০.০০ অৱতৰণিকা :
অসমীয়া ভাষাত কবিতা লিখা মিচিং জনগোষ্ঠীৰ কবিসকলৰ ভিতৰত যোগেন টাইড আছিল অন্যতম। উত্তৰ অসমৰ বিশেষকৈ মিচিং জনগোষ্ঠীৰ গ্ৰাম্য সমাজখনত প্ৰতিনিধিত্ব কৰিছিল তেওঁৰ কবিতাই। যোগেন টাইড আছিল লখিমপুৰৰ ঐতিহাসিক ঘূণাসুঁতিৰ 'সৰিয়হ ফুলৰ' কবি হিচাপে খ্যাত শিক্ষক, বিশিষ্ট সাহিত্যিক আৰু এজন সমাজকৰ্মী। নিজস্ব শৈলীৰে কবিতাত প্ৰাকৃতিক নৈসর্গিকতাক ঐশ্বৰ্যশালী ৰূপত চিত্ৰণ কৰা যোগেন টাইডৰ কাব্য প্ৰতিভা অতুলনীয়। অসমীয়া কবিতাৰ মানচিত্ৰত ঘূণাসুঁতি নামৰ এখন ঠাইক তেখেতে যুগমীয়া কৰিছে। জংকী-পানৈইৰ দেশত সৰিয়হৰ হালধীয়া চিঞাহীৰে নিজস্ব স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হোৱা এইজনা কবিৰ অসমীয়া কবিতাৰ নতুন ৰূপ আৰু বৰ্ণাঢ্য মাত্ৰা সংযোজনত তেওঁৰ সৰব উপস্থিতি আৰু ত্যাগ আমি গভীৰভাৱে উপলব্ধি কৰোঁ।
১.০০ যোগেন টাইডৰ জীৱন :
ঘূণাসুঁতিপৰীয়া এজন প্ৰচাৰবিমূখ অথচ প্ৰতিষ্ঠিত কবি যোগেন টাইডৰ ১৯৬৮ চনত ঘূণাসুঁতিত জন্ম হয়। তেওঁৰ কলমেৰে নিগৰা কবিতাতেই প্ৰাণ পাই উঠিছিল প্ৰকৃতি। ঘূণাসুঁতিৰ বুকুত থাকি তেওঁ কবিতাৰে ঘূণাসুঁতিক দিছিল এক নতুন ৰূপ। ২০২৪ চনৰ ৯ ডিচেম্বৰত বুকুৰ ঘূণাসুঁতি উদং কৰি উভতি নহাৰ বাটেৰে তেওঁ গুছি গʼল।
১.০১ যোগেন টাইডৰ সাহিত্য :
প্ৰাকৃতিক ব্যঞ্জনাৰে ঘূণাসুঁতিক নতুন ৰূপ প্ৰদান কৰা টাইড দেৱৰ অসমীয়া কাব্য সাহিত্যত যথেষ্ট অৱদান আছে। তেওঁৰ তিনিখন কবিতা পুথি প্ৰকাশ পাইছে। তেওঁৰ কবিতা পুথিকেইখন হৈছে 'সৰিয়হ ৰখীয়া এজনী গাভৰু (২০০৩)', 'বৰষুণত গাভৰু জাক', 'আজি ৰাতি থাকি যোৱা হ’লে (২০১৭)'। বিশেষকৈ সৰিয়হৰখীয়া এজনী গাভৰুৱে ৰাইজৰ বিপুল সমাদৰ লাভ কৰে। তেওঁক সেয়ে সৰিয়হ ফুলৰ কবিৰ অভিধা দিয়া হৈছিল।
১.০২ যোগেন টাইডৰ 'আজি ৰাতি থাকি যোৱা হʼলে' কবিতাটোৰ পোনপটীয়া আৰু নিহিত অৰ্থ :
'আজি ৰাতি থাকি যোৱা হʼলে' কবিতাটোত কবিয়ে এজন নৈপৰীয়া আৱাসী আৰু এজন বিশেষ অতিথিৰ কথা কৈছে। চাংঘৰটোৰ খেৰবোৰ, ডাউক চৰাইবোৰ, আপঙ্ সকলোৱে তেওঁৰ সংগ বিচাৰিছে। তেওঁৰ সান্নিধ্যয়ে যেন সকলোৰে মনত নৱ প্ৰাণৰ সঞ্চাৰণ ঘটায়। আৱাসীজনে অতিথিজনক সেই ৰাতিটো তেওঁৰ ঘৰতেই কটাবৰ বাবে বাৰে বাৰে অনুৰোধ কৰিছে। আজিৰ বাবে হʼলেও তেওঁ তেওঁৰ সান্নিধ্য বিচাৰে, সেয়েহে ৰাতিটোৰ আয়োজন, অভাৱ সকলোবোৰ তেওঁতেই উৎসৰ্গা কৰিছে। তেওঁৰ সান্নিধ্যত এনে এক শক্তি আছে যিয়ে নিৰ্মম বাধাকো প্ৰত্যাহ্বান জনাই আগুৱাই যাব পাৰে। যাৰ স্পষ্ট প্ৰকাশ ঘটিছে এনেদৰে–
“ইমান খৰধৰ নকৰিলেও হʼব দিয়ক আজি ৰাতি থাকি যাওক
আজি ৰাতিটোৰ সকলো আয়োজন আজি ৰাতিটোৰ সকলো অভাৱ আপোনাৰ নামত উৎসৰ্গা কৰিবলৈ উঠি পৰি গʼল
এইফালে চাওক, আপুনি থকা কেইদিন ৰ'দৰ নিৰ্মম বাধা পাৰ কৰি কিমান ওখ হʼল বাঁহগছবোৰ”
আৱাসীজনৰ মʼতে সেই ৰাতিটো থাকি গʼলে অতিথিজনৰ বিশেষ ক্ষতি নহয় । তেওঁৰ পত্নী, সন্তানে পলম হোৱাৰ বাবে হয়তো এটোপোলা অভিমান বান্ধিব । পিছে, অভিমান, অভিযোগ অবিহনে জানো জীৱন, জীৱন হৈ থাকিব? জীৱনটো একেবাৰেই ৰং বিহীন হৈ পৰিব । সেইদেখি কবিয়ে কৈছে -
“অভিমান আৰু অভিযোগ নাথাকিলে
জীৱনটো কিবা জলাশয় জলাশয় লাগে”
তেওঁ অতিথিজনৰ সান্নিধ্য বিচাৰে। তেওঁৰ সংগ বিচাৰিম বিচাৰিম বুলি বাৰম্বাৰ হৃদয়ত আশা বান্ধি, সেই আশা প্ৰকাশ কৰাৰ আগতেই আশাবোৰক হত্যা কৰি নিৰাশাৰ ৰূপ দিছিল। তাৰ স্পষ্ট প্ৰকাশ ঘটিছে -
“এনেকুৱা কিমান ৰাতিৰ জন্ম হʼব লগা কিমান প্ৰাতভ্ৰণ মাৰি পেলাইছোঁ”।
তেওঁ অতিথিজন উভতি যাবলৈ বিচৰাৰ অজুহাতবোৰ এটা এটাকৈ প্ৰকাশ কৰি তেওঁৰ সেই অভিপ্ৰায় নসাৎ কৰি পেলাইছে । অতিথিজনে হয়তো অসুবিধাৰ দোহাই দি উভতিব বুলি আৱেগ পাশৰ সহযোগত শব্দৰ মায়াজালেৰে আৱাসীজনে তেওঁক বান্ধি ৰাখিবলৈ চেষ্টা কৰিছে। য'ত তেওঁৰ এক আৱেগিক সুৰ প্ৰকাশ পাইছে –
“আজি ৰাতি থাকিলে আপোনাৰ একো ক্ষতি নহয়
আপুনি ভাবিছে চাগৈ মোৰ অসুবিধাৰ কথা
অসুবিধা থাকেই দিয়কচোন
এজন আলহীক সুধিবৰ জোখাৰে মোৰ ঘৰত সম্ভাৰৰ সিমান অভাৱ নাই”
আজি তেওঁ অতিথি জনক হৃদয়ৰ কথা কʼব, যিখন হৃদয়ে নিজৰ প্ৰিয় বোৰক হেৰুৱাই উচুপি উঠিছিল নিশাৰ অন্ধকাৰত। তেওঁৰ সৈতে বিনিময় কৰিব জীৱনৰ প্ৰত্যেকটো স্তৰৰ নিমিলা অংক বোৰৰ কাহিনী। ইয়াৰ মানুহবোৰে বুজে নৈৰ বিধ্বংসী লীলা, যিয়ে পলকতে নিশ্চিহ্ন কৰিব পাৰে 'ঘৰ' নামৰ সপোনবোৰক; গতিকে এই সপোনবোৰক পুনৰ সজাবলৈ তেওঁলোক সুদৃঢ়, তেওঁলোক প্ৰত্যেকেটো সময়তেই সাজু। নৈপৰীয়া সকলৰ জীৱনৰ যন্ত্ৰণা কবিতাটোৰ জৰিয়তে স্পষ্টকৈ প্ৰতিফলিত হৈছে –
“দুখৰ নীলা নৈ পাৰ কৰি ইয়াৰ মানুহবোৰে দুখক দুখ বুলি নাভাৱে
বিপন্ন ঘৰ সাজি সাজি ইয়াৰ মানুহবোৰে ঘৰক ঘৰ বুলি নাভাবে
হেজাৰবাৰ ঘৰ হেৰুওৱাৰ পিছতো হেজাৰবাৰ ঘৰ সাজিবলৈ সাজু ইয়াৰ মানুহবোৰ”
কবিতাটোৰ জৰিয়তে কবিয়ে এক সামাজিক চেতনা জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছে। দুখীয়াই দুখীয়াৰ দুখ বুজে, কিন্তু ধনীয়ে দুখীয়াৰ দুখ নবুজে। দুখীয়াৰ (খালী পেটৰ) দুখ-যাতনা এই ধনী শ্ৰেণীটোৱে সহ্য কৰিব নোৱাৰে। আৱাসীজনে অতিথিজনক উভতি যোৱাৰ কথা চিন্তা কৰিবলৈ মানা কৰিছে, কাৰণ তেওঁ পুনৰ উভতি যোৱাৰ সমস্ত ব্যৱস্থা ইতিমধ্যে কৰি থোৱা হৈছে-
“উচপিচাই নাথাকিব বুইছে, থাকক ৰাতিটো আৰু!
ৰাতিটো থাকক বৰষুণতো দি আছেই
চিন্তা নকৰিব। নাৱৰীয়াক কৈ থৈছোঁ আপোনাৰ কথা
ৰাতিপুৱা সাত বজাত আপোনাৰ নাও”।
১.০৩ যোগেন টাইদৰ 'আজি ৰাতি থাকি যোৱা হʼলে' কবিতাটোৰ মাজেদি প্ৰকাশ পোৱা প্ৰাকৃতিক ব্যঞ্জনা আৰু সামাজিক চেতনা :
যোগেন টাইদ দেৱে তেওঁৰ এই কবিতাটোৰ মাজেদি প্ৰাকৃতিক জগতৰ বিভিন্ন উপাদানক নিজ কাব্যিকতাৰে এক অন্যতম মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ এই কবিতাটোৱে নৈপৰীয়া, গাঁৱলীয়া, চহা মানুহৰ জীৱনক প্ৰতিনিধিত্ব কৰিছে। পৰিস্থিতিয়ে কেনেদৰে এই নৈপৰীয়া মানুহবোৰক কঠিন সময়তো যুঁজ দিব পৰাকৈ সুদৃঢ় কৰি তুলিছে। জীৱন যন্ত্ৰণা জয় কৰিবৰ বাবে এওঁলোক সকলো সময়তে সাজু।
২.০০ সামৰণি :
'আজি ৰাতি থাকি যোৱা হʼলে' কবিতাটোত বিশেষকৈ নৈপৰীয়া লোকসকলৰ জীৱন যন্ত্ৰণা, সপোনৰ অনিশ্চয়তা আদি কবিয়ে হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। অৱশ্যে, ইয়াৰ সমান্তৰালভাৱে এই লোকসকলৰ দৃঢ়তা, কৰ্ম স্পৃহা, জীৱন সংগ্ৰাম আদি দিশো কবিয়ে তেওঁৰ কবিতাৰ জৰিয়তে চিত্ৰিত কৰিছে।