুষে পিন্ধা ধুতি আদি-
(ক) উগন (ধুতি)
(খ) গনৱৰ (চুৰিয়)
(গ) গনৰ উগন (বৰচুৰিয়া)
(ঘ) মিবু গালুক (মিবুবে পিন্ধা চোলা)
৩। পুৰুষে পিন্ধা চোলা-
(ক) গালুক (চোলা)
(খ) গাদু গালুক (জিমকোট)
(গ) তুকগ গালুক (বনিয়ন)
(ঘ) মিবু গালুক (মিবুবে পিন্ধা চোলা)
৪। পুৰুষে মূৰত বন্ধা কাপোৰ-
(ক) দুমৌৰ (গামোচা)
(খ) পৌঃতুব (পাগুৰি)
(গ) লৃংককাব (মাফলাৰ)
(ঘ) লৌঃনি দুমৌৰ (এবিধ গামোচা বা পাগুৰি)
৫। অন্যান্য বস্ত্র সকলোৰে বাবে-
(ক) গাদু (মিৰিজিম)
(খ) তাপুম গাচৰ (এড়ি চাদৰ)
(গ) লুমাৰ (কমাল)
(ঘ) য়ুমতাগ গায়িন (সৰু কমাল)
(ঙ) চগন (মোনা)
৬। তিৰোতাই ব্যৱহাৰ কৰা বস্ত্ৰসম্ভাৰ-
(ক) এগে (মেখেলা)
(খ) ৰিয়া (ৰিহা)
(গ) গেৰঃ পুঃচুং আৰু কাম্পমৌ
(ঘ) চৌগৰৌগ
(ঙ) ৰিঃবি
(চ) গাচৌং
(ছ) গালেং
(জ) বৃমবুং
(ঝ) পৌঃৰেঃ
(ঞ) গাপা গাৰেঃ
(ট) এঃপ
৭। কইনাই বিয়াত পিন্ধা বস্ত্র-
(ক) য়াম্ব
(খ) পঃ নিয়াং গাচৰ
(গ) য়াকান এগে, ৰিহা, পটালি, চৌগৰৌগ, ৰিঃবি গাচৰ
সংস্কৃতি বোৱতী নৈৰ দৰে। ঠিক তেনেদৰে যুগৰ পৰিৱৰ্তন হৈ অহাৰ লগে লগে ইয়াৰ প্ৰভাৱ মিচিং বয়ন শিল্প-কলাতো নপৰাকৈ থকা নাই। আগৰদিনৰ দৰে পথাৰত কপাহ খেতিৰ প্ৰয়োজনীয়তাও নোহোৱা হৈছে আৰু সেইদৰে সূতাত ৰং বোলোৱাৰ পদ্ধতিও লুপ্ত হ'ল। বিভিন্ন ধৰণৰ তথা ৰঙৰ সূতা বৰ্তমানৰ বজাৰত সুলভ মূল্যত পোৱা যায়। বিশেষকৈ কপাহী সূতাৰ ক্ষেত্ৰত। এৰী আৰু পাটপলুৰ পালন আৰু প্ৰস্তুতকৰণ এতিয়াও এই সমাজৰ গাঁৱে-ভূঞে প্রচলিত হৈ আছে। তদুপৰি উণ সূতাৰ প্ৰচলনৰ জৰিয়তে অলেখ ডিজাইনৰ কাপোৰ বোৱাত মিচিং তিৰোতাই অধিক সাফল্য লাভ কৰিছে। বয়ন শিল্প-কলা উন্নয়নৰ পথত আগবাঢ়ি গ'লেও মিচিং তিৰোতাই মিমাং গামিগৰ আধাৰত বোৱা বর্ণিল মনোমোহা বস্তুবোৰ সদায় একক আৰু অতুলনীয় হৈ ৰ'ব। বৰ্তমান সময়ত এই মিচিং সস্কৃতিৰ বয়ন শিল্প আৰু তাঁতশাল বিশ্ব দৰ্বাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে।