বিশ্বত বহু মানুহে নিজৰ কৰ্মৰে চানেকি ৰাখি যায়। তেওঁলোকৰ কৰ্মই তেওঁলোকক চিৰদিনৰ কাৰণে সকলোৰে মাজত সদায় জিলিকাই ৰাখে। কোনোৱে যদি হাতত কলম তুলি, কোনোৱে গীতৰ জৰিয়তে সুৰ নিগৰাই, আকৌ কাৰোবাৰ ভৰিৰ নুপূৰৰ শক্তিত নতুবা কাৰো হাতৰ হেংদাংত। মানুহে নানা কৰ্মৰ মাজেৰে জাতিটোৰ কাৰণে, নিজ জনমভূমিৰ কাৰণে নিজকে উৎসৰ্গা কৰি থৈ যায়। এনে এজন মহান অসমীয়া আছিল তৰুণ চন্দ্ৰ পামেগাম। তেওঁ আছিল অসম আৰু মানুহক প্ৰাণ ভৰি ভাল পোৱা অসমীয়া সাহিত্য জগতৰ অনন্য পুৰোধা। সাহিত্যৰ পৃথিৱীত এটা সপোন হৈ অসমৰ পাহাৰ-ভৈয়ামৰ মানুহৰ অন্তৰ আত্মা কঁপাই তেওঁ হিয়া উজাৰি লিখিছিল। অসমীয়া সাহিত্যৰ জগতখন টনকিয়াল কৰি যোৱা জনজাতীয় সাহিত্যিক সকলৰ ভিতৰত তৰুণ চন্দ্ৰ পামেগাম আছিল অন্যতম।
মিচিং সম্প্ৰদায়ৰ মাজৰ পৰা সাহিত্যলৈ বহুল অৱদান আগবঢ়াই থৈ যোৱা, অসম সাহিত্য সভাৰ উপসভাপতিৰ আসন অলংকৃত কৰা তৰুণ চন্দ্ৰ পামেগাম আছিল একেধাৰে কৃতী শিক্ষক, সমাজ সংগঠক, কবি, নাট্যকাৰ,গীতিকাৰ, উপন্যাসিক, সমালোচক, গল্পকাৰ তথা স্বনামধন্য শিল্পী । তেওঁৰ জন্ম হৈছিল ১৯২৪ চনৰ ১৬ আগষ্ট তাৰিখে মাজুলীৰ ২ নং বৰগঞা গাঁৱত।তেওঁৰ পিতৃৰ নাম আছিল বুধবৰ পামেগামৰ আৰু মাতৃৰ নাম গুণেশ্বৰী পামেগাম।
তৰুণ চন্দ্ৰ পামেগামে কমলাবাৰীৰ হেমচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয় আৰু যোৰহাট চৰকাৰী হাইস্কুলত স্কুলীয়া শিক্ষা লাভ কৰিছিল। সেই সময়তে তেওঁ সাদিনীয়া ‘তৰুণ অসম’ কাকতত ’উঠা এটি ক্ষণ, মিৰি ছাত্ৰগণ, আহা কৰোঁ পণ, নহ’বা বিমন’ নামৰ কবিতা এটি প্ৰকাশেৰে সাহিত্য চৰ্চাও আৰম্ভ কৰে। সেই সময়ত মাজুলীত উচ্চ শিক্ষাৰ বিশেষ সুবিধা নাছিল । যোগাযোগ ব্যৱস্থাও অতি নিম্ন পৰ্যায়ৰ আছিল। মাজুলী আধুনিক পৃথিৱীৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ পৰিছিল। সেয়ে তৰুণ চন্দ্ৰে পামেগামে উচ্চ শিক্ষাৰ অনুসৰণৰ বাবে যোৰহাটৰ চৰকাৰী উচ্চ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ মন স্থিৰ কৰিছিল।
উচ্চ শিক্ষাৰ অযুত সপোন বুকুত বান্ধি যোৰহাটলৈ পঢ়িবলৈ যোৱা তৰুণ চন্দ্ৰে পামেগামৰ সপোন আধাতে মৰহি গৈছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়তেই এক অনাকাংক্ষীত পথ দুৰ্ঘটনাত দেউতাকক হেৰুৱাই পৰিয়ালৰ সমস্ত দায়িত্ব কান্ধ পাতি লব লগাত পৰিছিল। আৰ্থিক সংকটে কোঙা কৰা পৰিয়ালক সকাহ দিয়াৰ বাবে তৰুণ চন্দ্ৰে পামেগাম ভাৰতীয় বায়ুসেনা বাহিনীত ভৰ্তি হৈছিল। তেওঁ তাত এবছৰৰো অধিক সময় আছিল। পিছে বায়ুসেনাই তেওঁক জীৱনৰ গতি পথৰ সন্ধান দিব নোৱাৰিলে, কাৰণ ওপজা ভুমি মাজুলীয়ে তেওঁক বাৰে বাৰে হাতবাউলি দি মাতিলে । তৰুণ চন্দ্ৰ পামেগামৰ মাজত অন্তৰ্নিহিত এক সৃষ্টিশীল মন আছিল, তেওঁ বায়ু সেনাৰ প্ৰতি আগ্ৰহী নাছিল, আৰু তেওঁৰ মাজত লুকাই থকা সেই শৈল্পিক সত্ত্বাই তেওঁক জন্মভূমিলৈ উভতিবলৈ বাধ্য কৰাইছিল।
মাজুলীলৈ অহাৰ পিছত তৰুণ চন্দ্ৰ পামেগামে প্ৰথম জেংৰাই এম, ই স্কুলত শিক্ষকতাৰ পাতনি মেলিছিল। সেইয়াই আছিল তৰুণ চন্দ্ৰ পামেগামৰ শিক্ষক জীৱনৰ আৰম্ভণী। পামেগামে ১৯৪৫ চনত সেই বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল। যেতিয়া তেওঁ জেংৰাইমুখত বিদ্যালয়ৰ শিক্ষক হিচাপে কাম কৰি আছিল, তেতিয়া তেওঁ প্ৰি ভেট প্ৰাৰ্থী হিচাপে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ১৯৪৯ চনত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। জেংৰাইমুখ এম.ই. স্কুলত তেওঁৰ শিক্ষকতা জীৱন ৰক্ষা কৰি, তেওঁ ভালেমান সুমধুৰ গান ৰচনা কৰিছিল আৰু মিচিং আৰু অসমীয়া ভাষা দুয়োটাতে কবিতা আৰু বিভিন্ন প্ৰবন্ধ লিখিছিল ।
১৯৫২ চনত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীদেৱে গড়মূৰত এখন এম.ই.বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। সেই বিদ্যালয়তে তৰুণ পামেগামে জীৱনৰ শেষলৈকে প্ৰধান শিক্ষক হিচাপে কাৰ্যনিবাহ কৰিছিল। সেই সময়ছোৱাতে তেওঁ মাজুলী মহাবিদ্যালয়ত অধ্যয়ন কৰি ১৯৬৫ চনত স্নাতক ডিগ্ৰীও লাভ কৰে।
“উঠা এটি ক্ষণ
মিৰি ছাত্ৰ গণ
আহা কৰো পণ
নহ’বা বিমন ।”
কবিতাটো লিখা সময়ত তৰুণ চন্দ্ৰ পামেগাম আছিল মাজুলী কমলাবাৰী আউনীআটি হেমচন্দ্ৰ গোস্বামী হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ। তেওঁৰ উক্ত কবিতাটি ১৯৩৭ চনত বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ দ্বাৰা সম্পাদিত আৰু ডিব্ৰুগড় পৰা প্ৰকাশিত 'তৰুণ অসম' নামৰ সাদিনীয়া বাতৰি কাকতত প্ৰকাশ হৈছিল । সাহিত্যৰ বিশাল জগতখনত এইয়ে আছিল তেওঁৰ প্ৰথম খোজ। এই খোজ পেলোৱাৰ পিছৰ পৰা তেওঁৰ খোজৰ গতি কাহানিও থমকি ৰোৱা নাই বৰঞ্চ তীব্ৰতৰ হৈছিল। কৈশোৰ কালৰ পৰা মৃত্যুৰ সময়লৈকে তৰুণ চন্দ্ৰ পামেগামে সাহিত্যৰ সাধনা কৰিছিল। কবিতা,নাটক, উপন্যাস, প্ৰৱন্ধ, সাধু, চুটি গল্প,মিচিং লৌকিক গীত, মিচিং আধুনিক গীত আদি সাহিত্যৰ নানা ক্ষেত্ৰত তেওঁ যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে।
তৰুণ চন্দ্ৰ পামেগামে কবিতাৰ হাতত ধৰিয়ে কৰিছিল সাহিত্যৰ চৰ্চাৰ পৃথিৱীত ভৰি দিছিল। সাদিনীয়া 'তৰুণ অসম’ কাকতত 'উঠা এটি ক্ষণ, মিৰি ছাত্ৰগণ, আহা কৰোঁ পণ, নহ’বা বিমন’ নামৰ কবিতা এটি প্ৰকাশেৰে সাহিত্য চৰ্চা আৰম্ভ কৰে। এই কবিতাটোৱে কুমলীয়া বয়সতে তৰুণ চন্দ্ৰ পামেগামৰ কাব্যিক প্ৰতিভাৰ চানেকি দাঙি ধৰে।
সন্তানৰ জীৱনত পিতৃৰ আকস্মিক মৃত্যুয়ে মনত কিমান এক ধুমুহাৰ সৃষ্টি কৰে সেই কথা কৈশোৰ কালতে দেউতাকক হেৰুওৱা তৰুণ চন্দ্ৰ পামেগামৰ 'দধিচী' নামৰ কবিতাটোৰ পৰা উমান কৰিব পাৰি। পিতৃ বিয়োগৰ বেদনাত তেওঁ লিখিছিল –
"প্ৰাণৰ দেউতা মোৰ নাই হেনো নাই
চকুৰে দেখোন একো দেখা নাই
পৃথিৱী বিয়পি পৰা মহাসমৰত
সৈনিকৰ নিদাৰুণ চকাৰ তলত
হ'ল মোৰ প্ৰিয় পিতা বিদেশীৰ বলি
কৰি গ'ল ৰাজআলি তেজেৰে ৰাঙলী ।"
পামেগামৰ কবিতাৰ ভাষা আছিল সৰল আৰু আৱেগপূৰ্ণ। তেওঁৰ কবিতাত কাব্যৰ কোমলতা ফুটি উঠিছিল। তৰুণ চন্দ্ৰ পামেগামৰ সাহিত্যই সেই সময়ৰ সমাজত দেখা দিয়া বৰ্ণ বৈষম্য সামাজিক কুসংস্কাৰ, জাতিভেদ ব্যৱস্থা আদিৰ বিৰোদ্ধ গৈ সমাজত সংহতি স্থাপনৰ বাবে প্ৰয়াস কৰিছিল। অসমক প্ৰাণখুলি ভাল পাইছিল। কবিতাৰ মাধ্যমেৰেও তেওঁ অসমীয়া সমাজত একতা স্থাপন কৰাৰ চেষ্টা কৰিছিল। 'আমাৰ ঘৰ' নামৰ কবিতাটোত তেওঁ লিখিছিল -
"...পৰ্বত পাহাৰ সকলো আমাৰ ভৈয়ামৰ নৈ জুৰি
অসম আমাৰ, অসমীয়া আমি, অসম সোণৰ পুৰী।
বাইবেল, গীতা, কোৰান শ্বৰীফে একে বিহুনাম গায়,
কোনে কৰে বাৰু মিছা ভেদাভেদ মিছাতে মাজত পাই। "
এইদৰে তৰুণ চন্দ্ৰ পামেগামে বহু কবিতা লিখিছিল। তেঁওৰ কবিতা পুথি সমূহৰ ভিতৰত, 'কবিতা লেছেৰী', 'কবিতা লেছেৰী বোটলা', 'চকামকা ' মিচিং ঐনিতম, আনুনিতম আদিয়েই প্ৰধান। তেওঁ মিচিং গীত কবিতাও ৰচনা কৰিছিল আৰু সুৰ দি নিজে গাইছিল। ১৯৫০ চনত 'কা:য়ুমনৌ অইয়া', 'চ:য়ুমবিতই' (ধুনীয়াকৈ চেনেহীজনী, সুন্দৰকৈ নাচি দিয়া) শীৰ্ষক এটা স্বৰচিত মিচিং আধুনিক গীত শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ পৰা পোন প্ৰথম প্ৰচাৰিত হয়। তেওঁৰ গীতমূহ পৰৱৰ্ কালত 'তৰুণ চন্দ্ৰ পা:মেগা:মকৌ আনুনি:তম' নামৰ এখন সংকলনত প্ৰকাশ পাইছে।
কবি হিচাপে নিজৰ পৰিচয় কৈশোৰ কালতে দাঙি ধৰা তৰুণ চন্দ্ৰ পামেগামে সাহিত্যৰ অনন্যভাগ উপন্যাস আৰু গল্প শিতানতো অৱদান আগবঢ়াইছিল। বায়ুসেনা বাহিনীত কৰ্মৰত অৱস্থাতে তেওঁ সৈনিকৰ নিয়ম মাফিক সময়ৰ পৰা সময় উলিয়াই ৰচনা কৰিছিল 'শিবিৰৰ শেষ ৰাতি' আৰু 'পঞ্চানন্দৰ সাধু' । কিন্তু এই দুয়োখন কিতাপৰ পাণ্ডুলিপি পিছত পোৱা নগ'ল। তেওঁৰ উল্লেখযোগ্য উপন্যাস আছিল 'পাহাৰী জুৰী', 'সমাজৰ শেষ সীমাত', 'অগ্নিযুগৰ ফিৰিঙতি', 'শেষ ৰাতি' আদি । ইয়াৰে অগ্নিযুগৰ ফিৰিঙতি এখন চোৰাংচোৱাভিত্তিক উপন্যাস।
উপন্যাসৰ সমান্তৰালভাৱে তৰুণ চন্দ্ৰ পামেগাম গল্পৰ চৰ্চাও কৰিছে। বহু আলোচনীত তেওঁ লিখা মেলা কৰিছিল। তেওঁৰ গল্প সংকলন সমূহ হ'ল - 'গল্প- লেছেৰী', 'গল্প সংকলন', 'নীলা খামৰ ফটো', 'পলাশৰ জুই আৰু মিচিং সাধু আদি ।
এজন নাট্যকাৰ হিচাপে, পামেগামক পিতাম্বৰ দেৱ গোস্বামীকে ধৰি বহুতে সন্মান কৰিছিল। তেওঁ এজন লেখক, নাট্যকাৰ, এজন অভিনেতা, একে সময়তে পৰিচালক আছিল।গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ৰাস লীলাৰ পৰা আৰম্ভ কৰি সামাজিক নাটকলৈকে পামেগাম অভিন্ন অংগ হৈ পৰিল । তৰুণ পামেগামেই জেংৰাই অঞ্চলত সামাজিক নাটকৰ লগতে কৃষ্টি সংস্কৃতিৰ বাটকটীয়া আছিল। পীতাম্বৰদেৱ গোস্বামীৰ অনুপ্ৰেৰণাত খাৰজানপাৰ কৃষ্টি সংঘ প্ৰতিষ্ঠা কৰি মিচিং আৰু অনুসুচীত জাতিৰ লোক সকলৰ মাজত ৰাস লীলাৰ লগতে অন্য কৃষ্টি সংস্কৃতিৰ চৰ্চা কৰিছিল ।
তৰুণ চন্দ্ৰ পামেগাম এজন সফল নাট্যকাৰ আছিল। তেওঁৰ কলমৰ শিৰলুত কেইবাখনো যুগময়ী নাটকৰ ৰচনা হৈছিল । তেওঁ ৰচনা কৰা নাটকসমূহ হ'ল - পপীয়াতৰা, নুৰজাহান, চান্দ সদাগৰ, বনবীৰ, ফৰমুলা, খদম্-দম্, সমান্তৰাল, সন্ধি, চোৰ, সংকল্প, ফেঁহুজালি, পৰাচিত, সেতু, আদিয়েই প্ৰধান । এই নাটক সমুহৰ কেইবাখনো নাটক, আকশবাণী ডিব্ৰুগড় আৰু গুৱাহাটীৰ কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰিত হৈ বিপুল জনপ্ৰিয়তা লাভ কৰিলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে, অসৱৰ্ণ বিবাহক মূল বিষয় হিচাবে লৈ ৰচনা কৰা তৰুণ চন্দ্ৰ পামেগাম দেৱৰ শেষ সাহিত্য কীৰ্তি "সেতু" নাট খনে সৰ্বভাৰতীয় পৰ্যায়ত ১৯৮২ চনত অনাতাঁৰ নাট প্ৰতিযোগিতাত ২য় স্থান পাইছিল ।
তৰুণ চন্দ্ৰ পামেগামৰ অনাতাঁৰ নাট 'সমান্তৰাল', 'খদমদম' আৰু'। অনাতাঁৰ যোগে প্ৰচাৰিত নাটত নিজে অভিনয় কৰিছিল । মাজুলীৰ ভাওনাত মহিলাক প্ৰথমবাৰৰ বাবে পুৰুষ চৰিত্ৰত অভিনয় কৰিবলৈ দিয়াৰ ক্ষেত্ৰত তেওঁ আগভাগ লৈছিল বুলি পোৱা যায়। এই দৃষ্টি কোণৰ পৰা তেওঁ এগৰাকী সমাজ সংস্কাৰক ৰুপে চিহ্নিত।
সাহিত্যকৰ্মৰে সমগ্ৰ মিচিং সমাজ তথা অসমত তৰুণ চন্দ্ৰ পামেগামৰ অনন্য চিনাকি গঢ় লৈ উঠিছিল। সাহিত্য চৰ্চাৰ লগতে তেওঁ মিচিং গীত কবিতাও ৰচনা কৰিছিল । আকাশ বাণী ডিব্ৰুগড় কেন্দ্ৰ স্থাপিত হোৱাৰ পাছত তেওঁ বহুতো মিচিং গীত ৰচনা কৰি তাৰ সুৰ দি নিজে কণ্ঠ দান কৰি বাণীবদ্ধ কৰিছিল। নানা আলোচনীৰো সম্পাদনা কৰিছিল।
সাহিত্যৰ মাজেৰে অসমীয়া সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই অনা, সমাজৰ পৰা কু-সংস্কাৰ, অন্ধবিশ্বাস, উচ্চ-নীচ ভেদাভেদ আদি আঁতৰাবলৈ চেষ্টা কৰা তৰুণ চন্দ্ৰ পামেগাম অসম সাহিত্য সভাৰ লগত ওতপ্ৰোত ভাবে জড়িত আছিল । ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈকে প্ৰায় ১৮ বছৰ কাল মাজুলী গড়মূৰ সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰে। তাৰ পিছত তেওঁ ১৯৭৫ চনত অসম সাহিত্য সভাৰ উপ-সভাপতি হিচাপে দায়িত্ব লয়। মিচিং সকলৰ লুপ্তপ্ৰায় পুৰণি সাংস্কৃতিক উপাদানসমূহৰ পুনৰুদ্ধাৰৰ বাবেও তেওঁ দেহে-কেহে কাম কৰিছিল । ১৯৫৩ চনৰ পৰা ১৯৬৫ চনলৈকে বাৰ বছৰ কাল গুৱাহাটী বিশ্ববিদ্যালয়ত মিচিং কৃষ্টিৰ গৱেষণা সহায়কৰূপে নিয়োজিত হৈ কাম কৰিছিল। তৰুণ চন্দ্ৰ পামেগাম অসমত বাবে এজন আদৰণীয় ব্যক্তি আছিল| অসমীয়াৰ বাবে তৰুণ চন্দ্ৰ পামেগামৰ নাম সদা পৰিচিত হৈ ৰ’ব।